ETV Bharat / bharat

3.50 টকা মূল্যবৃ্দ্ধিৰে 1000 টকীয়া হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ

author img

By

Published : May 19, 2022, 11:26 AM IST

LPG price hike
বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি (Cooking gas prices rise again)। ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকাকৈ বৃদ্ধি । এটা চিলিণ্ডাৰৰ মূল্য হ'লগৈ ১০০৩ টকা ।

নেশ্যনেল ডেস্ক,১৯ মে' : সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাই পুনৰ বৃদ্ধি কৰা হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে । ইয়াৰ লগে লগে একোটা চিলিণ্ডাৰৰ বাবদ গ্ৰাহকে আদায় দিব লাগিব ১০০৩ টকাকৈ । অৱশ্যে প্ৰতিখন ৰাজ্যতে এই মূল্য পৃথক হোৱা দেখা গৈছে ৷ আনকি অসমৰে বহুকেইটা স্থানত 1000 ৰ পৰা 1100 টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে চলিত মাহৰে ৭ তাৰিখে ১৪.২ কেজি ওজনৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টাককৈ বৃদ্ধি কৰা হৈছিল । আনহাতে, যোৱা ১ মে'ত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল (19 kg commercial LPG cylinder price hike)। যাৰ বাবে গ্ৰাহকে একোটা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিনিময়ত দিব লাগে ২,৩৫৫.৫০ টকা ।

মুঠতে এতিয়া যেন মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতাহে চলিছে । ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে বাকী সামগ্ৰীৰো মূল্যত প্ৰভাৱ পৰিছে । বজাৰত এতিয়া প্ৰতিবিধ শাক-পাচলিৰ মূল্যও অত্যাধিক হাৰত বৃদ্ধি পাইছে । সমান্তৰালকৈ মাছ, মাংসৰো দাম বাঢ়িছে । মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ জুৰুলা কৰি পেলাইছে জনসাধাৰণক ৷

লগতে পঢ়ক :LPG prices hike : পুনৰ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.