ETV Bharat / state

Narcotic substances seized: সৰবৰাহকাৰীসহ কাছাৰত জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট

author img

By ANI

Published : Sep 24, 2023, 1:04 PM IST

Drugs seized
কাছাৰত জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ ড্ৰাগছ

কাছাৰত জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ ড্ৰাগছ ৷ গোপন সূত্ৰৰ ভিত্তিত কাছাৰ জিলাৰ আৰক্ষীৰ এটা দলে অভিযান চলাইছিল বুলি কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনায় ৷ 18 হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক ।

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ অসম আৰক্ষীয়ে শনিবাৰে কাছাৰ জিলাত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । জব্দ কৰা নিষিদ্ধ ড্ৰাগছৰ আনুমানিক মূল্য প্ৰায় 2 কোটি টকা বুলি আৰক্ষীয়ে জনায় । আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তৰ নাম আজাদ উদ্দিন বৰলস্কৰ (31) । কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ জিলাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বানস্কান্দি-শিলচৰ পথত জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি ।

আৰক্ষীৰ দলটোৱে গাড়ীখনৰ পৰা 18 হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে কাছাৰ জিলাত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটি টকা বুলিও আৰক্ষী অধীক্ষক মাহাত্তাই কয় । বিষয়টো সন্দৰ্ভত অব্যাহত আছে তদন্ত । ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ চোৰাংচোৱাই শনিবাৰে গুৱাহাটীৰ খানাপাৰা অঞ্চলত ছয়জন ড্ৰাগছ বেপাৰীক আটক কৰি 46 গ্ৰাম হেৰ’ইন জব্দ কৰে ।

বিষয়াসকলৰ মতে, আটকাধীন ড্ৰাগছ বেপাৰীকেইজন হৈছে সঞ্জয় বিশ্বাস (28), অবতাৰ সিং (30), শ্যামল পেগু (19), বিকাশ আলী (23), নয়ন তালুকদাৰ (28) আৰু যুৱৰাজ কল্যাণ (24) । আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই ANI ক জনাইছে যে, "গোপন সূত্ৰৰ ভিত্তিত STF অসমে শনিবাৰে গুৱাহাটীত এটা অভিযান আৰম্ভ চলায় যাতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি অপৰাধমূলক কাৰ্য ব্যৰ্থ কৰিব পৰা যায় ।"

উদ্ধাৰ হোৱা হেৰ’ইন আৰু আটকাধীন 6 ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বশিষ্ঠ থানাৰ স্থানীয় আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক: 575th Birth anniversary of Sankardev: বেলতলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.