তেজপুৰত গ্ৰাহকৰূপী বাইক চোৰৰ বিলৈ; বাইক ক্ৰয় কৰি চালান দিয়ে বাংলাদেশলৈ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 8:37 PM IST

thumbnail

তেজপুৰ, ১০ ফেব্ৰুৱাৰী : তেজপুৰত গ্ৰাহকৰূপী বাইক চোৰৰ বিলৈ ৷ মটৰ চাইকেল কৌশলেৰে ক্ৰয় কৰিবলৈ আহি কেতেকীবাৰীত হাতেলোটে ধৰা পৰে দুটা চোৰ ৷ তাৰ পাচত ৰাইজে দুয়োকে ধৰিবান্ধি চমজাই দিয়ে আৰক্ষীক ৷ ধৃত চোৰ কেইটা নগাঁৱৰ চামগুৰিৰ আমদাদুল ইছলাম আৰু মফিজুল ইছলাম বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, পোহৰলৈ আহিছে এইবাৰ বাইক চোৰৰ নতুন কৌশল ৷ অভিযোগ অনুসৰি, ধৃত আমদাদুল আৰু ইছলামে প্ৰথমে ৫-২০ হেজাৰ টকাৰ টোপ দি গ্ৰাহক সজাই কোনো লোকক ৷ তাৰ পাচত গ্ৰাহকক লৈ উপস্থিত হয় নিৰ্দিষ্ট বাইক ডিলাৰত ৷

প্ৰথম কৃষ্টিৰ ধন দি বাইক লৈ উধাও হয় চোৰৰ দল ৷ পিচত ফাইনেঞ্চ কোম্পানিৰ লোকে বাইক ক্ৰয় কৰোতাক বিচাৰি হাবাথুৰি খাব লগীয়া হয় ৷ বিগত কিছু দিনৰ পৰা ফাইনেঞ্চ কোম্পানীৰ লোকে উক্ত দলটোক বিচাৰি হাবাথুৰি খাই আছিল ৷ শনিবাৰে দিন বেয়া আছিল দুই বপুৰাৰ ৷

লগত লৈ অহা গ্ৰাহকে সঁচা কথা কোৱাৰ পিচতে ওলাই পৰে জোলোঙাৰ মেকুৰী ৷ পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত দুই বাইক চোৰক ধৰি কছাৰীগাঁও আৰক্ষীক চমজাই দিয়ে ৷ এই চোৰ কেইটাৰ লগত এটা বৃহৎ ৰেকেট জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে ভুক্তভোগী ৰাইজে ৷

অভিযোগ অনুসৰি ধৃত চোৰ কেইটাই অতি কৌশলেৰে বাইক ক্ৰয় কৰি চালান দিয়ে বাংলাদেশলৈ ৷ অৱশ্যে আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব সকলো তথ্য ৷

লগতে পঢ়ক : দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মহম্মদ আব্দুলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.