ETV Bharat / state

দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মহম্মদ আব্দুলা

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:33 PM IST

Updated : Feb 10, 2024, 7:55 PM IST

Foreigner arrested in Guwahati
দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন বিদেশী নাগৰিক

Foreigner arrested in Guwahati : দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন বিদেশী নাগৰিক ৷ নাম মহম্মদ আব্দুলা ৷ ২০১৮ তে ভিছাৰ ম্যাদ উকলি যোৱাৰ পাচতো নিজ দেশলৈ ঘূৰি যোৱাৰ বিপৰীতে ভাৰততে আছিল মহম্মদ আব্দুলা ৷

দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন বিদেশী নাগৰিক

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন বিদেশী নাগৰীক ৷ ভিছাৰ ম্যাদ উকলাৰ পিচতো ঘূৰি যোৱা নাছিল লোকজন ৷ ২০১৮ তে ভিছাৰ ম্যাদ উকলিছিল বিদেশী নাগৰীকজনৰ ৷ দক্ষিণ আফ্ৰিকাৰ ঘানাৰ বাসিন্দা ধৃত বিদেশী লোকজন ৷ ধৃত লোকজনৰ নাম মহম্মদ আব্দুলা ৷ কি উদ্দেশ্যৰে আহিছিল, তাৰ উত্তৰ বিচাৰি জেৰা অব্যাহত লোকজনক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভিছাৰ ম্যাদ উকলাৰ পিচতো কিয় ৫ বছৰ পৰ্যন্ত ঘূৰি যোৱা নাছিল ? বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ তদন্ত কৰিছে দিছপুৰ আৰক্ষীয়ে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই ।

জানিব পৰা মতে, দক্ষিণগাঁৱৰ পৰা মহম্মদ আব্দুলাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ বৰ্তমান স্বাস্থ্যপৰীক্ষাৰ বাবে নিয়া হৈছে ধৃত নাগৰিকজনক ৷ শেহতীয়া তথ্য অনুসৰি, হালোৱাটিং ফুটবল ক্লাৱত ফুটবল খেলিবলৈ আহিছিল ধৃত মহম্মদ আব্দুলাই ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰতো এনে এক ঘটনা সংঘটিত হৈছিল । ৰাচিয়াৰ আলেকজেণ্ডাৰ নামৰ যুৱকজনে অশিষ শৰ্মাৰ নামৰ লোকজনৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গোচৰ দিছিল দিছপুৰ আৰক্ষী থানাত । তেতিয়াই পোহৰলৈ আহিছিল আলেকজেণ্ডাৰৰ ভিছাৰ ম্যাদ উকলিছিল ।

ৰাছিয়াৰ আলেকজেণ্ডাৰক ডিব্ৰুগড়ৰ আশীষ শৰ্মাই প্ৰবঞ্চনাৰে ১১ হাজাৰ ৭ টকা সৰকালে বুলি অভিযোগ কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল আলেকজেণ্ডাৰে । কলকাতালৈ বিশ্বকাপ ক্ৰিকেট চাবলৈ যোৱাত আশীষৰ চিনাকী হৈছিল আলেকজেণ্ডাৰৰে । কলকাতা ৰেলৱে' ষ্টেচনত চিনাকি হৈছিল দুয়ো ।

গুৱাহাটীৰ উলুবাৰীস্থিত ISKON মন্দিৰত অহাৰ বাবে আলেকজেণ্ডাৰৰ মাতৃৰ বেংক একাউণ্টৰ পৰা আশীষৰ একাউণ্টলৈ পঠিওৱা হৈছিল ধন । ৰাঁচী, দাৰ্জিলিং ঘূৰি আশীষৰ সৈতে গুৱাহাটী পাইছিল আলেকজেণ্ডাৰ । গুৱাহাটীত উপস্থিত হোৱাৰ পিচত আশীষে জানিছিল আলেকজেণ্ডাৰৰ ভিছাৰ ম্যাদ উকলাৰ কথা ।

আলেকজেণ্ডাৰ থকাৰ বাবে এটা ভাড়াঘৰ বিচাৰি গৈছিল আশীষে । ভাড়াঘৰৰ মালিকে ষ্পষ্ট কৰিছিল ৰাছিয়ান ভিছাৰ ম্যাদ ওকলাৰ কথা । তাৰ পিচতেই দিছপুৰৰ ল'জত দুটা নিশা কটাইছিল দুয়ো । আলেকজেণ্ডাৰে কৰা অভিযোগ অনুসৰি বিভিন্ন সময়ত আশীষে ভাবুকি দিছিল আলেকজেণ্ডাৰক ।

আলেকজেণ্ডাৰৰ মাকে দিয়া টকা বিচাৰিলেই হাৰাশাস্তি কৰাৰ অভিযোগ আশীষৰ বিৰুদ্ধে । সোমবাৰে দিছপুৰ থানাত আশীষৰ বিৰুদ্ধে এজাৰ দাখিল কৰিছিল আলেকজেণ্ডাৰে ।

লগতে পঢ়ক : তিনিচুকীয়াত ৰে’ল লাইনত অঘটন : কথমপি প্ৰাণৰক্ষা চাৰি আৰোহীৰ

Last Updated :Feb 10, 2024, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.