ETV Bharat / state

এৰাবাৰীত পৰিণত বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 1:53 PM IST

Amguri Muga mould development project is ruined
এৰাবাৰীত পৰিণত বৰাহীবাৰী মুগা সঁচ উন্নয়ণ প্ৰকল্প

Amguri Muga mould development project: ধ্বংসমুখী ৰাজ্যৰ ৰেচম বিভাগৰ অন্তৰ্গত বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প । বৰাহীবাৰীস্থিত উন্নয়ণ প্ৰকল্পৰ বিষয়াৰ চূড়ান্ত কৰ্মহীনতাৰ কাৰণে কেইবা শতাধিক কলম দিয়া চোমগছ মৰি কাঠলৈ ৰূপান্তৰ । ৰাজ্যৰ ৰেচম বিভাগক পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান ।

এৰাবাৰীত পৰিণত বৰাহীবাৰী মুগা সঁচ উন্নয়ণ প্ৰকল্প

আমগুৰি, ১০ ফেব্ৰুৱাৰী: ৰাজ্যৰ ৰেচম বিভাগৰ অন্তৰ্গত বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প ধ্বংস গৰাহলৈ গতি কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বৰাহীবাৰীস্থিত উন্নয়ন প্ৰকল্পৰ বিষয়াৰ চূড়ান্ত কৰ্মহীনতাৰ কাৰণে কেইবা শতাধিক কলম দিয়া চোমগছ মৰি কাঠলৈ পৰ্যবেসিত হোৱাত মুগাপালকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এবছৰৰ পূৰ্বে বৰাহীবাৰী মুগা ফাৰ্মৰ অন্তৰ্গত ঘিলাধাৰী চাপৰিত বহুবিঘা ভূমিৰে আৱৰি থকা চোমগছ একাংশ ঠিকাদাৰে জধে-মধে পূৰঠ নোহোৱা গছ কলম দিয়াৰ কাৰণে চোমগছ বিলাক মৰি কাঠগছলৈ পৰ্যবেসিত হৈছে ।

কেইবাবিঘা ভূমিৰে আৱৰি থকা চোমগছ কাঠগছলৈ পৰ্যবেসিত হোৱাত মুগাপালকৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ৰেচম বিভাগৰ চূড়ান্ত দায়িত্বহীনতা আৰু জধে-মধে চোমগছ কাটি পৰিচৰ্যাৰ অভাৱত বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ন প্ৰকল্প মৃত্যুমুখলৈ গতি কৰাৰ অভিযোগ উত্থাপিত হৈছে । আমগুৰিৰ টাই আহোম যুৱ পৰিষদ আৰু আমগুৰি নৱ নিৰ্মাণ সেনাই শিৱসাগৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত তদন্ত কৰি দোষী বিষয়াক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে ।

বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্পৰ বিষয়া আৰু কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে কেইবা শতাধিক চোমগছ কাঠলৈ পৰ্যবেসিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে সমগ্ৰ এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ বুলি খ্যাত মুগা সঁচ উন্নয়ন প্ৰকল্পটো ১৯৭১ চনতে প্ৰায় ৩০০ বিঘাৰো অধিক মাটিত স্থাপন কৰা হৈছিল । চৰকাৰী অৱহেলাৰ বাবেই এছিয়াৰ সৰ্ববৃহৎ মুগা সঁচ উন্নয়ন প্ৰকল্প হিচাপে খ্যাত বৰাহীবাৰী প্ৰকল্প এতিয়া পৰিণত হৈছে এৰাবাৰীত ।

বৰাহীবাৰী প্ৰকল্পত প্ৰায় ১১ হাজাৰৰো অধিক চোম গছ আছে । এই চোম গছসমূহত মুগা পালন কৰিছিল অঞ্চলটোৰ বহু মুগা পালকে । মুগা পালকসকলে বছৰি যথেষ্ট পৰিমাণে উপাৰ্জনো কৰিছিল । বৰ্তমান চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অৱহেলাত এৰাবাৰীত পৰিণত হোৱা এই প্ৰকল্পটোত পুনৰ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে কেইবাশতাধিক গছ মৰি যোৱাত অস্তিত্বৰ প্ৰতিও ভাবুকি নামি আহিছে ।

নামত মাত্ৰ চলি থকা প্ৰকল্পটোত মুগা সঁচৰ উন্নয়নত প্ৰদান কৰা নহয় কোনো গুৰুত্ব । মুগা সঁচ উন্নয়নৰ নামত মুগা পালকৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ বিনিময়ত মুগা পালকক যোগান ধৰা মুগা সঁচ অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰে মুগা পালকে । চৰকাৰ আৰু বিভাগীয় অৱহেলাত এই প্ৰকল্পটোত নিগাজিকৈ থকাৰ বাবে নাই কোনো সু-ব্যৱস্থা । যাৰ পৰিণতিত কাৰ্যালয় বন্ধ থকাৰ দিনকেইটাত প্ৰকল্পটো চোৱা-চিতা কৰিবলৈ কোনো নাথাকে । দুৰ্ভাগ্যৰ বিষয় যে, যি চাৰিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, তেওঁলোক থাকিবৰ বাবে নাবাৰ্ডৰ সহযোগত প্ৰকল্প চৌহদত নিৰ্মাণ কৰা ঘৰকেইটাতো আজি পৰ্যন্ত নাই সু-ব্যৱস্থা । ৰাজ্যৰ ৰেচম বিভাগক শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে ভুক্তভোগী মুগা পালকসকলে ।

লগতে পঢ়ক: বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন জব্দ; গ্ৰেপ্তাৰ 7 সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.