ETV Bharat / bharat

MHA annual report: 2021-22 বৰ্ষত জম্মু কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন

author img

By

Published : Nov 8, 2022, 10:48 PM IST

২০২১ চনত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা জম্মু আৰু কাশ্মীৰৰ মাজেৰে অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন (Infiltration attempts in Jammu Kashmir)৷ সোমবাৰে গৃহ মন্ত্ৰালয়ৰ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক (Home Ministrys annual report) প্ৰতিবেদনত প্ৰকাশ হৈছে এই তথ্য ৷

Infiltration attempts in J&K lowest during 2021-22: MHA
MHA annual report: 2021-22 বৰ্ষত জম্মু কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিন্ম

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ: যোৱা পাঁচ বছৰৰ তুলনাতকৈ ২০২১ চনত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা জম্মু আৰু কাশ্মীৰৰ মাজেৰে অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন (Infiltration attempts in Jammu Kashmir)৷ সোমবাৰে গৃহ মন্ত্ৰালয়ৰ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক (Home Ministrys annual report) প্ৰতিবেদনত প্ৰকাশ হৈছে এই তথ্য ৷ এই তথ্য অনুসৰি বিগত বছৰত জম্মু-কাশ্মীৰৰ ৭৩ টা সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰা হৈছিল ৷

প্ৰতিবেদন অনুসৰি, ২০১৭ চনত ৪১৯ গৰাকীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল ৷ একেধৰণে ২০১৮ চনত ৩২৮ গৰাকী, ২০১৯ চনত ২১৬ গৰাকী আৰু ২০২০ চনত ৯৯ গৰাকীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত তিনি দশকৰো অধিক সময় ধৰি বিদ্ৰোহ আৰু বিচ্ছিন্নতাবাদী হিংসাৰে পীড়িত হৈ আছে ৷ সেইবাবে 2021-22 বৰ্ষত নিৰাপত্তা সম্পৰ্কীয় ব্যয়ৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰক 936.095 কোটি টকা পৰিশোধ কৰিছিল ৷ ইতিমধ্যে কেন্দ্ৰই জম্মু-কাশ্মীৰ সীমান্তৱৰ্তী অঞ্চলত অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ বাবে বহুকেইটা বহুমুখী পদ্ধতি গ্ৰহণ কৰিছে ৷

আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ (Union Home Ministry) প্ৰতিবেদন অনুসৰি পূৰ্বৰ তুলনাত 2021 চনৰ পৰা ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা নিয়ন্ত্ৰণত আছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নেটগ্ৰীড প্ৰকল্প ৰূপায়ণৰ বাবে ১০০২.৯৭ কোটি টকা মঞ্জুৰ কৰাৰ উপৰিও, সন্ত্ৰাসবাদী পুঁজি আৰু জাল মুদ্ৰাৰ গোচৰৰ কেন্দ্ৰীভূত তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাত (এনআইএ) (National Investigation Agency) এক সন্ত্ৰাসবাদী পুঁজি আৰু জাল মুদ্ৰা কোষ স্থাপন কৰিছে ৷

ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ধৰ্মীয় স্থানসমূহৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে পৰামৰ্শ আৰু সতৰ্কবাণীও জাৰি কৰিছে ৷ এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি 2013 চনৰ তুলনাত 2021 চনত হিংসাত্মক ঘটনা (1136 ৰ পৰা 509) আৰু 63 শতাংশ হ্ৰাস (387 ৰ পৰা 147) হৈছে ।

2020 চনৰ তুলনাত, 2021 বৰ্ষত হিংসাত্মক ঘটনাত 24 শতাংশ (665 ৰ পৰা 509) হ্ৰাস হৈছিল আৰু ইয়াৰ ফলত মৃত্যুৰ হাৰ 20 শতাংশ (183 ৰ পৰা 147) হ্ৰাস হৈছিল ৷ বাওঁপস্থীৰ সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা তিনি বছৰত বাঁওপন্থীৰ প্ৰভাৱিত জিলাসমূহত দুবাৰকৈ তালিকা সংশোধন কৰা হৈছে ৷

২০১৮ চনৰ এপ্ৰিলত বাওঁপন্থী প্ৰভাৱিত জিলাৰ সংখ্যা ৯০ লৈ হ্ৰাস হোৱাৰ বিপৰীকে ২০২১ চনৰ জুলাইত ৭০ লৈ হ্ৰাস হৈছিল ৷ উল্লেখ্য যে 2021 চনত 8 খন ৰাজ্যৰ 46 খন জিলাৰ 191 খন আৰক্ষী থানাত বাওঁপন্থী গোটে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছিল ৷ ইফালে 2013 চনত 10 খন ৰাজ্যৰ 76 খন জিলাৰ 330 খন আৰক্ষী থানাত বাওঁপন্থী গোট আৰু নিৰাপত্তা বাহিনীৰ অভিযানত আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷

লগতে পঢ়ক: MHA annual report: ২০২১ চনৰ পৰা নিয়ন্ত্ৰণত আছে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.