কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

author img

By

Published : Sep 30, 2021, 2:21 PM IST

cabinet meeting at dhemaji

ধেমাজিত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে কেবিনেট বৈঠক ৷ পুৱা ১১ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈছে বৈঠক । বৈঠকৰ প্ৰস্তুতিক লৈ দ্বিতীয়খন দিছপুৰত পৰিণত হৈছে ধেমাজি ৷ বৈঠকত গ্ৰহণ কৰা হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ধেমাজি, 30 ছেপ্টেম্বৰ : ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে পুৱাই ধেমাজিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ধেমাজিত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

cabinet meeting at dhemaji
কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা ৯.৩০ বজাত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনা ২০১৭-১৮ বৰ্ষৰ অধীনত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা ধেমাজিৰ বেঙেনাগড়া-কঁঠালগুৰি পথত ফাতিহা-বৰডুবি জানৰ ওপৰত এখন পকী দলং উদ্বোধন কৰে । দলঙখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দ্ৰুত অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলো কোণত থকা পথ সংযোগ উন্নত কৰাৰ লক্ষ্য দৃঢ়তাৰে অনুসৰণ কৰাৰ কথা ব্যক্ত কৰে ।

cabinet meeting at dhemaji
কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে এই সময়ছোৱাত কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকে । ফাতিহা-বৰডুবি পকী দলঙৰ পাছত ড৹ শৰ্মাই মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত ধেমাজিৰ বটুৱা-ৰাংকুপ পথৰ বটুৱা নৈৰ ওপৰত আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনা ২০১৮-১৯ বৰ্ষৰ অধীনত দুসুঁতিমুখ-কাইটং সংযোগী দলং দুখনো উদ্বোধন কৰে ।

কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰতিষ্ঠান পৰিদৰ্শন কৰে । তেওঁ বাটঘৰীয়া জিমনাষ্টিক ক্লাবত উপস্থিত হৈ বিভা হিমাংশু মে’মৰিয়েল ট্ৰাষ্টে প্ৰদান কৰা বিভিন্ন খেলৰ সামগ্ৰীসমূহ উদ্বোধন কৰে । ইয়াৰ লগতে বাটঘৰীয়া অংগনবাদী কেন্দ্ৰ আৰু বাটঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়খনো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ।

cabinet-meeting-at-dhemaji
কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী

লগতে পঢ়ক : অক্টোবৰত নগা সমস্যা সমাধানৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.