তিনিচুকীয়াত ৰে’ল লাইনত অঘটন : কথমপি প্ৰাণৰক্ষা চাৰি আৰোহীৰ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 4:40 PM IST

thumbnail

তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ মাকুম পথৰ ৰে'ল লাইনত আজি সংঘটিত হয় এক ভংকৰ দুৰ্ঘটনা ৷ AS 04 U7677 নম্বৰৰ এখন বাহনক শিৱধাম মন্দিৰৰ সমীপত ৰে'ল লাইনত ৰে'লে খুন্দিয়ায় । ফলত বাহনখনৰ যথেষ্ট পৰিমানে ক্ষতিসাধন হয় । অৱশ্য়ে সৌভাগ্যক্ৰমে বাহনখনৰ আৰোহী কেইগৰাকীৰ জীৱন ৰক্ষা পৰে । বাহনখনৰ চালকজনে উল্লেখ কৰা মতে, তেওঁলোকৰ বাহনখনে ৰে'ল লাইন অতিক্ৰমিব ধৰোতেই এই ঘটনাটো সংঘটিত হয় ।  

উপস্থিত বুদ্ধিৰ বলত চাৰিওগৰাকী আৰোহীয়ে বাহনখনৰ নামি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে ইয়াৰ পূৰ্বেও ৰে'লগেট নথকা হেতুকে উক্ত স্থানত সংঘটিত হৈ আহিছে বহুকেইটা দুৰ্ঘটনা । এই দুৰ্ঘটনাত কেইগৰাকীও লোক হ'ব লগা হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত । পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষীৰ লগতে ৰে'ল আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷  

লগতে পঢ়ক:মেধাৱী ছাত্ৰীক স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.