ETV Bharat / bharat

অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোহাৰৰ ৰ'ডেৰে প্ৰহাৰ

author img

By

Published : Jun 11, 2022, 1:42 PM IST

সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে এটি ভিডিঅ' ৷ ভিডিঅ'টোৱে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ নাবালকক ফেনত ওলোটাকৈ ওলমাই গৰম লোৰ ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ(Minor assault video viral in Barmer) ৷

অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোৰ ৰ'ডেৰে প্ৰহাৰ, মুখ্য অভিযুক্তক আটক
অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোৰ ৰ'ডেৰে প্ৰহাৰ, মুখ্য অভিযুক্তক আটক

বাৰমেৰ, 11 জুন : মানৱৰ সাজত দানৱ ৷ মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাৰমেৰত ৷ এগৰাকী 14 বছৰীয়া নাবালকক ফেনত ওলোটাকৈ ওলমাই গৰম লোৰ ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে(Minor assault video viral in Barmer) ৷

ঘটনা অনুসৰি ৰাজস্থানৰ বাইতু থানাৰ অন্তৰ্গত বাৰমেৰ অঞ্চলত 9 মে' সন্ধিয়া নাবালকজন ঘৰৰ বাহিৰত খেলি থকা অৱস্থাত চুবুৰীয়াই অপহৰণ কৰি লৈ যায় ৷ তাৰ পিছতে নাবালকজনক ফেনত ওলোটাই ওলোমাই বান্ধি লৈ মাৰধৰ কৰাৰ লগতে লোহা গৰম কৰি প্ৰহাৰ কৰাৰ লগতে লোৰ ৰ'ডে মূৰত আঘাত হানে ৷ ইয়াৰ পাছত আঘাটপ্ৰাপ্ত নাবালকগৰাকী গুৰুতৰ অৱস্থাত নিজ বাসগৃহৰ পেলায় থৈ যায় অপহৰণকাৰীয়ে ৷ লগে লগে ঘৰৰ লোকে নাবালকটোক স্থানীয় হাস্পতালত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ কাৰণে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে পৰিয়ালৰ লোকে বাইতু আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ৷ বাৰমেৰৰ আৰক্ষী অধীক্ষক দীপক ভাৰ্গৱে কয় যে এজন নাবালকৰ ওপৰত হোৱা আক্ৰমণৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ ঘটনাৰ তদন্ইত কৰি আৰক্ষীয়ে মুখ্য অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় (Barmer accused arrested) ৷ নাবালকজনে অভিযুক্ত চুবুৰীয়াৰ ঘৰত কাম কৰিবলৈ গৈছিল বুলি আৰক্ষী জানিবলৈ দিয়ে ৷ এই সমগ্ৰ ঘটনাৰ ওপৰত বাইটুৰ উপ আৰক্ষী অধীক্ষকে নিজেই তদন্ত কৰিব বুলি আশ্বাস দিয়ে পৰিয়ালটোক ৷

লগতে চাওক : Kampur flood : বাঢ়নী পানী চাবলৈ গৈ বানত উটিল দুই কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.