ETV Bharat / bharat

আমেৰিকাৰ লগতে হাইপাৰচনিক প্ৰযুক্তিৰ দৌৰত ভাৰত,ৰাছিয়া আৰু চীন

author img

By

Published : Mar 24, 2022, 4:51 PM IST

পাৰমাণৱিক প্ৰতিযোগিতাত আমেৰিকাৰ সমানে সমানে আগবাঢ়িছে ভাৰত, চীন আৰু ৰাছিয়া । পূৰ্বৰ দৰে এই ক্ষেত্ৰত আধিপত্য নাই আমেৰিকাৰ (US is no longer dominating several advanced technologies)। ৱাশ্বিংটনৰ এগৰাকী প্ৰভাৱশালী আমেৰিকান চিনেটৰে স্বীকাৰ কৰিলে এই কথা । বৰ্তমান আমেৰিকাৰ প্ৰযুক্তিগত উন্নয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ।

Senator
আমেৰিকাৰ লগতে হাইপাৰচনিক প্ৰযুক্তিৰ দৌৰত ভাৰত

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত এতিয়া কেৱল আমেৰিকাই চহকী হৈ থকা নাই (US is no longer dominating several advanced technologies)। আমেৰিকাৰ সমান্তৰালকৈ ভাৰত, ৰাছিয়া আৰু চীনো উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে (India, Russia and China have advantages on hypersonic technology)।

ৱাশ্বিংটনৰ এগৰাকী প্ৰভাৱশালী আমেৰিকান চিনেটৰে স্বীকাৰ কৰিলে এই কথা । তেওঁৰ মতে বৰ্তমান ভাৰত, ৰাছিয়া আৰু চীন হাইপাৰচনিক প্ৰযুক্তিৰ যথেষ্ট আগবঢ়া । চিনেট সশস্ত্ৰ সেৱা সমিতিৰ অধ্যক্ষ চিনেটৰ জেক ৰীডে কয় যে বৰ্তমান কেৱল আমেৰিকাৰ হাততে নাই উন্নত প্ৰযুক্তিৰ ক্ষমতা । আমেৰিকাৰ বাবে প্ৰযুক্তিগত উন্নয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ।

পূৰ্বে এই ক্ষেত্ৰত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল । তেওঁ উল্লেখ কৰা মতে বৰ্তমান সময়ত সেই পৰিৱেশ নাই । বিশ্বই ইতিহাসত প্ৰথমবাৰৰ বাবে ত্ৰিপাক্ষিক পাৰমাণৱিক প্ৰতিযোগিতাত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে ।

এতিয়া আৰু ছোভিয়েট ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক প্ৰতিযোগিতা নাই । এই প্ৰতিযোগিতা এতিয়া চীন,ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত । প্ৰতিৰক্ষা বিভাগৰ আণ্ডাৰচেক্ৰেটৰী ড৹ উইলিয়াম লাপ্লাণ্টেক উদ্দেশ্যি এই তথ্য প্ৰকাশ কৰি চিনেটৰ ৰীডে কয় যে এই সমস্যাৰ সমাধান কেনেদৰে উলিয়াব লাগে তাৰ বিষয়ে চিন্তা চৰ্চা কৰা উচিত ।

ডাঃ লাপ্লাণ্টে ইয়াৰ উত্তৰত কয় যে মূলসুঁতিৰ অস্ত্ৰ প্ৰণালীৰ বিকাশৰ বাবে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে । নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত চুক্তিৰ ক্ষেত্ৰতো বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উন্নত প্ৰযুক্তিৰ প্ৰতিযোগিতাত যাতে পুনৰ ঘূৰি আহিব পাৰে তাৰ বাবে আমেৰিকাই বিভিন্ন ধৰণে উদ্যোগ ল'ব বুলিও তেওঁ কয় । উন্নত প্ৰযুক্তিৰ প্ৰতিযোগিতাত যাতে পুনৰ ঘূৰি আহিব পাৰে তাৰ বাবে আমেৰিকাই বিভিন্ন ধৰণে উদ্যোগ ল'ব বুলিও তেওঁ কয় ।

তেওঁ উল্লেখ কৰা মতে গ্লাইড বাহনৰ পৰীক্ষণৰ ক্ষেত্ৰত আমেৰিকাই কাম কৰিছিল কিন্তু ৰাছিয়া আৰু চীন এই ক্ষেত্ৰত বিফল হৈছিল । যাৰ বাবে আমেৰিকাই গ্লাইড বাহনৰ ওপৰত কাম কৰা বন্ধ কৰিছিল । অৱশ্যে চীন আৰু ৰাছিয়াই কাম অব্যাহত ৰাখিছিল । সেয়ে আমেৰিকাইও পুনৰ এই ক্ষেত্ৰত কাম আৰম্ভ কৰিব লাগিব আৰু আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰে ডাঃ লাপ্লাণ্টে।

লগতে পঢ়ক :আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.