ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

author img

By

Published : Sep 16, 2021, 2:18 PM IST

chargesheet against raj kundra
ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল ()

বুধবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ(Raj Kundra) বিৰুদ্ধে নতুনকৈ 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট(Chargesheet) দাখিল মুম্বাই অপৰাধ শাখাৰ(Mumbai Crime Branch) সম্পত্তি কোষৰ(Property Cell) ৷ এস্প্লেনেড আদালতত(Esplanade Court) এই চাৰ্জশ্বীট দাখিল কৰা বুলি জানিব পৰা গৈছে ৷

চিটাৰা ডেস্ক, 16 ছেপ্তেম্বৰ : পৰ্ণ’গ্ৰাফী(Pornography)ৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ(Raj Kundra) বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে অপৰাধ শাখাই ৷ বুধবাৰে কুন্দ্ৰাৰ বিৰুদ্ধে নতুনকৈ 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট(Chargesheet) দাখিল কৰে মুম্বাই অপৰাধ শাখাৰ(Mumbai Crime Branch) সম্পত্তি কোষে(Property Cell) ৷

অভিযুক্ত কুন্দ্ৰাৰ গোচৰ সন্দৰ্ভত এস্প্লেনেড আদালতত(Esplanade Court) এই অভিযোগ পত্ৰ দাখিল কৰা হয় ৷ বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে(Mumbai Police) শ্বেয়াৰ কৰা তথ্য অনুসৰি, 1500 পৃষ্ঠাৰ চাৰ্জশ্বীটখনত কুন্দ্ৰাৰ পত্নী তথা অভিনেত্ৰী শিল্পা চেট্টীকে(Shilpa Shetty) ধৰি 43 গৰাকী সাক্ষীৰ ভাষ্য অন্তৰ্ভুক্ত হৈ আছে ৷

অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰা, চেজল শ্বাহ, কুন্দ্ৰাৰ কোম্পানীৰ বহু মডেল আৰু কৰ্মচাৰীৰ বক্তব্য চাৰ্জশ্বীটখনত লিপিবদ্ধ কৰা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি, চাৰ্জশ্বীটখনত গোচৰৰ সৈতে জড়িত দুজন অভিযুক্তৰ নাম অন্তৰ্ভুক্ত আছে ।

উল্লেখ্য যে, বিগত 19 জুলাইত প’ৰ্ণ ছবি নিৰ্মাণৰ গোচৰত আন 11 গৰাকীৰ সৈতে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: বিশাল ভৰদ্বাজৰ স্পাই থ্ৰীলাৰ ছবি Khufiya ত দেখা যাব টাবুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.