ETV Bharat / state

Son Thrown out father: বৃদ্ধ হোৱাৰ বাবে চিকিৎসক পুত্ৰই খেদিলে পিতৃক

author img

By

Published : Nov 9, 2022, 10:36 AM IST

Updated : Nov 9, 2022, 12:38 PM IST

বহু আশাৰে পুত্ৰক পঢ়ুৱাই এগৰাকী সু-চিকিৎসক হিচাপে গঢ় দিছিল পিতৃয়ে ৷ আশা কৰিছিল পুত্ৰই মানৱসেৱা কৰাৰ লগতে বৃদ্ধকালত পিতৃ-মাতৃৰ লাখুটি হ'ব । কিন্তু ইয়াৰ বিপৰীতে বৃদ্ধ পিতৃক পথৰ ভিক্ষাৰীহে সজালে চিকিৎসক পুত্ৰই(Doctor Son Thrown out father for getting old) ।

bad relationship with father-son
বৃদ্ধ হোৱাৰ বাবে চিকিৎসক পুত্ৰই খেদিলে পিতৃক

ৰঙিয়া, ৯ নৱেম্বৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী চিকিৎসকৰ পিতৃয়ে পথৰ দাঁতিত আশ্ৰয় লৈছে । বুঢ়া হোৱাৰ বাবে ৰামেশ্বৰ দাসক ঘৰৰ পৰা বাহিৰ কৰি দিছে দানৱৰূপী চিকিৎসক পুত্ৰই । বিহাৰৰ চিতামাৰী জিলাৰ নিবাসী ৰামেশ্বৰ দাসে কেইবাবছৰ পূৰ্বে লখিমপুৰৰ নাৰায়ণপুৰত পৰিয়ালৰ সৈতে নিজৰ সপোনৰ ঘৰখন সাজিছিল ।

বৃদ্ধ হোৱাৰ বাবে চিকিৎসক পুত্ৰই খেদিলে পিতৃক

পুত্ৰক এগৰাকী সু-চিকিৎসক হিচাপে গঢ়ি তোলাৰ বাবে দিনে-নিশাই একাকাৰ কৰি পুত্ৰক পঢ়ুৱাইছিল(Son father Relation) । আশা কৰিছিল পুত্ৰই মানৱসেৱা কৰাৰ লগতে বৃদ্ধকালত পিতৃ-মাতৃৰ লাখুটি হ'ব । কিন্তু ইয়াৰ বিপৰীত বৃদ্ধ পিতৃক পথৰ ভিক্ষাৰীয়ে বনালে চিকিৎসক পুত্ৰই । পিতৃৰ অভিযোগ, বৃদ্ধ হোৱাৰ বাবে চিকিৎসক পুত্ৰই দেউতাকক লগত ৰাখিব নিবিচাৰে । সেয়ে ঘৰৰ পৰা বাহিৰ কৰি দিছে বৃদ্ধ পিতৃক(Doctor Son Thrown out father for getting old) ।

Son Thrown out father
বৃদ্ধ হোৱাৰ বাবে চিকিৎসক পুত্ৰই খেদিলে পিতৃক

যাৰ বাবে চিকিৎসকৰ পিতৃ ৰঙিয়াৰ পদপথৰ ভিক্ষাৰী হ'ব লগা হৈছে(Bad relationship with father-son) । কেতিয়াবা যদি কোনোৱে কিবা খাবলৈ দিছে; কেতিয়াবা আকৌ পেটত গামোচা বান্ধি নিশা পাৰ কৰিছে মুকলি আকাশৰ তলত । অৱশেষত কেইগৰাকীমান সচেতন লোকে বৃদ্ধজনক তেনেদৰে পদপথত পৰি থকা প্ৰত্যক্ষ কৰি ৰঙিয়া আৰক্ষীক অৱগত কৰে ।

এই তথ্য লাভ কৰাৰ পাছতেই উক্ত স্থানত ৰঙিয়া থানাৰ উপ-পৰিদৰ্শক চোলেমান আলীৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হয়(Rangia Police Station) ৷ আৰক্ষীৰ দলটোৱে বৃদ্ধ লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । তাৰ পিছত আৰক্ষী বিষয়াজনে নিজেই নলবাৰীৰ বৃদ্ধ আশ্ৰম এখনত থকাৰ ব্যৱস্থা কৰি দিয়ে ৰামেশ্বৰ দাসক ।

এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল বৃদ্ধ মাক-বাপেকৰ কোনো মূল্য নাই নেকি নিজৰ পুত্ৰৰ ওচৰত(Son Thrown out father) ! সন্তানক সমাজৰ এজন সুযোগ্য ব্যক্তি হিচাপে গঢ় দিবলৈ পিতৃ মাতৃয়ে সকলো দুখ কষ্ট সহ্য কৰি যায় ৷ কিন্তু সেই সন্তানে যদি সমাজত মূৰ দাঙি থিয় দিব হোৱাৰ পাছতেই সেই পিতৃ মাতৃক অৱমাননা কৰে, তাতকৈ আৰু পৰিতাপৰ কথা কি হ’ব ?

লগতে পঢ়ক: Trade fair at Nalbari raas festival: নলবাৰীৰ ৰাসত বাণিজ্য মেলা আৰু দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্বোধন

Last Updated :Nov 9, 2022, 12:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.