ETV Bharat / state

Trade fair at Nalbari raas festival: নলবাৰীৰ ৰাসত বাণিজ্য মেলা আৰু দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্বোধন

author img

By

Published : Nov 9, 2022, 8:50 AM IST

Minister Bimol Bora inaugurated Trade fair at Nalbari raas festival venue
নলবাৰী ৰাসত বাণিজ্য মেলা আৰু দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্বোধন

নলবাৰীৰ ৰাসত মঙলবাৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ “বাণিজ্য মেলা” উদ্ধোধন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াই (Minister Bimol Bora inaugurated Trade fair) ৷ দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্ধোধন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

নলবাৰী, 9 নৱেম্বৰ: নামনি অসমৰ ৰাস বুলি ক’লেই সকলোৰে মনলৈ আহে হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ ৷ ইতিমধ্যে বিগত 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰীৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ (Nalbari Raas Mahotsav) ৷

নলবাৰী ৰাসত বাণিজ্য মেলা আৰু দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্বোধন

এইবেলি 89 বৰ্ষত ভৰি দিয়া শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ দ্বিতীয় দিনাৰ অনুষ্ঠানত (Nalbari raas festival venue) মন্ত্ৰী বিমল বড়া, মন্ত্ৰী ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু অভিনেতা যতীন বৰা উপস্থিত থাকে ৷ মঙলবাৰে আবেলি শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত অনুষ্ঠিত হোৱা অসম বাণিজ্য উন্নয়ন সংস্থাৰ “বাণিজ্য মেলা” উদ্ধোধন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াই (Minister Bimol Bora inaugurated Trade fair) ৷

এই অনুষ্ঠানৰ পিছতেই অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত “দক্ষতা কৰ্মী প্ৰদশৰ্নী” উদ্ধোধন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ আত্মসহায়ক গোটৰ মেলা উদ্ধোধন কৰে বড়োলেণ্ড পৰিষদীয় বিধান সভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷

ইয়াৰ পিছতে প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদশৰ্নী উদ্ধোধন কৰে বিশিষ্ট অভিনেতা যতীন বৰাই ৷ আনহাতে শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগণত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা নলবাৰীৰ উদ্ধোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister inaugurated Assam Book Fair) ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন ৷ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, লগতে উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু অভিনেতা যতীন বৰা । এই আটাইকেইগৰাকী লোকক সংগী দিয়ে নলবাৰী ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

মনকৰিবলগীয়া যে, বিগত 7 নৱেম্বৰত আৰম্ভ হোৱা শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি অশোক শৰ্মা আৰু মন্ত্ৰী তথা ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷ এইবাৰ নলবাৰী ৰাসৰ বিশেষ আকৰ্ষণ হৈছে বৃন্দাবনৰ জীৱন্ত ৰাস, মণিপুৰৰ বসন্ত ৰাস, গুজৰাটৰ দাণ্ডিয়া ৰাস আৰু মাজুলীৰ জীৱন্ত ৰাস প্ৰদৰ্শন ।

আনহাতে নলবাৰী হৰিমন্দিৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ এসময়ৰ ড্ৰীম গাৰ্ল তথা বৰ্তমানৰ ৰাজনীতিক হেমামালিনীয়ে (Hemamalini) । লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে এইবাৰৰ নলবাৰীৰ ৰাসত উপস্থিত থাকিব ।

লগতে পঢ়ক: Book Fair at Nalbari Raas Festival venue: নলবাৰী ৰাস মহোৎসৱস্থলীত শিক্ষামন্ত্ৰীয়ে উদ্বোধন কৰিলে অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.