ETV Bharat / state

সম্পূৰ্ণ অনাময়ৰ উদ্দেশ্য়েৰে বিশ্ব শৌচালয় দিৱস পালন

author img

By

Published : Nov 19, 2020, 7:58 PM IST

world toilet day
sanitary toilet

আজি বিশ্ব শৌচালয় দিৱস ৷ সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘৰ দ্বাৰা 19 নৱেম্বৰ দিনটো পালন কৰা হয় বিশ্ব শৌচালয় দিৱস হিচাপে ৷ তথ্য অনুসৰি সমগ্ৰ বিশ্বত বৰ্তমানেও 4.2 বিলিয়ন লোকে অনাময় শৌচালয়ৰ সুবিধা লাভ কৰা নাই ৷ বিশ্বৰ প্ৰেক্ষাপটত অসমত অনাময় শৌচালয় ব্যৱস্থাৰ ছবিখন কেনে ? সেয়া হয়তো আপোনাৰো জানিবলৈ মন যাব ৷ বিশ্ব শৌচালয় দিৱস উপলক্ষে ইটিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন...

বিশ্বনাথ চাৰিআলি, 19 নৱেম্বৰ : এটা সময় আছিল,যেতিয়া মানুহে মুকলিত গৈ "মল ত্যাগ" কৰিছিল । বহু গ্ৰামাঞ্চল আৰু ভিতৰুৱা অঞ্চলত মুকলি পথাৰ, হাবিতলীয়া অঞ্চল আদিয়েই আছিল মলত্যাগৰ থলী ৷ মুকলিত এইদৰে মলত্যাগ কৰাৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিছিল । গ্ৰহণী, কলেৰা, ডায়েৰীয়া আদি ৰোগত একো একোটা বৃহৎ অঞ্চলৰ লোক মৰি-হাজি শেষ হোৱা আমি কিতাপে-পত্ৰই পঢ়িবলৈ পাও ৷ সেই ধৰণৰ ঘটনাৰ মূল কাৰণ আছিল মুকলিত মলত্যাগ বা অপৰিস্কাৰ পৰিৱেশ ৷ সেই দৃশ্য়পট তিয়া অতীত হ’ল ৷ বৰ্তমান মানুহে অনাময় শৌচালয় ব্যৱস্থাক অৱলম্বন কৰিবলৈ লৈছে ৷ মানুহে বুজি উঠিছে ইয়াৰ গুৰুত্ব ৷ চৰকাৰেও দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে নিৰ্মাণ ঘৰে ঘৰে অনাময় শৌচালয় নিৰ্মাণৰ দিহা কৰিছে ৷ ৰাজহুৱা স্থানতো নিৰ্মাণ কৰা হৈছে শৌচাগাৰ ৷

সম্পূৰ্ণ অনাময়ৰ উদ্দেশ্য়েৰে বিশ্ব শৌচালয় দিৱস পালন

বিশ্ব শৌচালয় দিৱসত বিশেষ চৰ্চাৰ লাভ কৰিছে বিশ্বনাথৰ বৰগাংৰ এজন সমাজ সচেতন যুৱকে । স্বপন পাল নামৰ এই যুৱকজনৰ পৰামৰ্শ নেতৃত্বত এতিয়া তেওঁৰ গাঁও খনত ঘৰে ঘৰে নিৰ্মাণ হৈছে শৌচাগাৰ । ২০১০ চনৰ পৰাই সজাগতা সৃষ্টি কৰি আহিছে স্বপন পালে । পানী-বায়ুৰ এপৰত মানুহৰ যেনেকৈ জন্মস্বত্ব থাকে, ঠিক তেনেকৈ অনাময় অধিকাৰো মানুহে জন্মসূত্ৰেই লাভ কৰে ৷ অনাময় ব্যৱস্থাৰ অভাৱে মানুহৰ স্বাস্থ্য,সন্মান আদি বিঘ্নিত কৰে ।

একমাত্ৰ অনাময় ব্যৱস্থাৰ অভাৱৰ বাবে ভালে কেইটা সংক্ৰামক ৰোগ হয় আৰু ৰোগ সৃষ্টিকাৰী পৰজীৱীৰ সংক্ৰমণ ঘটে । মুকলিত শৌচ কৰাৰ ফলত মানুহৰ শৰীৰত ডায়েৰিয়া সংক্ৰমণ হোৱাৰ লগতে আৰু তেজত মিহলি হৈ থকা চেপেটা পৰজীৱী কৃমি সৃষ্টি হয় । তাৰোপৰি শিশুসকলৰ মাজত ক্ৰণিক পুষ্টিহীনতাই দেখা দিয়ে । মানুহৰ মলৰ সংস্পৰ্শলৈ অহাৰ পৰিণতিত পৰিৱেশজনিত ৰোগত ভোগাৰ ফলতে শিশুসকলৰ মাজত এনেধৰণৰ পুষ্টিহীনতা দেখা যায় । বিভিন্ন কাৰণত হোৱা ডায়েৰিয়া ৰোগৰ ৫৮ শতাংশই অনুপযুক্ত অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতাৰ অভাৱৰ ফলত দূষিত হোৱা পানীৰ পৰা হয় বুলি প্ৰকাশ কৰে বিহালী প্ৰাথমিক চিকিৎসালয় জ্যেষ্ঠ চিকিৎসক ডাঃ যোগেন চন্দ্ৰ বে’য়ে ।

তেখেতে লগতে কয় শৌচাগাৰ ব্যৱহাৰ পাচত যদি মানুহে ভালদৰে চাবোনেৰে হাত ধোৱা ব্যৱস্থা কৰে বহু উপকৃত হয় । আনহাতে যদি মানুহৰ চাবোনেৰে হাত
নোধোৱাৰ অভ্যাস থাকে তেন্তে বহু ৰোগ হোৱাৰ সম্ভাৱনা থাকে বুলি উল্লেখ কৰে চিকিৎসক গৰাকীয়ে । ২০১৩ চনত দূষিত পানী, অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতাৰ অভাৱৰ পৰিণতিত হোৱা ডায়েৰিয়া ৰোগত পাঁচ বছৰৰ তলৰ প্ৰায় ৩ লাখ ৪০ হেজাৰ শিশুৰ মৃত্যু হৈছিল ৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে যোৱা কেইবাছৰ ধৰি উপযুক্ত অনাময় ব্যৱস্থা নিৰ্মাণ কৰাৰ পিচত শিশুসকলৰ মাজত ডায়েৰিয়াৰ সংক্ৰমণ ৭ৰ পৰা ১৭ শতাংশলৈ হ্ৰাস পাইছে ।

চিকিৎসক গৰাকীয়ে আৰু কয় যে, পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি যিমানবোৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি, শৌচালয় যোগান ধৰি তাৰ দুগুণ সংখ্যক ৰোগৰ পৰা মানুহক বচাব পৰা যায় । শৌচালয় এটাৰ প্ৰয়োজনীয়তা দেখাত বৰ বেছি গুৰুত্বপূৰ্ণ যেন নেলাগিব পাৰে, কিন্তু প্ৰকৃতাৰ্থত মানুহক সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰখাত শৌচালয় এটিৰ গুৰুত্ব অপৰিসীম । মুকলিত নিত্যকৰ্ম কৰা লোকৰ সন্মান আৰু নিৰাপত্তা বিঘ্নিত হয় । বিশেষভাৱে উন্নয়নশীল দেশবিলাকৰ মহিলা আৰু যুৱতীসকলৰ ক্ষেত্ৰত এই কথা বিশেষভাৱে প্ৰযোজ্য । এওঁলোকে গোপনীয়তা হেৰুৱায় আৰু অপমানৰো সন্মুখীন হ’বলগা হয় । মহিলাসকলে মুকলিত নিত্যকৰ্ম কৰিবলগা হোৱাতকৈ গোটেই দিনটো পায়খানাৰ প্ৰৱণতা থাকিলেও নিৰৱে সহ্য কৰি সন্ধিয়াৰ পিছত আন্ধাৰ নমালৈ ৰৈ থাকিবলগা হয় । উন্নয়নশীল অৰ্থাৎ অনগ্ৰসৰ কিছুমান দেশত মহিলাসকলে শৌচালয়লৈ গ’লে অসৎ লোকৰ উৎপীড়ন আৰু ধৰ্ষণ আদিৰ সন্মুখীন হোৱাৰ ভয়ত ঘৰ এৰি বাহিৰলৈ যাব নোখোজে বুলি প্ৰকাশ কৰে ডাঃ যোগেন চন্দ্ৰ বে’য়ে ।

বিশ্বনাথ জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা জানিব পৰা মতে ২০১৪ চনৰ পৰা স্বচ্ছ ভাৰত মিচন আঁচনি জৰিয়তে বিশ্বনাথ জিলাত প্ৰায় ৯৫ হাজাৰ বিনামূলীয়া শৌচাগাৰ নিৰ্মাণ কৰি ৰাইজলৈ আগবঢ়োৱা হৈছে । আনহাতে, বিশ্বনাথ জিলা বিহালী সমষ্টিতে বিহালী উন্নয়ন খণ্ড অন্তৰ্গত বিভিন্ন গাঁৱত প্ৰায় ১২ হাজাৰ বিনামূলীয়াকৈ ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে বৰ্তমান জিলা খনৰ ৯৮২ খন ৰাজহ গাঁৱত ৯৮২ টা ৰাজহুৱা শৌচাগাৰ আঁচনিৰ নিৰ্মাণ কাৰ্য চলি থকা বুলি জানিব পৰা গৈছে । এইদৰে যদি প্ৰতিটো অঞ্চলতে ৰাইজ সজাগ হয় তেন্তে, অনাময় ব্যৱস্থাই এক মাত্ৰা লাভ কৰাৰ লগতে ৰোগ নিৰাময় হ’ব ৷ স্বচ্ছতাই এক নতুন গতি লাভ কৰিব ৷

লগতে পঢ়ক : স্বাস্থ্য বিভাগৰ ক’ভিড বিভ্ৰান্ত : ৰোগীক সজালে কৰ’ণা আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.