ETV Bharat / state

১০ ঘণ্টাৰ অন্তত যাতায়তৰ বাবে মুকলি মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : May 19, 2022, 12:34 PM IST

Floods
১০ ঘণ্টাৰ অন্তত যাতায়তৰ বাবে মুকলি মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

মুকলি কৰি দিয়া হ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ দৰং জিলাৰ মঙলদৈ শাকতোলোত পথটোৰ এছোৱা বানত বুৰ যোৱাৰ বাবে প্ৰশাসনে পথটোৰে যাতায়াত বন্ধ কৰি দিছিল ৷ ১০ ঘণ্টাৰ অন্তত যাতায়তৰ বাবে মুকলি কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাইপথটো ৷

তেজপুৰ, ১৯ মে' : ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমৰ বান পৰিস্থিতিয়ে (Flood situation in Assam)। উত্তৰ অসমৰো কেইবাখনো জিলা এতিয়া বানৰ কৱলত পৰিছে । শোণিতপুৰ, দৰং আদি জিলাত নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বহু গাঁও । ইয়াৰ মাজতে মঙলদৈৰ শাকতোলা নদীৰ মথাউৰি ছিগাৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ প্লাৱিত হৈ পৰে । যাৰ বাবে দৰং জিলা প্ৰশাসনে সাময়িকভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুনিয়াত যান-বাহনৰ চলাচল বন্ধ কৰি দিছিল (NH15 closed due to prevailing flood situation)।

পথটো বন্ধ কৰি দিয়াৰ ফলত গুৱাহাটী-তেজপুৰ অভিমুখী বাহনসমূহ বিকল্প পথেৰে যাবলগীয়া হয় । অৱশ্যে প্ৰশাসনে জনোৱা মতে বৃহস্পতিবাৰে পুৱা পুনৰ ঘাইপথত যান-বাহনৰ চলাচল আংশিকভাৱে মুকলি কৰি দিয়ে । এই পথ বন্ধ থকাৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা ধেমাজি চিলাপথাৰলৈকে যোগাযোগ ব্যাহত হৈ পৰে । উত্তৰ অসমৰ যোগাযোগৰ লগতে অৰুণাচল প্ৰদেশৰ ব’মদিলা, ৰূপা, কালেকতং, টাৱাং, ডিৰাং, চেপা, ভালুকপুঙলৈকে যাতায়তৰ ক্ষেত্ৰতো সমস্যা আহি পৰে ।

Floods
উত্তৰ অসমৰ বান পৰিস্থিতি

আনহাতে, অপৰিৱৰ্তিত হৈ আছে দৰং জিলাৰ বান পৰিস্থিতি (Flood in Darrang)। জিলাখনৰ এতিয়ালৈকে দলগাঁও, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৪২ খন গাঁও বানৰ কৱলত পৰিছে আৰু প্ৰায় ৬০,৫৬২ লোক ক্ষতিগ্ৰস্ত হৈছে । উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৮৫২.৬০ হেক্টৰ কৃষি ভূমি অঞ্চল প্লাবিত হৈছে । তদুপৰি ৪১,১০০ পশুধন বানৰ কৱলত পৰিছে ।

মঙলদৈ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত মুঠ ১৩ টা সাহায্য শিৱিৰ ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰিছে । আনহাতে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত শাকতোলাৰ পৰা পিপৰাদোকানৰ মাজৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৭০০ মিটাৰ অংশ বানৰ কৱলত পৰিছে । দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ সেই অংশটো পৰিদৰ্শন কৰে ।

শোণিতপুৰ আৰু বিশ্বনাথ জিলাতো বান পৰিস্থিতি কিছু উন্নত যদিও বিশ্বনাথত হেলেম ৰাজহ চক্ৰত সাহায্য শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী, শিশুৰ উপযোগী খাদ্য আদিও বিতৰণ কৰা হয় । আনহাতে, গহপুৰ আৰু লখিমপুৰ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱা বুলি জানিব পৰা গৈছে যদিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়ক :যাতায়াত ব্যাহত: বায়ু সেনাৰ হেলিকপ্টাৰেৰে ডিমা হাছাওলৈ খাদ্য সামগ্ৰী যোগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.