ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 11, 2022, 5:02 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

২০১৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ১১,৯৭,২৯৪ বিঘা ভূমি নৈৰ বুকুত বিলীন হোৱাৰ বিপৰীতে পৰৱৰ্তী তিনি বছৰত জাহ গৈছে ১,৭৯,৩৯৯ বিঘা ভূমি । অসমৰ ভূ-খণ্ড প্ৰতিবছৰে সংকুচিত হোৱাৰ সমান্তৰালভাৱে গৃহহীন-ভূমিহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল । ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গৰাখহনীয়াত গৃহহীন হৈছে নৈপৰীয়া ৮৬,৫৩৬ জন লোক । কেন্দ্ৰীয় চৰকাৰে অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাটো আশ্চর্যজনক বিষয় ।

Nava Sankalp Sibir: আজিৰে পৰা ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ নৱ সংকল্প শিবিৰ

ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ ‘নৱ সংকল্প শিৱিৰৰ ঘোষণাৱলী কাৰ্যকৰী কৰাৰ উদ্দেশ্যে আজিৰে পৰা ১৪ জুনলৈ অসমৰ জিলাই জিলাই নৱ সংকল্প শিৱিৰৰ (Nava Sankalp Sibir) আয়োজন ।

Hajj pilgrims 2022: পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ গৰাকী হজ যাত্ৰী

দেওবাৰে পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ গৰাকী হজ যাত্ৰী ৷ যাৰ বাবে শনিবাৰে লখিমপুৰৰ নাওবৈচাৰ বঙালমৰাত আমছুৱে আয়োজন কৰে এক সভাৰ ৷ এই সভাত হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় (Hajj pilgrims felicitated in Lakhimpur) ৷

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী

ক্ৰমাৎ বৃদ্ধি পাইছে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰা ৰাজ্যৰ যুৱক-যুৱতীৰ সংখ্যা ৷ কেৰালা, তামিলনাডু আৰু গুজৰাটৰ লগতে বেংগালুৰ, হায়দাৰাবাদ, দিল্লী, মুম্বাই আদি মহানগৰত থিতাপি লৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাই ৷ পিছে ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ।

স্বজনপোষণ কেৱল কংগ্ৰেছতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় : পি চিদাম্বৰম

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ মনোনীত হোৱা কংগ্ৰেছ সাংসদ পি চিদাম্বৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । পৰিয়ালৰ কোনো সদস্য দলত থাকিব বিচাৰিলে তেওঁ পদত্যাগ কৰিবলৈও সাজু (P Chidambaram on family politics)। স্বজনপোষণ কেৱল কংগ্ৰেছৰ ক্ষেত্ৰতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় । কাৰাইকুডিত সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে সাংসদগৰাকীয়ে ।

এটা লাখটকীয়া আম: বিশেষ আমটোক লৈ ৰাজ্যজুৰি চৰ্চ্চা

এটা বিশেষ আমে চকু কঁপালত তুলিছে সকলোৰে ৷ আমটোৰ মূল্য প্ৰায় 1.50 লাখ টকা (Most expensive mango)৷ জাপানৰ এই বিৰল আমৰ প্ৰজাতিটোৰ নাম EGG OF THE SUN ৷

Tripura bye election 2022 : ১৬ গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰাত বিজেপি আৰু কংগ্ৰেছৰ মাজত সংঘাত (Clash between BJP and Congress in Tripura)। দলীয় পতাকা ফালি পেলোৱাৰ অভিযোগত বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছ দলে এজাহাৰ দাখিল কৰিছে । বিজেপি কৰ্মী এনে কাৰ্যকলাপৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ প্ৰাক্তন বিজেপি নেতা তথা আগৰতলাৰ কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনৰ আহ্বান ।

অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোহাৰৰ ৰ'ডেৰে প্ৰহাৰ

সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে এটি ভিডিঅ' ৷ ভিডিঅ'টোৱে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ নাবালকক ফেনত ওলোটাকৈ ওলমাই গৰম লোৰ ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ(Minor assault video viral in Barmer) ৷

দীৰ্ঘদিনীয়া প্ৰেমিক চেম আছঘাৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল ব্ৰিটনি স্পিয়েৰ্ছ

দীৰ্ঘদিনীয়া প্ৰেমিক চেম আছঘাৰীৰ সৈতে বিয়াত বহে ব্ৰিটনি স্পিয়েৰ্ছ ৷ 40 বছৰীয়া তাৰকা গৰাকীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিলে নিজৰ বিয়াৰ ফটো ৷

হিমাচলত কংগনাই আয়োজন কৰিলে ফেমিলি পিকনিকৰ

বলীউডৰ 'কুইন' কংগনা ৰানাৱটে শুকুৰবাৰে মানালীত পৰিয়ালৰ সৈতে বনভোজৰ উপভোগ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.