ETV Bharat / state

পাতিলাদহাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক সম্বৰ্ধনা

author img

By

Published : Sep 30, 2021, 5:52 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহাত বুধবাৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক উষ্ম আদৰণি । কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পাতিলাদহা আঞ্চলিক সমিতিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকী আৰু আন বিষয়াসকলক সম্বৰ্ধনা জনায় । যোৱা ২৬ ছেপ্টেম্বৰত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্যসকলে শপত গ্ৰহণ কৰে ।

Chief Executive of Kamatapur Autonomous Council felicitated
পাতিলাদহাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক সম্বৰ্ধনা

বঙাইগাঁও, ৩০ ছেপ্টেম্বৰ : শপত গ্ৰহণৰ পাচতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্যসকলক উষ্ম আদৰণি জনালে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পাতিলাদহা আঞ্চলিক সমিতিয়ে । বুধবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহাত উপস্থিত হয় কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে পৰিষদৰ আন কেইবাগৰাকীও সদস্য । কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যসকলে পাতিলাদহাত সদস্যসকলক সম্বৰ্ধনা জনায় ।

পাতিলাদহাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক সম্বৰ্ধনা

যোৱা ২৬ ছেপ্টেম্বৰত অসম প্ৰশাসনিক মহাবিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোকুল বৰ্মনে মুখ্য কাৰ্যবাহী পৰিষদ, হিতেশ্বৰ বৰ্মনে অধ্যক্ষ আৰু চুকেন ৰায়ে উপাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে । এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ মন্ত্ৰী ৰণোজ পেগুৰ লগতে জয়ন্ত মল্ল বৰুৱা ।

গোকুল বৰ্মনে কয় যে, ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল যদিও অসম চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰি পূৰ্বৰ তালিকাখনকে বাহাল ৰাখি তেওঁক এতিয়া এই দায়িত্ব অৰ্পণ কৰিছে । লগতে তেওঁ কয় যে, এতিয়া তেওঁলোকে মত বিৰোধ বাদ দি জনগোষ্ঠীটোৰ উন্নয়নৰ দিশত কাম কৰাৰ মন মেলিছে আৰু সকলোকে সহায়-সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় । যোৱা ৭ জানুৱাৰী মাহত কেন্দ্ৰীয় শ্বহীদ দিৱসত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

এইবাৰ বঙাইগাঁৱত অনুষ্ঠিত হ'ব অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক । কোচ ৰাজবংশী আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকলৰ পৰিয়াল বৰ্গক পাঁচ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । এই ক্ষেত্ৰত গোকুল বৰ্মনে কোচ ৰাজবংশী উন্নয়নৰ সপক্ষে লোৱা ভূমিকাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক:কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.