ETV Bharat / state

জলপ্ৰলয়ৰ মাজতে ক্ষোভিত বন্যাৰ্তই জ্বলালে বিধায়কৰ পুত্তলিকা

author img

By

Published : May 19, 2022, 8:06 AM IST

Updated : May 19, 2022, 8:26 AM IST

ৰাজ্যৰ সিংহভাগ অঞ্চল বুৰিছে বানত (Devastating Flood in Assam)৷ শিৱিৰ, মথাউৰি আদিত দুৰ্বিসহ সময় কটাব লগীয়া হৈছে বন্যাৰ্তই ৷ এই দুৰ্যোগৰ সময়তো সমষ্টিবাসীৰ কাষত থিয় নোহোৱা জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ প্ৰকাশ ৰাইজৰ ৷ বানৰ মাজতেই বন্যাৰ্তই জ্বলালে বিধায়কৰ পুত্তলিকা (Flood affected burnt effigy of MLA)৷

people burnt effigy of MLA Bharat Narah
people burnt effigy of MLA Bharat Narah

লখিমপুৰ, 19 মে’: ৰাজ্যৰ চৌদিশে প্ৰলংকৰী ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে (Flood in Assam)৷ 27 খন জিলাৰ বিভিন্ন অঞ্চলত বানৰ কবলত পৰি নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত (Major parts in Assam are washed by Flood)। বানৰ কবলৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি বিভিন্ন শিৱিৰ আৰু মথাউৰি আদিত আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্তই এমুঠি অন্ন, এটুপি বিশুদ্ধ খোৱা পানী, প্ৰয়োজনীয় ঔষধৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে (People cry for food and water in flood camp) । উত্তৰ অসমৰ লখিমপুৰ জিলাৰো বিভিন্ন স্থানত এনে দৃশ্যপট পৰিলক্ষিত হৈছে (Flood in Lakhimpur district)।

ৰাইজৰ এনে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰতিজন মন্ত্রী, বিধায়কক সমষ্টিবাসীৰ কাষত ঠিয় দি প্ৰয়োজনীয় ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিছে (Assam CM asked MLAs to visit flood affected areas)। পিছে লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে এই পৰ্যন্ত বানাক্ৰান্ত সমষ্টিবাসীৰ খবৰ নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে । এই বানত বেয়াকৈ ক্ষতিগ্রস্ত হৈছে নাওবৈচা সমষ্টিৰ বিভিন্ন অঞ্চল ।

জলপ্ৰলয়ৰ মাজতে ক্ষোভিত বন্যাৰ্তই জ্বলালে বিধায়কৰ পুত্তলিকা

নাওবৈচাত বন্যাৰ্তই প্ৰাণ বচাবলৈ হাহাকাৰ কৰিব লগীয়া হৈছে । কিন্তু খবৰ নাই বিধায়ক ভৰত নৰহৰ । যাৰ বাবে বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত । ক্ষোভিত বন্যাৰ্ত সকলে বুধবাৰে পানীৰ মাজতে পুত্তলিকা দাহ কৰে বিধায়ক ভৰত নৰহৰ (People burnt effigy of MLA Bharat Narah)। বানাক্ৰান্ত ৰাইজে ভৰত নৰহ গ’ বেক, ভৰত নৰহ মুৰ্দাবাদ ধ্বনি দি তেওঁৰ পুত্তলিকা দাহ কৰে ।

উল্লেখ্য যে, বছৰৰ প্ৰথমটো বানে ৰাজ্যত একপ্ৰকাৰ মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে ৷ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নৈ কাষৰীয়া প্লাৱন ভূমিৰ লোকসকলৰ ঘৰ-দুৱাৰ আৰু খেতি পথাৰ ৷ বহু ঠাইত মথাউৰি ভাঙি পানী সোমোৱাৰ ফলত উৱাদিহ নোপোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে লোকসকলৰ মাজত ৷

প্ৰশাসনে সাহায্য শিৱিৰ, আশ্ৰয় শিৱিৰ আদি স্থাপন কৰি বন্যাৰ্তক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে যদিও বহু স্থানত গৃহবন্দী হৈ ৰৈছে একাংশ লোক ৷ অৱশ্যে উদ্ধাৰকাৰী বাহিনী এন ডি আৰ এফ, এছ ডি আৰ এফ, ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী দলে দিনে-নিশাই এই লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷ ইফালে আশ্ৰয় শিৱিৰত খাদ্য, খোৱা পানী, ঔষধৰ অভাৱ আদি সমস্যাই অন্য ধৰণে জৰ্জৰিত কৰিছে বন্যাৰ্তক ৷

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰই অসমলৈ 1000 কোটি টকাৰ পুঁজি আৱন্টন দিছে ৷ ইতিমধ্যে এই পুঁজিৰ পৰা বান বিধ্বস্ত জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে ।

কাছাৰ জিলাৰ বান পৰিস্থিতি অতি গম্ভীৰ হৈ পৰাত দুদিনৰ বাবে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে সৰু-সুৰা বাহনৰ চলাচল নিষেধ কৰিছে জিলা প্ৰশাসনে (Schools are ordered to close in Cachar)৷ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি কাছাৰত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে বৃহস্পতিবাৰৰ পৰা ফ্লাই বিগ বিমানেৰে অভিযান আৰম্ভ কৰা হ’ব ৷ মুঠ কথাত ক’বলৈ গ’লে সমগ্ৰ ৰাজ্যখনকেই বাৰিষাৰ প্ৰাক্ ক্ষণত অহা বানে তচ চন কৰিছে ৷

লগতে পঢ়ক: বৰাকৰ পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Last Updated : May 19, 2022, 8:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.