575th Birth anniversary of Sankardev: বেলতলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 11:43 AM IST

thumbnail

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : আজি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী । ৰাজ্যজুৰি পালন কৰা হৈছে গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলাৰ কৃষ্ণপুৰ ৰাজহুৱা নামঘৰটো আয়োজন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী ।

দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপেই আজি অৰ্থাৎ দেওবাৰে পুৱাৰ ভাগতেই শতাধিক লোক ওলাই আহে ভাগৱত ভ্ৰমণ কাৰ্যসূচীলৈ । ভাগৱত শিৰত তুলি লৈ নাম কীৰ্তন কৰি ভকত বৈষ্ণৱ সবে কৰে ভাগৱত যাত্ৰা । ভাগৱত যাত্ৰাৰ পিচতে ভকত বৈষ্ণৱ সকলো একত্ৰিত হৈ নামঘৰ প্ৰাংগণত গুৰুজনাৰ নাম কীৰ্তন কৰে ।

আনহাতে, দেওবাৰে বিয়লি ভাগত এক ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ‌। উল্লেখ্য যে, ১৯৯৫ চনৰ পৰাই এনেদৰে গুৰুজনাৰ জন্মজয়ন্তীৰ লগতে আন আন কাৰ্যসূচী পালন কৰি আহিছে মহানগৰীৰ এই নামঘৰটোত ।

লগতে পঢ়ক : 575th Birth anniversary of Sankardev: বৰপেটা সত্ৰত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.