তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 16, 2021, 3:07 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

1.২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ ৷ বৈঠকত শিক্ষা, কৃষি, জলসিঞ্চনকে ধৰি কেইবাটাও গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

2.ফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ এইবাৰ সৰৱ হৈ পৰিছে যুৱ কংগ্ৰেছ ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন প্ৰতাৰণা দিৱস হিচাপে পালনৰ সিদ্ধান্ত মাজুলীৰ যুৱ কংগ্ৰেছৰ ৷

3.অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত মহিলাক অসৎ ব্যৱহাৰৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত কৰা ঘটনাৰ অভিযুক্ত ৰিতুৰাজ শেনচোৱাক বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে, ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ ষ্টেট বেংকত এই লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল লম্পটটোৱে ।

4.লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অব্যাহত আছে চীনৰ নিৰ্মাণ কাৰ্য

ভাৰতৰ সৰ্বোচ্চ বিমানক্ষেত্ৰ দৌলত বেগ ওল্ডিৰ পৰা মাত্ৰ ২৪ কিল’মিটাৰ দূৰত পুনৰ উত্তেজনা বৃদ্ধি ৷ ভাৰত আৰু চীনৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা চলি থকাৰ মাজতে বিবাদপূৰ্ণ অঞ্চলত চীনা সেনাই অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য । ৰঙা চীনৰ প্ৰকৃত চৰিত্ৰ পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

5.শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ জন্মদিনৰ দিনা ৰাজ্যৰ ৮ লাখ লোকক ক'ভিড-১৯ প্ৰতিষেধক(Covid-19 Vaccine) প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । কামৰূপ মহানগৰ জিলাত ৬০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ বাবে মুকলি কৰা হৈছে ২১০ টা কেন্দ্ৰ । অভিভাৱক মন্ত্ৰী, অভিভাৱক প্ৰধান সচিবসকলৰ লগতে অতিৰিক্তভাৱে আয়ুক্ত সচিবসকলক একো একোখন জিলাত উপস্থিত হৈ এই মেগা ক'ভিড ভেকচিনেশ্যন অভিযান(Mega Covid Vaccination Drive)ৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্রীয়ে ইতিমধ্যে নিৰ্দেশ দিছে ।

6.ভাৰত-নেপাল সীমান্তত চীনা নাগৰিক আটক

ভাৰত-নেপাল সীমান্তত আটক চীনা নাগৰিক ৷ বিহাৰৰ কিষাণগঞ্জ জিলা(Kishanganj district of Bihar)ৰ ভাৰত-নেপাল সীমান্তত নেপাললৈ পাৰ হোৱাৰ চেষ্টা কৰাৰ সময়তে আটক লোক দুজন ৷ আটকধীন লোক দুজনৰ এজন চীনা নাগৰিক Chojor Woser আৰু আনজন পশ্চিম বংগৰ শিলিগুৰিৰ Pema Bhutia নামৰ এজন ভাৰতীয় এজেণ্ট ৷

7.ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

বুধবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ(Raj Kundra) বিৰুদ্ধে নতুনকৈ 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট(Chargesheet) দাখিল মুম্বাই অপৰাধ শাখাৰ(Mumbai Crime Branch) সম্পত্তি কোষৰ(Property Cell) ৷ এস্প্লেনেড আদালতত(Esplanade Court) এই চাৰ্জশ্বীট দাখিল কৰা বুলি জানিব পৰা গৈছে ৷

8.গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ

কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে বুধবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় ৷ অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ জিলাখনৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী বিভাগৰ চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে যৌথভাৱে চলায় এই অভিযান ।

9.চনু চুডৰ চৌহদত আয়কৰ বিভাগৰ লোক

অভিনেতা চনু চুডৰ সৈতে নাম সংলগ্ন হৈ থকা চৌহদত উপস্থিত আয়কৰ বিভাগৰ বিষয়া ৷ কৰ ফাঁকি সন্দৰ্ভত এক গোচৰৰ তদন্তৰ ভিত্তিত অভিনেতাগৰাকীৰ সৈতে জড়িত চৌহদটোত আয়কৰ বিভাগে অভিযান চলায় ৷

10.নিবনুৱা সমাজলৈ আশাৰ ৰেঙণি ভূমি সংৰক্ষণ বিভাগৰ

টীয়কত ভূমি সংৰক্ষণ বিভাগৰ(Soil Conservation Department) প্ৰকল্প স্থাপন ৷ 22 লাখ টকা ব্যয় সাপেক্ষে টীয়কৰ মুদৈজানৰ পুখুৰীপৰিয়া অঞ্চলত মৎস্য উৎপাদনৰ লগতে বিভিন্ন ফল-মূল আৰু হাঁহ, কুকুৰা পালন কৰিছে বিভাগটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.