ETV Bharat / state

Public building River dam at Chirang Bhutan border:ভূটানত প্ৰৱেশ চিৰাঙৰ ভূটান সীমান্তৰ পাঁচ সহস্ৰাধিক লোকৰ

author img

By

Published : Jul 17, 2023, 7:53 PM IST

ৰাইজে নখ জোকাৰিলে নৈ বয় । চিৰাঙৰ ভূটান সীমান্তৰ পাঁচ সহস্ৰাধিক লোকে ভূটানৰ ৩ কি:মি: ভিতৰত প্ৰৱেশ কৰি নিৰ্মাণ কৰিছে লালাই নৈৰ বান্ধ ৷

public making River dam by themselves
চিৰাঙৰ ভূটান সীমান্ত

চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ

চিৰাং, 17 জুলাই : চৰকাৰৰ আশা এৰি ৰাইজ ওলাল নৈৰ বান্ধ নিৰ্মাণৰ বাবে । ৰাইজে নখ জোকাৰিলে নৈ বয়, এই কথাষাৰৰ সত্যতা প্ৰমাণিত কৰি আজি চৰকাৰ প্ৰশাসনে নকৰা কাম হাতত ল’লে ৰাইজে ৷ চিৰাঙৰ ভূটান সীমান্তৰ পাঁচ সহশ্ৰাধিক লোক হাতে কামে লাগিল ভূটানৰ ৩ কি:মি:ভিতৰত । এয়া ভূটানৰ সৰভাং জিলাৰ উমলিং অঞ্চলৰ দৃশ্যে ৷

public making River dam by themselves
চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ

চিৰাঙৰ পৰা ৫ সহস্ৰাধিক লোক তিনি কিলোমিটাৰ খোজকাঢ়ি গৈ লালাই নৈৰ বান্ধ নিৰ্মাণৰ কাম কৰিছে । বিগত ১২ জুলাই তাৰিখে লালাই নৈৰ বান্ধ ছিগি চিৰাঙৰ ভূটান সীমান্তৰ ১০ খন গাঁৱৰ ব্যাপক ক্ষতি হৈছিল বানত । যাৰ বাবে এতিয়া চৰকাৰৰ আশা বাদ দি সোমবাৰে ৩০ খন গাঁৱৰ ৫ সহস্ৰাধিক লোক ওলাই আহি এইদৰে কামত লাগিছে লালাই নৈৰ বান্ধ নিৰ্মাণৰ ৷

public making River dam by themselves
চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ

লালাই নৈৰ বান্ধ নিৰ্মাণৰ কাম চলিছে ভূটানৰ উমলিঙত । ৰাজনীতিৰ উৰ্ধত গৈ সকলো দল-সংগঠন তথা জাতি ধৰ্মৰ লোকে একত্ৰিত হৈ এইদৰে নৈৰ বান প্ৰতিৰোধ কৰিবলৈ বান্ধ নিৰ্মাণৰ কাম কৰিছে সোমবাৰৰ পুৱাৰে পৰা । স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বিপিএফ বা ইউপিপিএল দুয়োটা দলেই বিটিচিত চৰকাৰ গঠন কৰিলে যদিও ভূটান সীমান্তৰ এইসকল লোকক বানৰ পৰা ৰক্ষা কৰাৰ বাবে কোনো কাম কিন্তু নকৰিলে ৷ ফলত ৰাইজে নিজেই কাম কৰিব লগীয়া হৈছে ।

public making River dam by themselves
চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ

বিগত ২০১৬ চনতো এবাৰ এই বান্ধ নিৰ্মাণৰ কাম কৰিবলগীয়া হৈছিল ৰাইজে । এইবাৰ আকৌ এইদৰে ৰাইজে বান্ধ নিৰ্মাণৰ কাম কৰিছে ভূটানৰ লালাই নৈৰ । এই লালাই নৈৰ বান্ধ ছিগি চিৰাঙৰ মালিভিটাকে আদি কৰি দহখন গাঁৱত ব্যাপক ক্ষতি কৰিছিল বানে ।

লগতে পঢ়ক : Chirang flood update: চিৰাঙত বানাক্ৰান্ত ৰাইজৰ বিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.