ETV Bharat / state

Accident in Guwahati: গুৱাহাটীত নিশা ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Nov 9, 2022, 9:09 AM IST

One Dead and another one Injured in Road Accident at Guwahati
বিজি য়াৰ্ডৰ ট্ৰাকৰ খুন্দাত নিহত-১, আহত-১

গুৱাহাটীৰ মঠঘৰীয়াস্থিত বি জি তিনিআলিত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বি জি য়াৰ্ডৰ ট্ৰাকৰ খুন্দাত নিহত হয় এজন(Road Accident at Guwahati) ।

গুৱাহাটী, ৯ নৱেম্বৰ: গুৱাহাটীৰ মঠঘৰীয়াস্থিত বি জি তিনিআলিত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়(Road Accident at Guwahati) । মহানগৰীৰ মঠঘৰীয়াস্থিত বি জি য়াৰ্ডৰ পৰা ওলাই অহা এখন ট্ৰাকে বি জি তিনিআলিত এখন স্কুটীৰ চালক আৰু আৰোহীক মহতিয়াই নিয়ে ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় স্কুটীখনৰ আৰোহী নবীন হাজৰিকা(৪২) নামৰ এজন লোক(One Dead in Road Accident at Guwahati) ।

One Dead and another one Injured in Road Accident at Guwahati
বিজি য়াৰ্ডৰ ট্ৰাকৰ খুন্দাত নিহত-১, আহত-১

আনহাতে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বিনোদ যাদৱ নামৰ আন এজন স্কুটী আৰোহী(one Injured in Road Accident at Guwahati) । আহত বিনোদ যাদৱক স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়(Guwahati medical college and hospital) । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকখনৰ চালক ।

অৱশ্যে নুনমাটি যানবাহন আৰক্ষীয়ে জব্দ কৰিছে AS-01Q-7735 নম্বৰৰ ট্ৰাকখন । আৰক্ষীয়ে উদ্ধাৰ কৰা দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হৈছে AS-01DX-9642 । জানিব পৰা মতে, বি জি য়াৰ্ডৰ ভিতৰৰ পৰা আহি থাকোতে পিছফালৰ পৰা স্কুটীখনক খুন্দিয়াই ট্ৰাকখনে । ৰাইজৰ অভিযোগ অনুসৰি, বি জি য়াৰ্ডৰ ট্ৰাকসমূহ দীৰ্ঘদিন ধৰি হেণ্ডিমেনে চলাই আহিছে । যাৰ ফলতেই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।

লগতে পঢ়ক : City Bus in Guwahati: মহানগৰত নতুনকৈ নিৰ্ধাৰণ কৰিব চিটীবাছৰ আস্থানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.