ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহ টা বাতৰি

author img

By

Published : Mar 25, 2022, 9:01 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Bokajan Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ কাৰ্বি আংলং জিলাৰ সীমান্তত চলিল আৰক্ষীৰ এনকাউন্টাৰ(Assam police encounter at Bokajan) ৷ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ পলায়নৰ চেষ্টা কৰোঁতেই গুলী চালনা কৰে আৰক্ষীয়ে ৷

মুখ্যমন্ত্রীক ভূয়সী প্ৰশংস‍া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত সর্বাংগীন উন্নয়নৰ এক জোৱাৰ সৃষ্টি হৈছে আৰু এই কথা সমাজৰ প্ৰতিজন সন্মানীয়নাগৰিকৰ দৃষ্টিগােচৰ হৈছে, এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ (BJP national GS Kailash Vijayvargiya) ৷

অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, আধাৰ কাৰ্ড আৰু অসম চুক্তি কাৰ্যকৰীকৰণ(Implementation of Clauses of Assam Accord) প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students' Union) লগতে ২৭ টাকৈ সংগঠনৰ সৈতে আলোচনাত মিলিত কেবিনেট উপ-সমিতি । অসম চুক্তিৰ আটাইকেইটা দফা কাৰ্যকৰীকৰণৰ বিষয়ে আছুৰ নেতৃবৃন্দৰ সৈতে সুকীয়াকৈ আলোচনাত বহে মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকা ।

কাৰ্বিসকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

কাৰ্বি সাহিত্য বন্ধনাৰে ডংকামোকামত অনুষ্ঠিত হৈছে কাৰ্বি লামেত আমেইৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন (Assam CM at Karbi Lammet Amei event) ৷ এই অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি সকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

পৰিষদৰ নিৰ্বাচনত আটাইকেইখন আসনতে জয়ী হʼব বিজেপি : মুখ্যমন্ত্ৰী

23 মাৰ্চৰ পৰা 26 মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেত আমেইত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে কাৰ্বি আংলঙত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM at Karbi Lammet Amei event) ৷

Mohan Bhagwat in UP : ৰাইজৰ মাজত দেশপ্ৰেম জগাই তুলিবলৈ মোহন ভাগৱতৰ আহ্বান

এইবাৰ বাৰাণসীত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত । আৰএছএছ কাৰ্মকৰ্তা-বিষয়াৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব মোহন ভাগৱত । ২৭ মাৰ্চলৈকে কাশীত থাকিব নেতাগৰাকী ।

আমেৰিকাৰ লগতে হাইপাৰচনিক প্ৰযুক্তিৰ দৌৰত ভাৰত,ৰাছিয়া আৰু চীন

পাৰমাণৱিক প্ৰতিযোগিতাত আমেৰিকাৰ সমানে সমানে আগবাঢ়িছে ভাৰত, চীন আৰু ৰাছিয়া । পূৰ্বৰ দৰে এই ক্ষেত্ৰত আধিপত্য নাই আমেৰিকাৰ (US is no longer dominating several advanced technologies)। ৱাশ্বিংটনৰ এগৰাকী প্ৰভাৱশালী আমেৰিকান চিনেটৰে স্বীকাৰ কৰিলে এই কথা । বৰ্তমান আমেৰিকাৰ প্ৰযুক্তিগত উন্নয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ।

IPL 2022: ধোনীয়ে এৰিলে অধিনায়কত্ব, জাদেজাৰ কান্ধত CSKৰ দায়িত্ব

আই পি এলৰ চলিত ছিজনৰ আৰম্ভণিতে চেন্নাই চুপাৰ কিংছত ডাঙৰ সালসলনি ৷ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক দলটোৰ নেতৃত্ব প্ৰদান(Ravindra Jadeja new skipper of Chennai Super Kings) ৷

৮০ বছৰীয়া অক্ষম নাগা মহিলাক গুৱাহাটীৰ বিমানবন্দৰত কাপোৰ খুলি অপমান

বৃহস্পতিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী 80 বছৰীয়া বৃদ্ধ নগা মহিলাক বিমানবন্দৰত কৰ্মৰত CISF ৰ জোৱানে কাপোৰ খুলি নগ্ন কৰা ঘটনাই সম্প্ৰতি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (CISF forces Naga woman to strip at airport) ।

টেট শিক্ষকসকলৰ এই প্ৰতিবাদ অনাকাংক্ষিত : শিক্ষামন্ত্ৰী

বৃহস্পতিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মূখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে(Teachers Protest in Guwahati) । ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয় (TET teachers protest at Kahilipara) । এই সন্দৰ্ভত তাৎক্ষনিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Assam Education Minister's reaction on TET teachers protest) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.