ETV Bharat / sitara

চনু চুডৰ চৌহদত আয়কৰ বিভাগৰ লোক

author img

By

Published : Sep 16, 2021, 1:56 PM IST

Updated : Sep 16, 2021, 2:10 PM IST

actor Sonu Sood
চনু চুড

অভিনেতা চনু চুডৰ সৈতে নাম সংলগ্ন হৈ থকা চৌহদত উপস্থিত আয়কৰ বিভাগৰ বিষয়া ৷ কৰ ফাঁকি সন্দৰ্ভত এক গোচৰৰ তদন্তৰ ভিত্তিত অভিনেতাগৰাকীৰ সৈতে জড়িত চৌহদটোত আয়কৰ বিভাগে অভিযান চলায় ৷

চিটাৰা ডেস্ক, 16 ছেপ্তেম্বৰ : কৰ ফাঁকি সন্দৰ্ভত এক গোচৰৰ তদন্তৰ ভিত্তিত অভিনেতা চনু চুডৰ সৈতে নাম সংলগ্ন হৈ থকা এটা চৌহদত অভিযান চলালে আয়কৰ বিভাগৰ বিষয়াই ৷ বুধবাৰে আয়কৰ বিভাগৰ বিষয়াসকলে মুম্বাই আৰু অন্য ঠাইত অভিনেতাগৰাকীৰ সৈতে নাম সংলগ্ন হৈ থকা চৌহদত অভিযান চলায় ৷

এই সন্দৰ্ভত চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, মহানগৰ আৰু লক্ষ্ণৌৰ কমেও ছখন ঠাইত আয়কৰ বিভাগে এই অভিযান চলায় ৷ অৱশ্যে চুডৰ বাসগৃহত এই অভিযান চলোৱা হৈছিল নে নাই সেই সন্দৰ্ভত বিভাগে কোনো কথা স্পষ্ট কৰা নাই ৷ বিভাগটোৱে জানিবলৈ দিয়া মতে, এটা ৰিয়েল ইষ্টেট চুক্তিৰ ওপৰত সম্প্ৰতি বিভাগৰ দৃষ্টি আছে ৷

উল্লেখ্য যে, ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ঘোষণা হোৱা লক ডাউনৰ সময়চোৱাত চনু চুডে বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰা লোকসকলৰ লগতে প্ৰব্ৰজনকাৰীসকলক তেওঁলোকৰ ঘৰত উপস্থিত হোৱাত বিশেষ সেৱা আগবঢ়াইছিল ৷

দেশৰ সংকটৰ সময়চোৱাত চনু চুডে আগবঢ়োৱা সহায়ৰ পাচতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চনু চুডক ব্ৰেণ্ড এম্বেচেডৰ কৰাৰ কথা ঘোষণা কৰিছিল ৷ শেহতীয়াকৈ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চৰকাৰে 'দেশ কা পৰামৰ্শদাতা'(Desh ka mentors) কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ কৰাৰ কথা ঘোষণা কৰিছিল ৷ এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলক তেওঁলোকৰ কেৰিয়াৰ বাছনি কৰাত পৰামৰ্শ প্ৰদানৰ লক্ষ্য লোৱা হৈছে ৷

লগতে পঢ়ক : পৰিচালক ইন্দ্ৰনীল গায়নলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

Last Updated :Sep 16, 2021, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.