ETV Bharat / state

কেনেকৈ নাগালেণ্ড পায়গৈ অসমত চুৰি হোৱা স্কুটী-মটৰ চাইকেল - Scooty stolen from Sonari

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:17 PM IST

নাগালেণ্ডত অসমৰ গভাইত চোৰৰ বৃহৎ নেটৱৰ্ক । অসমৰ চুৰি স্কুটী, মটৰচাইকেল বিক্ৰী হয় নাগালেণ্ডত । সোণাৰিৰ পৰা চুৰি হোৱা স্কুটী আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাচতে পোহৰলৈ আহিল এই ভয়ংকৰ তথ্য ।

Scooty stolen from Sonari rescued in Nagaland by Sonari Police
কেনেকৈ নাগালেণ্ড পায় অসমত চুৰি হোৱা স্কুটী, মটৰ চাইকেল (ETV Bharat Assam)

চৰাইদেউ,৩০ মে': অসমৰ চোৰৰ বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে নগালেণ্ড আৰু অৰুণাচলত । অসমৰ পৰা চুৰি হোৱা স্কুটী আৰু মটৰচাইকেল বিক্ৰী হয় নাগালেণ্ডত । এই অভিযোগ বিভিন্নজনে কৰি অহাৰ সময়ত চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে অসমৰ চোৰৰ লিংক পালেগৈ নাগালেণ্ডত । চৰাইদেউৰ সোণাৰিত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস । কেৱল নিশাই নহয়, সোণাৰিত দিন দুপৰতে চোৰে সন্ত্ৰাস চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ।

ঘটনা অনুসৰি এটা দিনৰ পূৰ্বে সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ প্ৰবীণ শইকীয়া নামৰ লোকজনৰ গৃহৰ পৰা স্কুটী চুৰি হোৱাত সোণাৰি আৰক্ষীক খবৰ দিয়ে । যান-বাহন আৰক্ষী পৰিদৰ্শক মৃদুল বৰুৱা আৰু সোণাৰি আৰক্ষীয়ে অনুসন্ধান চলাই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে চোৰটোক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত চোৰটোক জেৰা চলাই সোণাৰি আৰক্ষীয়ে নগালেণ্ডত স্কুটীখন বিক্ৰী কৰাৰ খবৰ পাই স্কুটীখন নগালেণ্ডৰ পৰা বুধবাৰে নিশা উদ্ধাৰ কৰি আনি গৰাকীক চমজাই দিয়ে । AS-04-T-9722 নম্বৰৰ স্কুটীখন নাগালেণ্ডত ৬০০০ টকাত বিক্ৰী কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

ইফালে ড্ৰাগছ আসক্ত যুৱক সুৰজিৎ সিনহাক স্কুটীখন চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰি বৃহস্পতিবাৰে জেললৈ প্ৰেৰণ কৰে যদিও এই ঘটনাৰ লগত জড়িত আন দুটা চোৰ বৰ্তমানেও পলাতক । এই ঘটনাই প্ৰমাণ কৰিছে অসমৰ পৰা চুৰি হোৱা স্কুটী,মটৰচাইকেল বিক্ৰী হয় নাগালেণ্ড আৰু অৰুণাচলত । এই চুৰি চক্ৰটোক নাকি লগাবলৈ আৰক্ষী সক্ষম হ'ব নে নাই সেয়াহে সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: তেজপুৰত গ্ৰাহকৰূপী বাইক চোৰৰ বিলৈ; বাইক ক্ৰয় কৰি চালান দিয়ে বাংলাদেশলৈ

চুৰি কৰা বাইকেৰে বন্ধুক লৈ গৈছিল প্ৰেয়সীক লগ কৰিবলৈ, বশিষ্ঠত পৰিল ধৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.