ETV Bharat / state

আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত ডিমৌত এজনক আটক

author img

By

Published : Aug 14, 2022, 9:14 AM IST

স্বাধীনতা দিৱস উদযাপনলৈ মাত্ৰ কেইঠামান ক্ষণ বাকী থকা মূহুৰ্ততে ডিমৌত চাঞ্চল্য ৷ আলফাৰ লিংক মেনৰ সন্দেহত এজনক আটক আৰক্ষীৰ (Suspected ULFA I linkman detained at Dimow) ৷

Suspected ULFA I linkman detained at Dimow
আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত ডিমৌত এজনক আটক

শিৱসাগৰ, 14 আগষ্ট: স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত ডিমৌত আলফাৰ লিংক মেনৰ সন্দেহত এজনক আটক (ULFA I linkman detained at Dimow) ৷ অটকাধীন ব্যক্তিজন ডিমৌ সমীপৰ ন-বিল গাঁৱৰ মহেন্দ্ৰ বৰুৱা ৷ মাজনিশা আৰক্ষীৰ-অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে অভিযান চলাই আটক কৰে মহেন্দ্ৰ বৰুৱাক । বৰ্তমান ডিমৌ আৰক্ষী থানাত ৰখা হৈছে আটকাধীন লোকজন ।

উল্লেখ্য যে, এইবাৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে চৰকাৰে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিৱৰ্তে আলফা(স্বা)ই এই দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে (ULFA I banned Independence Day Celebration) ৷ মাত্ৰ কেইদিনমান পূৰ্বে ভাৰত-ম্যানমাৰ সীমান্তত সেনাৰ চাউনীত এম্বুশ্ব চলাই ত্ৰাস সৃষ্টিৰো চেষ্টা চলাইছে আলফা(স্বা) আৰু এন এছ চি এনে (Extremists ambush in Military camp) ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা গৃহ বিভাগ ৷

ৰাজ্যৰ কোনো স্থানত যাতে স্বাধীনতা দিৱস উদযাপনৰ সময়ত কোনো অবাঞ্চিত ঘটনা সংঘটিত হ’ব নোৱাৰেস বা ক’তো যাতে উগ্ৰপন্থীয়ে ধেমাজি কাণ্ডৰ পুনৰাবৃত্তি ঘটাব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ ৰাজপথ সমূহত তালাচীৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে ৷

লগতে পঢ়ক: কাকপথাৰত বোমাতংকৰ অৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.