ETV Bharat / bharat

QS Asia Universities Ranking: কিউ এছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত ১৯ খন ভাৰতীয় বিশ্ববিদ্যালয়, 124 নম্বৰত গুৱাহাটী IIT

author img

By

Published : Nov 9, 2022, 9:33 AM IST

19-indian-universities-make-it-to-top-200-in-qs-asia-universities-ranking-2023
কিউএছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত ১৯ খন ভাৰতীয় বিশ্ববিদ্যালয়ৰ স্থান লাভ

কিউ এছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ১৯ খন ভাৰতীয় বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে ৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, বম্বেয়ে এই বছৰ পুনৰবাৰ ৪০ নং ৰেংকিঙৰ সৈতে শীৰ্ষস্থান দখল কৰিছে (QS Asia Universities Ranking 2023) ।

নিউজ ডেস্ক, 9 নৱেম্বৰ: কিউ এছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত ১৯ খন ভাৰতীয় বিশ্ববিদ্যালয়ে শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে (19 Indian universities feature in top 200) ৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, বম্বেয়ে এই বছৰ পুনৰবাৰ ৪০ নং ৰেংকিঙৰ সৈতে শীৰ্ষস্থান দখল কৰিছে (Indian Institute of Technology Bombay 40th rank) । তদুপৰি QS Asia Rankings ৰ শীৰ্ষ ২০০ ত ৮ খন ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিগত বছৰৰ তুলনাত এইবেলি নিজৰ ৰেংকিং উন্নত হয় ।

মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ৰেংকিং সংস্থা Quacquarelli Symonds এ প্ৰকাশ কৰে QS Asia Universities Ranking, 2023 ৰ তালিকা (top 200 in QS Asia Universities Ranking 2023) । এক আনুষ্ঠানিক বিবৃতি অনুসৰি, এইবাৰ শীৰ্ষ ২০০ কিউএছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত স্থান লাভ কৰা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত আছে, আই আই টি বম্বে (৪০ নং), আই আই টি দিল্লী (৪৬ নং), আই আই এছ চি বাংগালুৰু (৫২), আই আই টি মাদ্ৰাজ (৫৩) , আই আই টি খৰগপুৰ (৬১) ৷

লগতে আই আই টি কানপুৰ (৬৬), দিল্লী বিশ্ববিদ্যালয় (৮৫), আই আই টি ৰুৰকী (১১৪), জে এন ইউ (১১৯), আই আই টি গুৱাহাটী (১২৪), ভি আই টি ভেল্লোৰ (১৭৩), কলিকতা বিশ্ববিদ্যালয় (১৮১), যাদৱপুৰ বিশ্ববিদ্যালয় (১৮২), আন্না বিশ্ববিদ্যালয় (১৮৫), চণ্ডীগড় বিশ্ববিদ্যালয় (১৮৫), আই আই টি ইন্দোৰ (১৮৫), বিটছ পিলানী (১৮৮), জামিয়া মিলিয়া ইছলামিয়া (১৮৮), আৰু এমিটি ইউনিভাৰ্চিটি নয়ডা (২০০) স্থানত আছে ৷

চণ্ডীগড় বিশ্ববিদ্যালয়ে এছিয়াৰ ভিতৰত ১৮৫ নম্বৰ, ভাৰতত ১৪ নম্বৰ আৰু ভাৰতৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ৷ এই সন্দৰ্ভত মন্তব্য কৰি চণ্ডীগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সতনম সিং সান্ধুৱে কয় - ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা নতুন শিক্ষা নীতিৰ ফলত বিশ্ববিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ উন্নত হৈছে ৷ যাৰ ফলত চণ্ডীগড় বিশ্ববিদ্যালয়ে এতিয়া গ্ল'বেল ৰেংকিঙত স্থান লাভ কৰিছে । নতুন শিক্ষা ব্যৱস্থা ২০২০ ৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ আন্তৰ্জাতিককৰণ, গৱেষণা আৰু উদ্ভাৱনৰ সুবিধা উন্নত কৰা, আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগীকৰণৰ সুযোগ প্ৰদান কৰা ৷"

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ পৰা ইংগিত লৈ গুজৰাট চৰকাৰে GARIMA (Gujarat Accreditation and Ranking Institute Mechanism & Arrangement) স্থাপন কৰিছে । ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশ চৰকাৰে ইউ পি চি আৰ এম স্থাপন কৰিছে ৷

লগতে পঢ়ক: CJI of India: দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে আজি শপত ল’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.