ETV Bharat / city

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী

author img

By

Published : Jun 11, 2022, 1:58 PM IST

ক্ৰমাৎ বৃদ্ধি পাইছে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰা ৰাজ্যৰ যুৱক-যুৱতীৰ সংখ্যা ৷ কেৰালা, তামিলনাডু আৰু গুজৰাটৰ লগতে বেংগালুৰ, হায়দাৰাবাদ, দিল্লী, মুম্বাই আদি মহানগৰত থিতাপি লৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাই ৷ পিছে ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ।

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী

গুৱাহাটী,১১ জুন: কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে কিন্তু বাস্তৱত এই পৰ্যন্ত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই । চৰকাৰৰ কৰ্মসংস্থাপনমুখী কোনো ব্যৱস্থা নথকাৰ বাবে প্ৰতিদিনেই ৰাজ্যখনত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । সমান্তৰালকৈ অভাৱ ঘটিছে কর্মসংস্থাপনৰ (Underemployment problem in Assam) । শিক্ষিত হোৱাৰ পাছতো উপযুক্ত সংস্থাপন লাভ নকৰাত এতিয়া কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গমন কৰিছে ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী ।

ক'ভিডৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাত এতিয়া পুনৰ কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা ৰাজ্যৰ বাহিৰলৈ ওলাই গৈছে । ইফালে বাহিৰলৈ যোৱা বহু সংখ্যক লোকেই পৰৱৰ্তী সময়ত নিজ ৰাজ্যলৈ ঘূৰি নহাৰ ফলত ৰাজ্যৰ বহু মানৱ সম্পদৰ অপচয় ঘটিছে । আজিৰ তাৰিখত ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতীয়ে কেৰালা, তামিলনাডু আৰু গুজৰাটৰ লগতে বেংগালুৰ, হায়দাৰাবাদ, দিল্লী, মুম্বাই আদি মহানগৰত থিতাপি লৈছে ।

শেহতীয়াকৈ সকলোতকৈ অধিক সংখ্যক যুৱক-যুৱতীয়ে শ্ৰমিক হিচাপে কাম কৰাৰ বাবে কেৰালালৈ গৈছে । ৰাজ্যখনত থকা প্লাইউড কাৰখানা আৰু ৰবৰ উদ্যোগত নিয়োজিত হৈ আছে অসমৰ কেইবা লাখ যুৱক । প্ৰাপ্ত তথ্য অনুসৰি কেৰালাৰ মুঠ শ্ৰমিকৰ প্ৰায় ৩১ শতাংশই হৈছে অসমৰ শ্ৰমিক । আনহাতে চেন্নাই, হায়দৰাবাদ, বেংগালুৰু আদি মেট্ৰপ'লিটান চহৰৰ অভিজাত শ্বপিং মল, হাস্পতাল অথবা কোনো ব্যক্তিগত প্ৰতিষ্ঠানত সুৰক্ষা কর্মী হিচাপেও নিয়োজিত হৈ আছে বহু সংখ্যক অসমীয়া যুৱক ।

লগতে পঢ়ক: অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোহাৰৰ ৰ'ডেৰে প্ৰহাৰ

লক্ষণীয় বিষয় যে, কৰ'ণা কালত বহিঃৰাজ্যত থকা অসমৰ প্ৰায় সংখ্যক যুৱক-যুৱতীয়েই নিজ গৃহলৈ ঘূৰি আহিছিল যদিও অসমত কোনো ধৰণৰ কৰ্মসংস্থাপনৰ সুযোগ উলিয়াব নোৱাৰি এই যুৱক-যুৱতীসকলে পুনৰ বহিঃৰাজ্যলৈ ঘূৰি যাবলৈ বাধ্য হৈ পৰিছে । কৰ’ণাৰ সময়চোৱাত ৰাজ্যৰ অর্থনীতি পুনৰ উদ্ধাৰ কৰাৰ লগতে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱক-যুৱতীসকলক কর্মসংস্থাপন দিয়াৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন আমোলা সুভাষ দাসৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল ।

২০ দিনৰ ভিতৰত উক্ত কমিটীখনে প্ৰতিবেদনো দাখিল কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত কমিটীৰ পৰামৰ্শসমূহৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নহ'ল । সেই সময়ত ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল যে প্ৰব্ৰজিত শ্ৰমিকসকলক এম জি এনৰেগাৰ (Mahatma Gandhi NREGA act) অধীনত জব কার্ড প্ৰদান কৰা হ'ব । কিন্তু প্ৰকৃতাৰ্থত সেয়া সঠিকভাৱে হৈ নুঠিল ।

সেইদৰে শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নহ'ল । উৎপাদনমূলক কাম-কাজত জড়িত হ'বৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলক বেংকে যাতে ঋণ প্ৰদান কৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি দিছিল । কিন্তু ৰাজ্য চৰকাৰৰ এই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । সুভাষ দাসৰ নেতৃত্বাধীন কমিটীয়ে দিয়া হ্ৰস্বকালীন আৰু দীর্ঘকালীন আঁচনিৰ পৰামৰ্শসমূহো পৰি থাকিল ।

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিবনুৱা যুৱক-যুৱতীসকলে সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে । শ্ৰমিকসকলৰ কথাতো বাদেই শিক্ষিতসকলেও উপযুক্ত কর্মসংস্থাপন লাভ নকৰাত হতাশাত ভুগি ৰাজ্য এৰিছে । ইফালে ভয়াৱহ নিবনুৱা সমস্যাৰ বাবেই ৰাজ্যখনত ক্ৰমাৎ অপৰাধৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ।

ইফালে সহজে ধন ঘটাৰ বাবে বহু সংখ্যক যুৱক-যুৱতী ড্ৰাগছৰ দৰে ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে । কিছুসংখ্যকে উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে (Youths from Assam joining ULFA I) । এক অৰ্থত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাই ৰাজ্যখনৰ জনসাধাৰণক কোঙা কৰি পেলাইছে । আনহাতে চৰকাৰে এই জ্বলন্ত সমস্যাৰ সমাধানৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিৰ আঁচনিত অধিক গুৰুত্ব দিছে (Beneficiary scheme Assam) । ইয়াৰ বাবে প্ৰয়োজনত ঋণ লৈছে । কিন্তু ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক: Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.