ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 9, 2022, 11:03 AM IST

top-10-at-11-am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু

পুনৰ ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লগতে ভাৰতৰ ৰাজধানী নতুন দিল্লীত (Earthquake in Nepal and Delhi) ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, নেপালৰ সুদূৰ পশ্চিম অঞ্চলৰ ডোটি জিলাত মঙলবাৰে নিশা 9:07 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় 5.2 ৰিখটাৰ স্কেল ৷ ইফালে, নতুন দিল্লীত বুধবাৰে পুৱতি নিশা প্ৰায় 1:57 বজাত অহা ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল ৷

New CJI: দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে আজি শপত ল’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আজি শপত ল’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপতবাক্য পাঠ কৰাব ডি ৱাই চন্দ্ৰচূড়ক(New CJI) ৷ ন্যায়াধীশ চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড় উচ্চতম ন্যায়ালয়ৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্য ন্যায়াধীশ আছিল ৷

Highest risk of earthquake: ভূমিকম্পত চীনতেই সৰ্বাধিক লোকৰ মৃত্য়ু

পৃথিৱীত ভূমিকম্পৰ ফলত প্ৰতি বছৰে গড়ে ২০,০০০ লোকৰ মৃত্যু হয় (earthquake in World)। চীন, জাপান, তুৰস্ক, ইৰাণ আৰু ভাৰতৰ কিছুমান অঞ্চলত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক । এই তথ্য় প্ৰকাশ কৰিছে গ্ল'বেল আৰ্থকুৱেক মডেল ফাউণ্ডেচনে । সেয়েহে এই অঞ্চলসমূহৰ লোকসকলক অধিক সাৱধান হ'বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ।

Accident in Guwahati: গুৱাহাটীত নিশা ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন

গুৱাহাটীৰ মঠঘৰীয়াস্থিত বি জি তিনিআলিত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বি জি য়াৰ্ডৰ ট্ৰাকৰ খুন্দাত নিহত হয় এজন(Road Accident at Guwahati) ।

QS Asia Universities Ranking: কিউ এছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত ১৯ খন ভাৰতীয় বিশ্ববিদ্যালয়, 124 নম্বৰত গুৱাহাটী IIT

কিউ এছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ১৯ খন ভাৰতীয় বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে ৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, বম্বেয়ে এই বছৰ পুনৰবাৰ ৪০ নং ৰেংকিঙৰ সৈতে শীৰ্ষস্থান দখল কৰিছে (QS Asia Universities Ranking 2023) ।

Diganta Kalita slams oppositions: কংগ্ৰেছ-আপক তীব্ৰ কটাক্ষ দিগন্ত কলিতাৰ

বিৰোধীক পুনৰ আক্ৰমণ বিধায়ক দিগন্ত কলিতাৰ (Diganta Kalita slams oppositions)। দ্বিতীয় স্থানৰ বাবে কংগ্ৰেছ আৰু আপৰ মাজতহে প্ৰতিযোগিতা হ'ব । প্ৰথমে দলটোক একত্ৰিত কৰক তাৰ পাছতহে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰক । টোলগেট স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ সঠিক বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

Trade fair at Nalbari raas festival: নলবাৰীৰ ৰাসত বাণিজ্য মেলা আৰু দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্বোধন

নলবাৰীৰ ৰাসত মঙলবাৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ “বাণিজ্য মেলা” উদ্ধোধন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াই (Minister Bimol Bora inaugurated Trade fair) ৷ দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্ধোধন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

Son chases father: বৃদ্ধ হোৱাৰ বাবে চিকিৎসক পুত্ৰই খেদিলে পিতৃক

বহু আশাৰে পুত্ৰক পঢ়ুৱাই এগৰাকী সু-চিকিৎসক হিচাপে গঢ় দিছিল পিতৃয়ে ৷ আশা কৰিছিল পুত্ৰই মানৱসেৱা কৰাৰ লগতে বৃদ্ধকালত পিতৃ-মাতৃৰ লাখুটি হ'ব । কিন্তু ইয়াৰ বিপৰীতে বৃদ্ধ পিতৃক পথৰ ভিক্ষাৰীহে সজালে চিকিৎসক পুত্ৰই(Doctor son chases father for getting old) ।

MHA annual report: 2021-22 বৰ্ষত জম্মু কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন

২০২১ চনত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা জম্মু আৰু কাশ্মীৰৰ মাজেৰে অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন (Infiltration attempts in Jammu Kashmir)৷ সোমবাৰে গৃহ মন্ত্ৰালয়ৰ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক (Home Ministrys annual report) প্ৰতিবেদনত প্ৰকাশ হৈছে এই তথ্য ৷

Six years after demonetisation: পুঁজিপতিৰ হাতত সম্পদ গটাই দিয়াটোৱে আছিল বিমুদ্ৰাকৰণৰ মূল উদ্দেশ্য

বিমুদ্ৰাকৰণৰ ছয় বছৰ সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা তথা সদৌ ভাৰত বীমা পেঞ্চনাৰ্চ সমিতিৰ সভাপতি তথা জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমৰ প্ৰাক্তন যুটীয়া আহ্বায়ক শতঞ্জীৱ দাসে ব্যক্ত কৰিলে বহুকেইটা দিশ (Six years after demonetisation) । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.