ETV Bharat / state

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

author img

By

Published : Jun 11, 2022, 3:25 PM IST

২০১৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ১১,৯৭,২৯৪ বিঘা ভূমি নৈৰ বুকুত বিলীন হোৱাৰ বিপৰীতে পৰৱৰ্তী তিনি বছৰত জাহ গৈছে ১,৭৯,৩৯৯ বিঘা ভূমি । অসমৰ ভূ-খণ্ড প্ৰতিবছৰে সংকুচিত হোৱাৰ সমান্তৰালভাৱে গৃহহীন-ভূমিহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল । ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গৰাখহনীয়াত গৃহহীন হৈছে নৈপৰীয়া ৮৬,৫৩৬ জন লোক । কেন্দ্ৰীয় চৰকাৰে অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাটো আশ্চর্যজনক বিষয় ।

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

গুৱাহাটী, ১১ জুন: প্ৰত্যেক বছৰ বাৰিষা বান-গৰাখহনীয়াই অসমৰ আৰ্থ-সামাজিক দিশত প্ৰভাৱ পেলাই আহিছে যদিও আজিলৈকে ইয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । ৰাজ্যখনৰ অন্যতম এটা প্ৰধান জ্বলন্ত সমস্যা হৈ পৰা বান-গৰাখহনীয়াক দিল্লীয়ে কেতিয়াও ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰা নাই । ৰাজ্যবাসী তথা বিভিন্ন দল-সংগঠনে দশক দশক ধৰি এই সন্দৰ্ভত উত্থাপন কৰি অহা দাবীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ গুৰুত্ব লাভ কৰা নাই । ইতিমধ্যে চলিত বছৰৰ প্ৰথমটো বানে উজনি-নামনি,বৰাক উপত্যকাত বিস্তীর্ণ অঞ্চল প্লাৱিত কৰাৰ সমান্তৰালভাৱে গৰাখহনীয়াই প্ৰান্তে প্ৰান্তে সংহাৰ মূৰ্তি ধাৰণ কৰিছে ।

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

বৰাক, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ ভয়ংকৰ গৰাখহনীয়াই ৰাজ্যখনৰ ভৌগোলিক মানচিত্ৰই সলনি কৰি পেলাইছে । উল্লেখ্য যে বিগত আঠ বছৰৰ ভিতৰতেই অসমৰ এক বৃহৎ ভূখণ্ড বিলীন হৈ গৈছে নদীৰ বুকুত । ফলত ক্ৰমাৎ অসমৰ ভৌগোলিক মানচিত্ৰ সংকুচিত হৈ আহিছে । সেইদৰে বছৰি কালৰূপ ধাৰণ কৰা বানে আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি সাধন কৰাৰ লগতে ৰাজ্যবাসীক ঠেলি দিছে চৰম বিপৰ্যয়ৰ গৰাহলৈ । ইমান ভয়াৱহ ক্ষতিৰ পাছতো বান-গৰাখহনীয়াৰ স্থায়ী সমাধান তথা ইয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই (Central government less interest to Assam flood problem) ।

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ এক বিশ্বস্ত সূত্ৰই দিয়া তথ্য অনুসৰি বিগত ২০১৪ চনৰ পৰা ২০২১ চনলৈ মাত্ৰ ৮ বছৰতেই ৰাজ্যৰ প্ৰায় ১৪ লাখ বিঘা ভূমি গৰাখহনীয়াত জাহ গৈছে । ইয়াৰ ভিতৰত ২০১৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ১১,৯৭,২৯৪ বিঘা ভূমি নৈৰ বুকুত বিলীন হোৱাৰ বিপৰীতে পৰৱৰ্তী তিনি বছৰত জাহ গৈছে ১,৭৯,৩৯৮.৫ বিঘা ভূমি । পৰিণতিত অসমৰ ভূ-খণ্ড প্ৰতিবছৰে সংকুচিত হোৱাৰ সমান্তৰালভাৱে হাজাৰ হাজাৰজন লোক ঘৰ-বাৰী হেৰুৱাই উছন তথা ভূমিহীন হৈছে । কেৱল ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰতে গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈছে নৈপৰীয়া ৮৬,৫৩৬ জন লোক ।

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

তথ্য অনুসৰি উক্ত সময়ছোৱাত যোৰহাট জিলাৰ ৩০,৬১৮ বিঘা ৩ কঠা ১৪ লেচা, শোণিতপুৰ জিলাৰ ২৬,০৪১ বিঘা ৮ কঠা ৫২ লেচা, লখিমপুৰ জিলাৰ ২৯,১৯৬ বিঘা ১৭ কঠা ৬৬ লেচা, দৰং জিলাৰ ৪৩,৪০২ বিঘা ৪ কঠা ৪৩ লেচা, ধুবুৰী জিলাৰ ৮৭,০৩৬ বিঘা ৯ কঠা ৪৩ লেচা, শিৱসাগৰ জিলাৰ ৪,১০৩ বিঘা ৮ কঠা ২৪ লেচা, গোৱালপাৰা জিলাৰ ৪৩,৩৯৪ বিঘা ৬ কঠা ২৪ লেচা, বঙাইগাঁও জিলাৰ ২,১৮৮ বিঘা, বিশ্বনাথ জিলাৰ ৯,৮৪৫ বিঘা ৪ কঠা ১৮ লেচা আৰু নলবাৰী জিলাৰ ৪২,৪৫৮ বিঘা ২ কঠা ৯ লেচা ভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে ।

লগতে পঢ়ক: Maitri Bus Service starts: আগৰতলাৰ পৰা পুনৰ আৰম্ভ ইণ্ডো-বাংলা বাছসেৱা

একেদৰে মৰিগাঁও জিলাৰ ১,২৩,৪৪২ বিঘা, ধেমাজি জিলাৰ ৯,৫৭৬ বিঘা, চৰাইদেউ জিলাৰ ৪২৫ বিঘা ১৫ লেচা, গোলাঘাট জিলাৰ ২৭,৮০১ বিঘা ৯ কঠা ২৩ লেচা, কামৰূপ জিলাৰ ৯২,৭৩৪ বিঘা ৫ কঠা ৪১ লেচা, ডিব্ৰুগড় জিলাৰ ৫৬,১৮৬ বিঘা ৪ কঠা ১৯ লেচা, বৰপেটা জিলাৰ ১,২০,৪৯৩ বিঘা আৰু নগাঁও জিলাৰ ১৪,৯৭৭ বিঘা ৬ কঠা ৪০ লেচা ভূমি ইতিমধ্যে নাইকিয়া হৈছে ভৌগোলিক মানচিত্ৰৰ পৰা । বিশ্বৰ বৃহত্তম নদীদ্বীপ তথা মহাপুৰুষীয়া পীঠস্থান মাজুলীৰ অস্তিত্বৰ প্ৰতিও গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে (Majuli is facing danger from erosion)। মাত্ৰ ৫টা বছৰৰ ভিতৰতে মাজুলী জিলাৰ ৪,০৫,০০০ বিঘা মাটি গৰাখহনীয়াৰ কবলত পৰিছে । তদুপৰি বি টি আৰতো তাণ্ডৱৰ সৃষ্টি কৰিছে গৰাখহনীয়াই । বি টি আৰৰ ৩০,২৪৮ বিঘা ১১ কঠা ৩০ লেচা মাটি জাহ গৈছে এই সময়ছোৱাৰ ভিতৰত । একমাত্ৰ নদী নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আঁচনিৰ সঠিক ৰূপায়ণত ব্যৰ্থতাৰ বাবেই ৰাজ্যখনত দশকৰ পাছত দশক ধৰি বান-গৰাখহনীয়াই কালান্তক ৰূপ ধাৰণ কৰাৰ ফলত ই অসমবাসীৰ বাবে জ্বলন্ত সমস্যালৈ পর্যবসিত হৈ পৰিছে ।

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

উল্লেখ্য যে গৰাখহনীয়াই ভেটি মাটি উছন কৰাৰ ফলত বহু লোক গৃহহাৰা-ভূমিহীন হ’বলগীয়া হৈছে । কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৫টা বছৰত যোৰহাট জিলাৰ ২,৪১৫জন, শোণিতপুৰ জিলাৰ ২৭,১১১জন, কাছাৰ জিলাৰ ২৫৫জন, লখিমপুৰ জিলাৰ ২,০৪৩ জন, দৰং জিলাৰ ১৮৬জন, ধুবুৰী জিলাৰ ২,০৬২জন, শিৱসাগৰ জিলাৰ ৭৮জন, গোৱালপাৰা জিলাৰ ২৯৮জন, হাইলাকান্দি জিলাৰ ১২০জন, বঙাইগাঁও জিলাৰ ৬৬জন, বিশ্বনাথ জিলাৰ ১৫৮জন, নলবাৰী জিলাৰ ২,৬১৯ জন, মৰিগাঁও জিলাৰ ১৮,৪২৫ জন, ধেমাজি জিলাৰ ২,০৮৭ জন, চৰাইদেউ জিলাৰ ২জন, গোলাঘাট জিলাৰ ৭৯৩জন, কামৰূপ জিলাৰ ৯,৩৩৭জন, ডিব্ৰুগড় জিলাৰ ৫৯৫জন, বৰপেটা জিলাৰ ৭,১৩৭ জন, মাজুলী জিলাৰ ১০,৫০০ জন আৰু বি টি আৰৰ ২৪৯ জন লোক সংহাৰী গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হ’বলগীয়া হৈছে ।

লগতে পঢ়ক: দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নৰ্থ ইষ্ট এক্সপ্ৰেছ

গৰাখহনীয়াই ৰাজ্যখনত সংহাৰ মূৰ্তি ধাৰণ কৰাৰ পৰিণতিত বছৰি নৈৰ বুকুত বিলীন হৈ গৈ আছে প্ৰায় ৮ হাজাৰ হেক্টৰকৈ ভূমি । অসমত ভূমিৰ জোখৰ হিচাপ অনুসৰি ১ হেক্টৰ ভূমি ৭.৪৭ বিঘাৰ সমপৰিমাণৰ । সেই হিচাপত বছৰি ৫৯,৭৯৯.৫ বিঘাকৈ মাটি একমাত্ৰ গৰাখহনীয়াৰ বাবেই সংকুচিত হৈ আহিছে । এই হিচাপতেই বিগত ৮ টা বছৰত অসমৰ ১৩,৭৬,৬৯২ বিঘা মাটি ইতিমধ্যে জাহ গৈছে নৈৰ বুকুত । এনেদৰে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ ফলত ভূমি-গৃহহীন লোকসকলৰ বহুতেই বছৰৰ ১২ মাহেই শেষ আশ্ৰয়ৰূপে গ্ৰহণ কৰে মথাউৰি বা তেনে কোনো নিৰাপদ স্থান । সৰ্বস্বান্ত এইসকল লোকক এতিয়াও চৰকাৰৰ সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ আঁচনিয়ে ঢুকি পোৱা নাই (Still government not declaring any rehabilitation schemes for erosion effected people) ।

ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি
ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

যাৰ পৰিণতিত বান-গৰাখহনীয়াগ্ৰস্ত দুৰ্ভগীয়া লোকসকলে একবিংশ শতিকাৰ আধুনিক যুগতো দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে । অসম ভূ-খণ্ডক কালৰূপ ধাৰণকাৰী গৰাখহনীয়াই কিদৰে ক্ৰমশঃ সংকুচিত কৰি আনিছে, তাৰ বাস্তৱ ছবিখন স্পষ্ট হৈছে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ তথ্যতো । জলসম্পদ বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই সদৰি কৰা মতে ১৯৫০ চনৰ বৰভূমিকম্পৰ পাছৰ পৰা ইতিমধ্যে গৰাখহনীয়াত ৰাজ্যখনৰ ৪.২৭ লাখ হেক্টৰতকৈও অধিক ভূমি জাহ গৈছে । যিটো ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৭.৪০ শতাংশ । ইমানৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাস্তৱ পদক্ষেপ তথা তৎপৰতা অৱলম্বন নকৰাটো আশ্চর্যজনক বিষয় ।

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা গৰাখহনীয়া নিয়ন্ত্ৰণসহ বান ব্যৱস্থাপনাৰ বিষয়টো ৰাজ্য চৰকাৰৰ এক্টিয়াৰভুক্ত বুলিহে সদৰী কৰি অহা হৈছে । লক্ষণীয়ভাৱে ২০০৫ চনৰ ৫ মে'ত তাদানীন্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অধ্যক্ষতাত কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । যদিহে এই সিদ্ধান্ত কাৰ্যকৰী হ'লহেঁতেন, তেন্তে অসমবাসীৰ বাবে জ্বলন্ত সমস্যা হৈ পৰা বান-গৰাখহনীয়াৰ স্থায়ী সমাধান সম্ভৱ হৈ উঠিলহেঁতেন । বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে এইক্ষেত্ৰত ইতিবাচক সিদ্ধান্ত গ্ৰহণ নকৰিলে বান-গৰাখহনীয়াৰ সংহাৰলীলা অনাগত দিনবোৰতো অব্যাহত থকাটো নিশ্চিত । তাৰ সমান্তৰালকৈ সংকুচিত হৈ থাকিব অসমৰ ভূ-খণ্ড ।

লগতে পঢ়ক: কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.