ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10

author img

By

Published : Dec 7, 2022, 7:08 PM IST

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10

MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

দিল্লী পৌৰ নিগম চতুৰ্থবাৰলৈ দখলৰ বিজেপিৰ সপোন চাৰখাৰ ৷ আম আদমী পাৰ্টীয়ে একক সংখ্যগৰিষ্ঠতাৰে দিল্লী পৌৰ নিগমত নিজৰ আধিপত্য স্থাপন কৰে ৷ 2007 চনৰ পৰাই একেৰাহে তিনিবাৰকৈ দিল্লী পৌৰ নিগম নিজৰ দখলত ৰাখিছিল বিজেপিয়ে ৷

MCD election results 2022 : আপৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ জয়লাভ

অৱশেষত দিল্লী পৌৰ নিগমো নিজৰ দখললৈ নিলে আম আদমি পাৰ্টীয়ে (AAP wins MCD election)। আপৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ জয়লাভ । ৪৩ নং চুলতানপুৰী-A ৱাৰ্ডৰ পৰা জয়ী হ'ল ববি কিন্নৰ ।

Foundation Day of Assam Cooperative Apex Bank: অসমত এতিয়া সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰে: মুখ্যমন্ত্ৰী

অসম সমবায় এপেক্স বেংক লিমিটেডে ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে (Assam Co Operative Apex Bank Diamond Jubilee) । অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বেংকটোৰ বিভিন্ন বিষয়ত মন্তব্য কৰে । এটা সময়ত বেংকটোত জটিলতা অহাৰ মূল কাৰণ আছিল একাধিক ইউনিয়নৰ প্ৰাদুৰ্ভাৱ । ইউনিয়নৰ বাবে এসময়ত বেংকটো ধ্বংসৰ ফালে গতি কৰিছিল ।

Khanin Mahanta passes away: অসম আন্দোলনৰ থিংক টেংক খনীন মহন্ত আৰু নাই

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ আগশাৰীৰ নেতা খনীন মহন্ত আৰু নাই(Assam Movement leader Khanin Mahanta no more) ৷ আজি বিয়লি বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নেতাগৰাকীয়ে ৷

AAP Win MCD : কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদৰ প্ৰয়োজন: কেজৰিৱাল

অৰবিন্দ কেজৰিৱালে আপ, বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় দলৰ সকলো বিজয়ীক অভিনন্দন জনাই কয় যে তেওঁলোক সকলোৱে একেলগে কাম কৰিব লাগিব (AAP Win MCD) । আপপন্থী আৰু কেজৰিৱালপন্থী শ্লোগানৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, "মইতো সকলোকে ভালপাওঁ (Kejriwal congratulated all winners of MCD) ।"

Japanese billionaire will enter space: মহাকাশত প্ৰৱেশৰ দিশে এইগৰাকী জাপানী কোটিপতি

জাপানৰ কোটিপতি ব্যৱসায়ী ইউছাকু মায়েজাৱাৰৰ এক টুইটে মহাকাশ উদ্যোগত আলোড়নৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ তেওঁ মহাকাশ কোম্পানী স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হৈছিল । য'ত তেওঁলোকে মহাকাশৰ সৈতে জড়িত কিছুমান ডাঙৰ পৰিকল্পনাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে । সবিশেষ পঢ়ক...

Bharat Jodo Yatra in Assam: শিৱসাগৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা অসমৰ দলটো শিৱসাগৰত উপস্থিত হৈছে (Assam Bharat Jodo Yatra team at Sivasagar)। ৰংঘৰৰ বাকৰিত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান কংগ্ৰেছৰ । চৰকাৰক কঠোৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ ।

Mirabai Chanu wins silver: ৰূপৰ পদকেৰে বিজয় অক্ষুণ্ণ ৰাখিলে অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২২ ত ৰূপৰ পদক অৰ্জন কৰিছে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈ মীৰাবাঈ চানুৱে (Mirabai sanu win silver medal in World Weightlifting Championships 2022)

FIFA World Cup 2022 : 9 ডিচেম্বৰৰ পৰা বিশ্বকাপৰ কোৱার্টাৰ ফাইনেল

চূড়ান্ত হৈছে ফিফা বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলৰ অন্তিম ৮ টা দল (Qatar world cup quarter finals) । প্রি-কোৱার্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰি অন্তিম আঠটা স্থানলৈ উন্নীত হৈছে নেদাৰলেণ্ড, আর্জেণ্টিনা, ক্র’ৱেছিয়া, ব্রাজিল, ফ্রান্স, ইংলেণ্ড, মৰক্কো আৰু পর্তুগাল । কোৱাৰ্টাৰ ফাইনেলত কোনে কাৰ বিৰুদ্ধে কেতিয়া অৱতীৰ্ণ হ'ব চাওঁ আহক এবাৰ (FIFA world cup 2022) ।

Vicky Kaushal instagram: বিকীক ‘এনে ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈ কাতৰ অনুৰোধ কেটৰিণাৰ

বিকী কৌশলে তেওঁৰ আহিবলগীয়া ছবি গোবিন্দা নাম মেৰাৰ তৃতীয়টো গান Kyaa Baat Haii 2.0 ত নৃত্য কৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টো শ্বেয়াৰ কৰি বিকীয়ে লিখিছে যে পত্নী কেটৰিণা কাইফে 'তেওঁক এনে ধৰণৰ ক্লিপ ছ’চিয়েল মিডিয়াত পোষ্ট নকৰিবলৈ অনুৰোধ জনাইছে' ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.