ETV Bharat / state

৫৪,১৭,৮৫০ টকাৰ ৰাজহ সংগ্ৰহ পবিতৰা অভয়াৰণ্যৰ - Pobitora Wildlife Sanctuary - POBITORA WILDLIFE SANCTUARY

Revenue in 2023-24 : ২০২৩-২৪ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যই সংগ্ৰহ কৰিছে ৫৪,১৭,৮৫০ টকাৰ ৰাজহ ৷ পূৰ্বৰ তুলনাত অভয়াৰণ্যখনলৈ অহা পৰ্যটকৰ সংখ্যাও পাইছে বৃদ্ধি ৷ অৱশ্যে এইবেলি সঘনাই সলনি হোৱা বতৰ, অনাবৃষ্টিৰ বাবে অভয়াৰণ্যখনৰ প্ৰখ্যাত তামুলীডুবাত পানী শুকাই যোৱাৰ বাবে সোনকালে আঁতৰি যায় পৰিভ্ৰমী পক্ষীকুল ৷

Pobitora Wildlife Sanctuary
পবিতৰা অভয়াৰণ্যলৈ সুখবৰ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2024 at 7:47 PM IST

Updated : June 9, 2024 at 10:58 PM IST

2 Min Read

মৰিগাঁও, 9 জুন : সদ্যসমাপ্ত ২০২৩-২৪ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটে ২৯,২২২ গৰাকী দেশী পৰ্যটকৰ ৷ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৫৪১ গৰাকী ৷ ২০২৩-২৪ পৰ্যটন বৰ্ষত অভয়াৰণ্যখনে ৰাজহ সংগ্ৰহ কৰে ৫৪,১৭,৮৫০ টকা ৷ এই ৰাজহ আৰু পৰ্যটকৰ সংখ্যা বিগত বৰ্ষসমূহত কৈ বৃদ্ধি পোৱা বুলি সদৰী কৰিছে পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে ৷

Pobitora Wildlife Sanctuary
২০২৩-২৪ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যই সংগ্ৰহ কৰিছে ৫৪,১৭,৮৫০ টকাৰ ৰাজহ (Etv Bharat Assam)

তেওঁ লগতে কয় যে, অসমৰ আনবোৰ অভয়াৰণ্যৰ তুলনাত গুৱাহাটীৰ নাতিদূৰৈত অৱস্থিত পবিতৰা অভয়াৰণ্যলৈ যোৱাটো পৰ্যটন বৰ্ষত অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটে ৷ গুৱাহাটী মহানগৰীৰ পৰা মাথো এঘণ্টাৰ পথ অতিক্ৰম কৰিলেই উপভোগ কৰিব পাৰে পবিতৰা অভয়াৰণ্যৰ সৌন্দৰ্য ৷ এশিঙীয়া গঁড়ৰ সমান্তৰালকৈ অভয়াৰণ্যখনৰ তামুলীডুবাৰ আৰ্দ্ৰ জলাশয়লৈ অহা হাজাৰ-বিজাৰ আলহী পক্ষীৰ কলৰৱ ওচৰৰ পৰাই প্ৰত্যক্ষ কৰিব পাৰে প্ৰকৃতিপ্ৰেমীসকলে ৷

লগতে পঢ়ক: পবিতৰাৰ সৌন্দৰ্যত মোহাচ্ছন্ন শ্ৰীলংকাৰ প্ৰতিনিধি

ইয়াৰ বাবে মায়ং-চমতা পথত আছে বহুকেইটা ভিউ পইণ্ট ৷ বছৰৰ সকলো বতৰতে পবিতৰা অভয়াৰণ্যত উপলব্ধ হয় পৰ্যটনৰ সুবিধা ৷ ইয়াৰ বাবে দহটা হাতী আৰু কুৰিখন জীপ চাফাৰীৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই ৷

Pobitora Wildlife Sanctuary
পৰ্যটকৰ সংখ্যা বৃদ্ধি (Etv Bharat Assam)

নিৰাপত্তাৰ দিশত পবিতৰা অভয়াৰণ্যৰ চাৰিওফালে থকা ৩৩ খন গাঁৱৰ বাসিন্দাই অতন্দ্ৰ প্ৰহৰীৰূপে সেৱা আগবঢ়াই আহিছে ৷ একেদৰে বন সুৰক্ষাকৰ্মী, আৰক্ষী সকলোৱে আগবঢ়োৱা সহযোগিতাৰ বাবে গঁড় হত্যাৰ হাৰ আজি অভয়াৰণ্যখনত শূন্য বুলিও মন্তব্য কৰে অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে ৷

লগতে পঢ়ক: অস্বাভাৱিকভাৱে শুকাবলৈ ধৰিছে পবিতৰা অভয়াৰণ্য়ৰ জলাশয়

বিশ্বৰ ভিতৰতে কেৱল ১৬ বৰ্গকিল’মিটাৰ এলেকাত ১০৭ টা গঁড়ৰ বিচৰণথলী পবিতৰা অভয়াৰণ্যলৈ বছৰি ৬৯ প্ৰজাতিৰ আলহী পক্ষী আহে ৷ অৱশ্যে এইবেলি সঘনাই সলনি হোৱা বতৰ, অনাবৃষ্টিৰ বাবে অভয়াৰণ্যখনৰ প্ৰখ্যাত তামুলীডুবাত পানী শুকাই যোৱাৰ বাবে সোনকালে আঁতৰি যায় পৰিভ্ৰমী পক্ষীকুল ৷

লগতে পঢ়ক: পবিতৰা অভয়াৰণ্যত অস্ত্ৰসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ - Poacher Arrested In Pobitora

Last Updated : June 9, 2024 at 10:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.