ETV Bharat / state

এটা লাখটকীয়া আম: বিশেষ আমটোক লৈ ৰাজ্যজুৰি চৰ্চ্চা

author img

By

Published : Jun 11, 2022, 4:53 PM IST

এটা বিশেষ আমে চকু কঁপালত তুলিছে সকলোৰে ৷ আমটোৰ মূল্য প্ৰায় 1.50 লাখ টকা (Most expensive mango )৷ জাপানৰ এই বিৰল আমৰ প্ৰজাতিটোৰ নাম EGG OF THE SUN ৷

Most expensive mango named Miyazaki Mango in Hojai
এটা লাখটকীয়া আম: বিশেষ আমটোক লৈ ৰাজ্যজুৰি চৰ্চ্চা

হোজাই, 11 জুন : এতিয়া আমৰ বতৰ ৷ আপুনিও চাগে আম খাই ভাল পায় ৷ কিন্তু এই বিশেষ আমটো খাবলৈ আপুনি হাজাৰবাৰ চিন্তা কৰিব লাগিব ৷ এই আমটো ক্ৰয় কৰিবলৈ হ'লে আপুনি খৰচ কৰিব লাগিব এটা মোটা অংকৰ ধন ৷ এই বিশেষ আমটোৰ মূল্য প্ৰায় 1.50 লাখ টকা (Most expensive mango in Hojai)৷

হোজাই জিলাৰ কাকীৰ পদুমপুখুৰীস্থিত চি আৰ পি এফ জোৱান শত্ৰুঘ্ন মুখীয়াৰ ঘৰত হোৱা এই বিশেষ আমগছডাল এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ জোৱানজনে 2021 চনৰ আগষ্ট মাহত কলিকতাৰ এখন নাৰ্চাৰীৰ পৰা 15,00 টকাত এটা আম পুলি ক্ৰয় কৰি আনিছিল ৷ শেহতীয়াকৈ সেই আমগছতে এটা আম লগাত মুখীয়াৰ পৰিয়ালৰ লগতে গাঁৱৰ লোকসকলেও আমটোক লৈ উদ্বিগ্ন হৈ পৰিছে ৷ জানিব পৰামতে মুখীয়াৰ ঘৰত লগা এই আমটো জাপানৰ এটি বিৰল আমৰ প্ৰজাতিৰ যাক কোৱা হয় EGG OF THE SUN ৷

এটা লাখটকীয়া আম: বিশেষ আমটোক লৈ ৰাজ্যজুৰি চৰ্চ্চা

এতিয়া এই আমটোক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে কৌতুহল (Miyazaki Mango) ৷ ইফালে আমটোৰ ৰক্ষণাবেক্ষনক লৈ তৎপৰ হৈছে মুখীয়াৰ পৰিয়ালৰ লোক ৷ এই খবৰ প্ৰচাৰ হোৱাৰ পিছতো বিভিন্ন মাধ্যমতো আমটোৰ দামক লৈ ব্যাপক চৰ্চ্চা লাভ কৰিছে ৷ সচাঁকৈয়ে যদি এইটো EGG OF THE SUN প্ৰজাতিৰ আমৰ সঁচ হয়, তেনেহলে এই আমটো বিক্ৰী কৰিলে মুখীয়াৰ পৰিয়ালে লাভ কৰিব লক্ষাধিক টকা ৷

ইফালে মুখীয়াৰ পিতৃয়ে আমটো বিক্ৰী নকৰি পৰিয়ালৰ সকলোৱে আমটোৰ সোৱাদ লোৱাৰ লগতে গাঁওবাসীকো এই আমাৰ সোৱাদ লবলৈ দিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে চাওক : হোজাইৰ RTU ত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.