ETV Bharat / state

ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত প্ৰতিবাদ

author img

By

Published : Nov 19, 2020, 12:55 PM IST

protest against privatization of public property in guwahati
মহানগৰীত ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ

বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী ৰিফাইনেৰীৰ চৌহদৰ সমীপত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু চিটুৰ প্ৰতিবাদ ৷ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতা আৰু সমকামৰ বাবে সমমৰ্যদাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত সংস্থাকেইটাৰ ৷

গুৱাহাটী,19 নৱেম্বৰ : ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে সমকামৰ বাবে সমমৰ্যদাৰ দাবীৰে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন, চিটুৱে ৷ গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী ৰিফাইনেৰীৰ চৌহদৰ সমীপত এক প্ৰতিবাদী জনসভা ৰূপায়ন কৰে সংস্থাকেইটাই ৷

প্ৰতিবাদী সভাত বিজেপি চৰকাৰক জনবিৰোধী চৰকাৰ আখ্যা দিয়ে ট্ৰেড ইউনিয়নৰ কৰ্মীসকলে ৷ তেওঁলোকে কয় যে, ‘‘ৰাজ্যৰ সকলো ৰাজহুৱা সম্পত্তি এইখন চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব বিচাৰিছে ৷ ইতিমধ্যে APDCLকে ধৰি প্ৰায়বোৰ ৰাজহুৱা সম্পত্তি পুঁজিপতিৰ হাতত বিজেপি চৰকাৰে অৰ্পণ কৰিলে ৷ আমি চৰকাৰৰ এনে কাৰ্যক কেতিয়াও মানি ল’ব নোৱাৰো ৷ এইখন চৰকাৰে পুৰুষ-মহিলাৰ মাজত বিভেদ আনিব খুজিছে ৷ আমি পুৰুষ-মহিলা সকলোকে সমকামৰ বাবে সমমৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাইছো’’ ৷

মহানগৰীত ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ

উল্লেখ্য যে, দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডৰ হাতত হস্তান্তৰ কৰাৰ বিৰোধিতা কৰি আগন্তুক 26 নৱেম্বৰত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনে দেশজুৰি পুনৰ ধৰ্মঘট ৰূপায়ণৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক : বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.