ETV Bharat / state

স্বাস্থ্য বিভাগৰ ক’ভিড বিভ্ৰান্ত : ৰোগীক সজালে কৰ’ণা আক্ৰান্ত

author img

By

Published : Nov 19, 2020, 1:56 PM IST

পুনৰ পোহৰলৈ আহিছে কৰ’ণা আক্ৰান্তৰ বিভ্ৰান্তৰ তথ্য ৷ এগৰাকী ৰোগীক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এনে ভয়ংকৰ ঘটনা ৷ অন্য ৰোগত আক্ৰান্ত এগৰাকী ৰোগীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছতো মৃত্যুৰ প্ৰমাণপত্ৰত উল্লেখ কৰা হৈছে ক’ভিড 19 ত আক্ৰান্ত ৰোগী হিচাপে ৷ আনকি ক’ভিড প্ৰট’কল অনুসৰি, পৰিয়ালৰ লোকক আঁতৰত ৰাখি শেষকৃত্য সম্পন্ন কৰা হৈছে লোকগৰাকীৰ ৷ ৰোগীগৰাকীৰ মৃত্যুৰ পিছত অনলাইনত থকা কোভিড পৰীক্ষাৰ ফলাফলত স্পষ্ট হৈছে ক’ভিড নিগেটিভ হিচাপে ৷ ৰোগীগৰাকীৰ মৃত্যু ৮ নৱেম্বৰৰ পূৰ্বে সৎকাৰৰ পত্ৰত উল্লেখ কৰা হৈছে ৮ ছেপ্তেম্বৰ হিচাপে ৷

covid 19 controversy in nagaon assam etv bharat news
স্বাস্থ্য বিভাগৰ ক’ভিড বিভ্ৰান্ত

নগাঁও,19 নৱেম্বৰ: ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কৰ্মকাণ্ডই মাজে মাজে অস্বস্তিত পেলাই ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালক ৷ স্বাস্থ্য বিভাগ যিমানে উন্নত বুলি স্বাস্থ্য মন্ত্ৰীয়ে দাবী কৰিছে সিমানে বিসংগতি ধৰা পৰিছে বিভাগটোত ৷ এইবাৰ এনে বিসংগতি ধৰা পৰিছে নগাঁৱৰ এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত ৷ নগাঁৱৰ নৰদেৱ মহন্ত নামৰ লোকগৰাকীৰ ক’ভিড 19 পৰীক্ষাৰ ফলাফল প্ৰথমে নিগেটিভ আহিছিল ৷ বিগত ৯ নৱেম্বৰত অনলাইনত আপডেট হৈ থকা নৰদেৱ মহন্তৰ ক’ভিড পৰীক্ষাৰ ফলাফলত স্পষ্টকৈ উল্লেখ আছিল লোকগৰাকী ক’ভিড নিগেটিভ হিচাপে ৷ নগাঁৱৰ জাজৰী এফলিয়াবৰিৰ নৰদেৱ মহন্তক শাৰীৰিক অসুস্থতাৰ বাবে ২৮ অক্টোবৰত পৰিয়ালৰ লোকে ভৰ্তি কৰায় ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসালয়ত ৰেপিড এণ্টিজেন পৰীক্ষাত ব্যক্তিগৰাকীৰ শৰীৰত ক’ভিড নিগেটিভ পোৱা যায় ৷ পৰৱৰ্তী সময়ত অসুস্থ নৰদেৱ মহন্তক নগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ জিএমচিএইচত স্বাৱ পৰীক্ষাত ব্যক্তিগৰাকী ক’ভিড 19 ত আক্ৰান্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক অৱগত কৰি মহন্তক ভৰ্তি কৰোৱায় ক’ভিড কক্ষত ৷ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় লোকগৰাকীয়ে ৷ ৮ নৱেম্বৰত মৃত্যুবৰণ কৰা নৰদেৱ মহন্তৰ পৰিয়ালে লাভ কৰা মৃত্যুৰ প্ৰমাণপত্ৰত লোকগৰাকী কৰ’ণাত আক্ৰান্ত বুলি ধৰা পৰে ৷ ইয়াৰ বিপৰীতে ৯ নৱেম্বৰলৈকে অনলাইনত থকা ক’ভিড পৰীক্ষাৰ ফলাফলত কিন্তু ক’ভিড নিগেটিভ বুলিয়েই উল্লেখ থকা দেখা যায় ৷

স্বাস্থ্য বিভাগৰ ক’ভিড বিভ্ৰান্ত

ক’ভিড ১৯ ক কেন্দ্ৰ কৰি সজাগ আৰু সতৰ্ক বুলি দাবী কৰা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে এতিয়া ক্ষুব্ধ হৈ পৰিছে নৰদেৱ মহন্তৰ পৰিয়াল ৷ মহন্তৰ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰতো চূড়ান্ত গাফিলতি সংঘটিত কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ মহন্তৰ মৃত্যুৰ দিনটোত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ এক অনুষ্ঠান থকাৰ বাবেই মৃতদেহক গুৰুত্বহীন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিষয়া, চিকিৎসক সকলো ব্যস্ত থকাৰ বাবে বহু পলমকৈ মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰে পৰিয়ালক ৷ তদুপৰি নৰদেৱ মহন্তৰ সৎকাৰৰ বাবে কামৰূপ মেট্ৰ'ৰ অতিৰিক্ত উপায়ুক্তই পৰিয়ালৰ লোকক প্ৰদান কৰা পত্ৰখনত নৰদেৱ মহন্তৰ মৃত্যু ৮ নৱেম্বৰৰ পৰিৱৰ্তে ৮ ছেপ্তেম্বৰ বুলিহে উল্লেখ কৰা হৈছে ৷

covid 19 controversy in nagaon assam etv bharat news
নৰদেৱ মহন্তৰ অনলাইনত উপলব্ধ মৃত্যুৰ প্ৰমাণপত্ৰ

বিয়াগোম স্বাস্থ্য বিভাগৰ এনে একাধিক বিসংগতিয়ে উত্থাপন কৰিছে বহু প্ৰশ্নৰ ৷ ক’ভিড ১৯ ক লৈ এইখন অসমত আচলতে চলিছে কি ! ইয়াৰ উত্তৰ হয়তো আছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাততহে ৷

লগতে চাওকঃ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.