ETV Bharat / state

মেধাৱী ছাত্ৰীক স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 2:39 PM IST

Money Dimand for granting scooty: দেৰগাঁৱত বাণীকান্ত কাকতি আঁচনি ২০২৩ বৰ্ষ অধীনত মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে প্ৰদান কৰা স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ । আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগী ছাত্ৰীৰ ।

Allegations of collecting money for granting scooty in Dergaon
মেধাৱী ছাত্ৰীক স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ
মেধাৱী ছাত্ৰীক স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

গোলাঘাট,১০ ফেব্ৰুৱাৰী : ৰাজ্যৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক উৎসাহ, প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে চৰকাৰে প্ৰদান কৰিছে বাণীকান্ত কাকতি বঁটা । নিজৰ মেধাৰ বলত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছে এই বঁটা । পিছে এইবাৰ বাণীকান্ত কাকতি বঁটাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে ।

দেৰগাঁৱত ৰাজ্য চৰকাৰে যোগান ধৰা মেধা সম্পন্ন ছাত্ৰীক প্ৰদান কৰা স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিলেখ শইকীয়া নামৰ এজন ব্যক্তিৰ মোবাইলত গুগ'ল পে' কৰাৰ পাছতহে সংগ্ৰহ কৰিলে স্কুটী । স্কুটী আনিবলৈ যোৱা ছাত্ৰীক ফোন যোগে ধন বিচৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰীগৰাকীৰ । দেৰগাঁৱৰ বহু সংখ্যাক ছাত্ৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে ।

অনলাইন যোগে ২৫০০ টকাকৈ ধন সংগ্ৰহ কৰাৰ প্ৰমাণ দিয়ে ছাত্ৰীগৰাকীয়ে । চৰকাৰী বঁটাৰ নামত সংগ্ৰহ কৰা ধন আদায় দি স্কুটী সংগ্ৰহ কৰি অৱশেষত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী ছাত্ৰীগৰাকী । দেৰগাঁৱৰ ৰেডিয়েন্ট কলেজৰ দুই ছাত্ৰী হিমাদ্ৰী বৰঠাকুৰ আৰু চুম্পি চেতিয়াই বাণীকান্ত কাকতি বঁটাৰ নামত ধন লোৱাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত ন্যায় বিচাৰি দাখিল কৰে এজাহাৰ । আৰক্ষী তদন্তহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

এতিয়া প্ৰশ্ন হয় যি সময়ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে শূণ্যসহনশীলতাৰ কথা কৈ দুৰ্নীতি নিৰ্মূল কৰি আহিছে ঠিক তেনে সময়তে দেৰগাঁৱত চৰকাৰী বঁটাৰ নামত ধন দাবী কৰা কাৰ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ'ব লক্ষ্যনীয় বিষয় ।

লগতে পঢ়ক : এৰাবাৰীত পৰিণত বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.