বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন জব্দ; গ্ৰেপ্তাৰ 7 সৰবৰাহকাৰী
কাছাৰৰ দিগৰখালত বিগত 24 ঘণ্টাত বলেৰ’, স্ক’ৰপিঅ’সহ মুঠ 12 খন বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন জব্দ । গ্ৰেপ্তাৰ 7 সৰবৰাহকাৰী । উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি ।

Published : February 10, 2024 at 11:21 AM IST
কাছাৰ, 10 ফেব্ৰুৱাৰী: বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান ৷ অভিযানত আৰক্ষীয়ে জব্দ কৰে এখন দুখন নহয় মুঠ 12 খন বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন ৷ যোৱা 24 ঘণ্টাত আৰক্ষীয়ে কাছাৰৰ দিগৰখালত অভিযান চলাই বিলাসী বলেৰ’ আৰু স্ক’ৰপিঅ’ বাহনসহ মুঠ 12 খন বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন জব্দ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীৰ চকুত ধূলি দি এইসমূহ ব্যক্তিগত বাহনেৰে বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে অসম-মেঘালয়ৰ সীমান্তত থকা কাছাৰ আৰক্ষীৰ নাকা চেকিং গেটত আৰক্ষীয়ে জব্দ কৰে বাহনকেইখন । উল্লেখ্য যে, আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো যেন কাছাৰত বন্ধ হোৱা নাই বাৰ্মিজ চুপাৰিৰ এই অবৈধ বেহা । আৰক্ষীৰ চকুত ধূলি দি প্ৰতিদিনেই বাৰ্মিজ চুপাৰি সৰবৰাহৰ ক্ষেত্ৰত নিতৌ নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে চোৰাং সৰবৰাহকাৰীয়ে আৰু এইবাৰ তেনে এক কৌশল অৱলম্বন কৰি ব্যক্তিগত যাত্ৰীবাহী বাহনেৰে বাৰ্মিজ চুপাৰি সৰবৰাহৰ কৰাৰ সময়তে কাছাৰৰ দিগৰখালত গুমৰাহ আৰক্ষীৰ জালত পৰে চোৰাং সৰবৰাহকাৰী ।
কাছাৰ জিলাৰ পৰা বিলাসী বাহনসহ বিভিন্ন ব্যক্তিগত বাহনেৰে বহিঃৰাজ্যত সৰবৰাহৰ সময়ত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰা হৈছে বাহনকেইখন । জব্দ হোৱা বাহনকেইখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় 100 বস্তা বাৰ্মিজ চুপাৰি ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 7 সৰবৰাহকাৰীক ।
ধৃত সৰবৰাহকাৰী কেইটা হ’ল মাছুক উদ্দিন, ৰাধিয়া হ’ক, চুয়েল আহমেদ, মস্তোফা আহমেদ, দিলওয়াৰ আহমেদ, ছামছউদ্দিন আৰু চয়েদ আব্দুল চুবুৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: আৰক্ষীও হতবাক, কাছাৰত টেংকাৰৰ পৰা তেলৰ সলনি ওলাল বাৰ্মিজ চুপাৰি

