ETV Bharat / state

Hajj pilgrims 2022: পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ গৰাকী হজ যাত্ৰী

author img

By

Published : Jun 11, 2022, 4:25 PM IST

দেওবাৰে পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ গৰাকী হজ যাত্ৰী ৷ যাৰ বাবে শনিবাৰে লখিমপুৰৰ নাওবৈচাৰ বঙালমৰাত আমছুৱে আয়োজন কৰে এক সভাৰ ৷ এই সভাত হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় (Hajj pilgrims felicitated in Lakhimpur) ৷

Hajj pilgrims felicitated in Lakhimpur
পবিত্ৰ মক্কালৈ যাব লখিমপুৰৰ ৮৬ জন হজ যাত্ৰী

নাওবৈচা,১১ জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে পবিত্ৰ মক্কালৈ যাত্ৰা আৰম্ভ কৰিব লখিমপুৰৰ বিভিন্ন অঞ্চলৰ হজ যাত্ৰীসকলক । যাৰ বাবে ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে এই হজ যাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান (Training of Haj Pilgrims) কৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

লখিমপুৰৰ হজ যাত্ৰীসকল মক্কালৈ যোৱাৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ শনিবাৰে লখিমপুৰ আমছুৱে আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ (Hajj pilgrims felicitated in Lakhimpur) ৷ য’ত লখিমপুৰৰ এইসকল হজ যাত্ৰীসকলক লখিমপুৰ আমছুৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । শনিবাৰে দুপৰীয়া জিলাখনৰ বঙলামৰা মাৰ্কাজ মজদিছৰ মোছাফিল খানাত আয়োজন কৰা হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো ৷

পবিত্ৰ মক্কালৈ যাত্ৰা আৰম্ভ

উল্লেখযোগ্য যে, এইবাৰ পবিত্ৰ মক্কাত অসমৰ হজ যাত্ৰীসকলে অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচা উজলাই তুলিবলৈ বিশেষ প্ৰচেষ্টা হাতত লৈছে বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, এইবাৰ লখিমপুৰৰ পৰা হজলৈ যাব ৮৬ গৰাকী লোক । ইয়াৰে ৫০ জন পুৰুষ আৰু ৩৬ গৰাকী মহিলা । উল্লেখ্য যে, এই সম্বৰ্ধনা অনুষ্ঠানটোত লখিমপুৰ আমছুৰ সভাপতি বদীউৰ ৰহমানকে ধৰি জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Haj pilgrimage begins on June 4: ঐক্য সেনা অসমৰ উদ্যোগত শিৱসাগৰত হজ যাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.