ETV Bharat / state

মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলাল গগৈক ৰিজাৰ্ভ ক্ল'জ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 9:29 PM IST

চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল গগৈক ৰিজাৰ্ভ ক্ল'জ ৷ ছাত্ৰী নিৰ্যাতনকাৰী অধ্যক্ষক আইনী সুৰুঙাৰে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ৷

OC From Moranhat Police Station Reserve Closed
দুলাল গগৈক ৰিজাৰ্ভ ক্ল'জ

মৰাণ, 15 ডিচেম্বৰ : চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলাল গগৈক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে ৷ ছাত্ৰী নিৰ্যাতনকাৰী অধ্যক্ষক আইনী সুৰুঙাৰে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল গগৈৰ বিৰুদ্ধে ৷ কেইটামান দিনৰ পূৰ্বে এই গৰাকী আৰক্ষীৰ বিষয়াই যোগদান কৰিছিল মৰাণহাট আৰক্ষী থানাত ৷

উল্লেখ্য যে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰে অধ্যক্ষই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ যোৱা বুধবাৰে ছাত্ৰী গৰাকীৰ পৰিয়ালে মৰাণহাট থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দিয়াৰ পিছত তদন্তত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বিৰুদ্ধে ৷

মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ কিন্ত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পাছতো আইনৰ সুৰুঙা লৈ আঠ ঘণ্টা নহওতেই জামিন পাবলৈ সক্ষম হ'ল অভিযুক্ত অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য ৷

এই ঘটনাৰ পাছতেই ছাত্ৰীক যৌন উৎপীড়ন চলোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক অপসাৰণৰ দাবীত মৰাণত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে ৷ ইয়াৰ পাছতে মৰাণহাট আৰক্ষী থানাৰ বিষয়া দুলাল গগৈক ৰিজাৰ্ভ ক্ল'জ কৰা বুলি জানিবলৈ দিছে চৰাইদেউ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই ৷

উল্লেখ্য যে, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই এগৰাকী ছাত্ৰীক যৌন উৎপীড়ন চলোৱাক লৈ শুকুৰবাৰে প্ৰতিবাদত প্ৰতিবাদত উত্তাল হৈ পৰে মৰাণ ৷ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱাৰ পিচতেই ৰাজপথলৈ ওলাই আহে ৰাইজ ৷ গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা নাৰী পৰিষদ আৰু স্থানীয় জনগোষ্ঠীয় সংগঠনে ছাত্ৰীক যৌন উৎপীড়ন চলোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক অপসাৰণৰ দাবীত সাব্যস্ত কৰিছিল এই প্ৰতিবাদ ৷

লগতে পঢ়ক : বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীক যৌন উৎপীড়ন চলোৱাক লৈ উত্তাল মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.