ETV Bharat / state

Foundation Day of Assam Cooperative Apex Bank: অসমত এতিয়া সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰে: মুখ্যমন্ত্ৰী

author img

By

Published : Dec 7, 2022, 5:32 PM IST

অসম সমবায় এপেক্স বেংক লিমিটেডে ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে (Assam Co Operative Apex Bank Diamond Jubilee) । অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বেংকটোৰ বিভিন্ন বিষয়ত মন্তব্য কৰে । এটা সময়ত বেংকটোত জটিলতা অহাৰ মূল কাৰণ আছিল একাধিক ইউনিয়নৰ প্ৰাদুৰ্ভাৱ । ইউনিয়নৰ বাবে এসময়ত বেংকটো ধ্বংসৰ ফালে গতি কৰিছিল ।

Assam CM
অসমত এতিয়া সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰে

গুৱাহাটী,৭ ডিচেম্বৰ : অসম সমবায় এপেক্স বেংক লিমিটেডে ৭৫ বছৰত ভৰি দিলে । বেংকটোৰ গৌৰৱোজ্জ্বল ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তীবৰ্ষ বুধবাৰে গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় (Assam Co Operative Apex Bank Diamond Jubilee)। এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰি বেংকটোৰ সমূহ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে ।

Assam CM
অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰেৰণাৰে ১৯৪৮ চনৰ ২০ অক্টোবৰত অসম কো-অ'পাৰেটিভ এপেক্স বেংকৰ জন্ম হৈছিল । ৭৫ টা বছৰত ভৰি দিয়া বেংকটোৱে আজি কিছু বছৰৰ পৰা লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে । বেংকটোত নতুন নিযুক্তি হৈছে আৰু মৰহি যোৱা বেংকটো লাহে লাহে ঠন ধৰি উঠিছে (Assam CM on Assam Co Operative Apex Bank success)। ২০০৮ চনৰ পৰা বেংকটোৰ লগত প্ৰত্যক্ষ তথা পৰোক্ষভাৱে জড়িত হৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এটা সময়ত বেংকটোত জটিলতা অহাৰ মূল কাৰণ আছিল একাধিক ইউনিয়নৰ প্ৰাদুৰ্ভাৱ ।

Assam CM
অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

ইউনিয়নবাজিৰ বাবে এসময়ত বেংকটো ধ্বংসৰ ফালে গতি কৰিছিল । ইউনিয়ন কৰা লোকসকলে নিজে বেংকটোৰ বাবে ভাল কৰি থকা বুলি ভাবে । কিন্তু প্ৰকৃততে তেনে নহয় । যিকোনো অনুষ্ঠানত ইউনিয়নৰ বেনাৰখন দেখাৰ লগে লগে গ্ৰাহকৰ মনত সন্দেহ আৰম্ভ হয় যে তেওঁৰ টকা সুৰক্ষিত হয় নে নহয় । ইয়াত মানসিকতাৰ কথা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০০৮ চনত তেওঁ জড়িত হোৱাৰ পাছত ইউনিয়নবাজি লাহে লাহে কমি আহিল ।

Assam CM
অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

আগন্তুক অমৃত কালত বেংকটোৰ পৰা ইউনিয়নবাজি নোহোৱা হৈ যোৱাৰ কামনা কৰি মুখ্যমন্ত্রীয়ে কয় যে এটা মাত্র স্বীকৃত ইউনিয়ন থাকক । যি ইউনিয়নে বেংকটোৰ ৱাটছ ড'গৰ ভূমিকা পালন কৰক । বেংকটোৰ ভাল-বেয়াটো নজৰত ৰাখক । মুখ্যমন্ত্রীয়ে লগতে কয় যে লক্ষ্য হ'ব লাগে বেংকটোৱে ৰাষ্ট্ৰীয়কৃত বেংকৰ স্বীকৃতি পোৱাটো ।

অনুষ্ঠানত বিষয়াসকলক বেংক সম্পৰ্কীয় উন্নত ধাৰণা বিকশিত কৰিবলৈ আৰু গ্ৰাহকসকলক উন্নত সেৱা আগবঢ়োৱাৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায় । লগতে নিষ্ঠাৱান গ্ৰাহকৰ ডাটাবেচ বিকশিত কৰিবলৈ আৰু অহা কেইবছৰমানৰ ভিতৰত ৰাষ্ট্ৰীয়কৃত বেংকৰ মৰ্যাদাপ্ৰাপ্ত কৰাৰ বাবে এক মিছন মুডত কাম কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে । প্ৰসংগক্ৰমে মুখ্যমন্ত্রীয়ে কয় যে অসমত এটা পষেকত প্ৰায় ১৫ হাজাৰ কোটি টকাৰ কাম হাতত লোৱা হৈছে ।

বিগত ডেৰ বছৰত চৰকাৰে কোনো সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ বা বোজা বঢ়োৱা নাই । বৰং পেট্ৰ'ল-ডিজেলৰ দাম কমোৱা হৈছে । তেনেস্থলত চৰকাৰৰ হাতলৈ অতিৰিক্ত পুঁজি ক'ৰ পৰা আহিল । তাৰ মূল কাৰণটোৱে হ'ল যে অসমৰ প্ৰতি বাহিৰত থকা মানুহৰ ধাৰণা সলনি হৈছে ।

অসমত এতিয়া আন্দোলন নাই, ধৰ্ণা-ধৰ্মঘট নাই । সকলোৱে এতিয়া অসমত নিজকে সুৰক্ষিত অনুভৱ কৰে । ধাৰণাই মানুহৰ জীৱনত প্ৰভাৱ পেলায় বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে । অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ১০০ গৰাকী নতুন নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে বেংকৰ দুখন ভ্ৰাম্যমান এ টি এম ভান মুকলি কৰে । অনুষ্ঠানত কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, যোগেন মহন, জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোছা, বেংকটোৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ ফুকন, উপাধ্যক্ষ গৌতম বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক :Bharat Jodo Yatra in Assam: শিৱসাগৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.