নিবনুৱা সমাজলৈ আশাৰ ৰেঙণি ভূমি সংৰক্ষণ বিভাগৰ

author img

By

Published : Sep 16, 2021, 12:07 PM IST

soil-conservation-department-has-set-up-a-project-in-teok

টীয়কত ভূমি সংৰক্ষণ বিভাগৰ(Soil Conservation Department) প্ৰকল্প স্থাপন ৷ 22 লাখ টকা ব্যয় সাপেক্ষে টীয়কৰ মুদৈজানৰ পুখুৰীপৰিয়া অঞ্চলত মৎস্য উৎপাদনৰ লগতে বিভিন্ন ফল-মূল আৰু হাঁহ, কুকুৰা পালন কৰিছে বিভাগটোৱে ৷

টীয়ক, 16 ছেপ্তেম্বৰ : টীয়কত ভূমি সংৰক্ষণ বিভাগৰ(Soil Conservation Department) প্ৰকল্পই আকৰ্ষণ কৰিছে সৰ্বত্ৰে ৷ ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ যোৰহাট জিলা সংমণ্ডলে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ(Pradhan Mantri Krishi Sinchayee Yojana) অধীনত প্ৰায় এক হেক্টৰ ভূমি সামৰি এক আদৰণীয় প্ৰকল্প স্থাপন কৰিছে ।

2020-21 বৰ্ষৰ 22 লাখ টকা ব্যয় সাপেক্ষে টীয়কৰ মুদৈজানৰ পুখুৰীপৰিয়া অঞ্চলত পূৰ্ণ গতিত চলি আছে এই কাম ৷ প্ৰায় ২০ জন যুৱকৰ সহযোগত বিভাগৰ জিলা ভূমি সংৰক্ষণ বিষয়া প্ৰসন্ন মুদৈৰ তত্বাৱধানত প্ৰকল্পটোৰ কাম চলি থকা বুলি জানিব পৰা গৈছে ৷

নিবনুৱা সমাজলৈ আশাৰ ৰেঙণি ভূমি সংৰক্ষণ বিভাগৰ

এই প্ৰকল্পত মৎস্য উৎপাদনৰ সমান্তৰালকৈ পাৰসমূহত কল, সাঁচি, নেমুটেঙাকে ধৰি বিভিন্ন খেতিৰ লগতে হাঁহ, কুকুৰা, ছাগলী পালনৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । এক কথাত ক’বলৈ হ’লে, এই প্ৰকল্পই অনাগত দিনত গ্ৰাম্য অৰ্থনীতি বাৰুকৈয়ে ত্বৰান্বিত কৰিব ৷ সম্প্ৰতি এই প্ৰকল্প সৰ্বত্ৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

যি সময়ত বিভিন্ন বিভাগৰ চৰকাৰী আঁচনিসমূহৰ ধনৰ শৰাধ পতা হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে, তেনে সময়তে যোৰহাট জিলা ভূমি সংৰক্ষণ বিভাগে চৰকাৰী ধনৰ উপযুক্ত ব্যৱহাৰ কৰি সফলতাৰ দিশে আগবাঢ়ি গৈছে ৷ লগতে এই ইতিবাচক প্ৰকল্পই নিবনুৱা সমাজলৈ আশাৰ ৰেঙণিৰ কঢ়িয়াই আনিব ৷

লগতে পঢ়ক: বিশ্বকৰ্মা পূজাক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে মৃৎশিল্পীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.