ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 19, 2022, 1:01 PM IST

Updated : May 19, 2022, 3:00 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

বানৰ প্ৰবল সোঁতে উটুৱাই নিলে কামপুৰ-কঠীয়াতলী সংযোগী মূল পথ

কামপুৰৰ বানৰ বিভীষিকা (Flood situation is remain same in kampur)৷ কপিলী আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাইছে কামপুৰ কঠীয়াতলীৰ ভিন্ন অঞ্চল (Kampur Kathiatali effected by Kapili and Nisari river floods) ৷ পানীৰ তলত ডুব গৈছে কঠীয়াতলীৰ জুমুৰমুৰ, মহগড়, পশ্চিম কাৱৈমাৰী বেঙেনা আটিকে ধৰি কেইবাখনো গাঁও ।

3.50 টকা মূল্যবৃ্দ্ধিৰে 1000 টকীয়া হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ

পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি (Cooking gas prices rise again)। ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকাকৈ বৃদ্ধি । এটা চিলিণ্ডাৰৰ মূল্য হ'লগৈ ১০০৩ টকা ।

বিভিন্ন দাবীৰে মহানগৰীত অংগনবাদী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

গ্ৰেচুইটি প্ৰদান, অৱসৰৰ বয়স ৬৫ বছৰ ধাৰ্যকৰণ আৰু অৱসৰকালীন সাহায্য অবিহনে অৱসৰ প্ৰদান নকৰাৰ দাবীত বুধবাৰে সমাজকল্যাণ বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে (Anganwadi worker demands for retirement compensation)।

কানপুৰত পাকিস্তানীয়ে বিক্ৰী কৰিছিল ৰাম-জানকী মন্দিৰ !

ভাৰতত মন্দিৰ আৰু কিছুমান সম্পত্তি পাকিস্তানী নাগৰিকে বিক্ৰী কৰা বিষয় পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি উত্তৰ প্ৰদেশত (Temple sold off by Pak national in UP Kanpur)। বিষয়টোক লৈ কানপুৰ প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে । সম্পত্তিখিনিক শত্ৰুৰ সম্পত্তি হিচাপে তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ।

যাতায়াত ব্যাহত: বায়ু সেনাৰ হেলিকপ্টাৰেৰে ডিমা হাছাওলৈ খাদ্য সামগ্ৰী যোগান

প্ৰকৃতিৰ ৰোষত ডিমা হাছাও । বানপানী আৰু ভূমিস্খলনৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন (Flood and landslide in Dima Hasao)। শিবিৰত আশ্ৰয় গ্ৰহণ লোকসকলৰ । বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে জিলাখনলৈ খাদ্য সামগ্ৰী যোগান ।

১০ ঘণ্টাৰ অন্তত যাতায়তৰ বাবে মুকলি মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

মুকলি কৰি দিয়া হ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ দৰং জিলাৰ মঙলদৈ শাকতোলোত পথটোৰ এছোৱা বানত বুৰ যোৱাৰ বাবে প্ৰশাসনে পথটোৰে যাতায়াত বন্ধ কৰি দিছিল ৷ ১০ ঘণ্টাৰ অন্তত যাতায়তৰ বাবে মুকলি কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাইপথটো ৷

জলপ্ৰলয়ৰ মাজতে ক্ষোভিত বন্যাৰ্তই জ্বলালে বিধায়কৰ পুত্তলিকা

ৰাজ্যৰ সিংহভাগ অঞ্চল বুৰিছে বানত (Devastating Flood in Assam)৷ শিৱিৰ, মথাউৰি আদিত দুৰ্বিসহ সময় কটাব লগীয়া হৈছে বন্যাৰ্তই ৷ এই দুৰ্যোগৰ সময়তো সমষ্টিবাসীৰ কাষত থিয় নোহোৱা জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ প্ৰকাশ ৰাইজৰ ৷ বানৰ মাজতেই বন্যাৰ্তই জ্বলালে বিধায়কৰ পুত্তলিকা (Flood affected burnt effigy of MLA)৷

বৰাকৰ পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ। বুধবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ ৷

নৱাজুদ্দিন ছিদ্দিকীৰ জন্মদিন বিশেষ: বলীউডৰ পৰা হলীউডলৈ নৱাজুদ্দিনৰ বৰ্ণিল যাত্ৰা

নৱাজুদ্দিন ছিদ্দিকীৰ নাম সেইসকল অভিনেতাৰ তালিকাত আছে যিয়ে কেৱল তেওঁলোকৰ অভিনয়ৰ জৰিয়তে বলীউডত সফলতাৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে । বৰ্তমান লাভ কৰা সফলতাৰ বাবে 12 বছৰ ধৰি অপেক্ষা কৰিব লগা হৈছিল নৱাজুদ্দিনে ।

Cannes 2022: ৰঙা ষ্ট্ৰেপলেছ গাউনত হিনা খান

তিনি বছৰৰ মূৰত কান চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰত্যাৱৰ্তন জনপ্ৰিয় টিভি তাৰকা হিনা খানৰ ৷ ৰঙা ৰঙৰ এটা চকুত লগা গাউন পৰিধান কৰা হিনা খানৰ ৰূপ দেখি আপুনিও পৰিব অভিনেত্ৰীগৰাকীৰ প্ৰেমত ৷

Last Updated :May 19, 2022, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.