ETV Bharat / sports

FIFA World Cup 2022 : 9 ডিচেম্বৰৰ পৰা বিশ্বকাপৰ কোৱার্টাৰ ফাইনেল

author img

By

Published : Dec 7, 2022, 12:46 PM IST

FIFA
FIFA

চূড়ান্ত হৈছে ফিফা বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলৰ অন্তিম ৮ টা দল (Qatar world cup quarter finals) । প্রি-কোৱার্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰি অন্তিম আঠটা স্থানলৈ উন্নীত হৈছে নেদাৰলেণ্ড, আর্জেণ্টিনা, ক্র’ৱেছিয়া, ব্রাজিল, ফ্রান্স, ইংলেণ্ড, মৰক্কো আৰু পর্তুগাল । কোৱাৰ্টাৰ ফাইনেলত কোনে কাৰ বিৰুদ্ধে কেতিয়া অৱতীৰ্ণ হ'ব চাওঁ আহক এবাৰ (FIFA world cup 2022) ।

স্পৰ্টছ ডেস্ক, ৭ ডিচেম্বৰ : চূড়ান্ত হৈছে ফিফা বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলৰ অন্তিম ৮ টা দল (Qatar world cup quarter finals) । প্রি-কোৱার্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰি অন্তিম আঠটা স্থানলৈ উন্নীত হৈছে নেদাৰলেণ্ড, আর্জেণ্টিনা, ক্র’ৱেছিয়া, ব্রাজিল, ফ্রান্স, ইংলেণ্ড, মৰক্কো আৰু পর্তুগাল । কোৱাৰ্টাৰ ফাইনেলত কোনে কাৰ বিৰুদ্ধে কেতিয়া অৱতীৰ্ণ হ'ব চাওঁ আহক এবাৰ (FIFA world cup 2022) ।

বিশ্বকাপৰ প্রথম কোৱার্টাৰ ফাইনেলত সমুখ সমৰত অৱতীৰ্ণ হ'ব ক্র’ৱেছিয়া আৰু ব্রাজিল (Croatia vs Brazil quarter final match) । প্রি-কোৱার্টাৰ ফাইনেলত জাপানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে ক্র’ৱেছিয়াই । আনহাতে, ব্রাজিলে বিশ্বকাপৰ পৰা বাহিৰ উলিয়াই দক্ষিণ কোৰিয়াক । অহা শুকুৰবাৰ, ৯ ডিচেম্বৰত ক্র’ৱেছিয়া আৰু ব্রাজিলে কাটাৰ বিশ্বকাপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব । কাটাৰৰ এডুকেচন চিটি ষ্টেডিয়ামত ভাৰতীয় সময় মতে নিশা ৮.৩০ বজাত দুয়োটা দলে ছেমি ফাইনেলৰ বাবে যুঁজত অৱতীৰ্ণ হ'ব (Qatar world cup football) ।

শুকুৰবাৰেই দ্বিতীয় কোৱার্টাৰ ফাইনেলত পৰস্পৰৰ মুখামুখি হ'ব আর্জেণ্টিনা আৰু নেদাৰলেণ্ড (Arjentina vs Natherlands quarter final match) । প্রি-কোৱার্টাৰ ফাইনেলত আর্জেণ্টিনাই অষ্ট্ৰেলিয়াক আৰু নেদাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ যোগ্যতা অৰ্জন কৰিছে । কাটাৰৰ লুছাইল আইকনিক ষ্টেডিয়ামত ভাৰতীয় সময় মতে নিশা ১২.৩০ বজাত দুয়োটা দল মুখামুখি হ'ব । উল্লেখ্য, এইটো ষ্টেডিয়ামতে এইবাৰৰ বিশ্বকাপ ফাইনেল খেল অনুষ্ঠিত হ'ব ।

আনহাতে, তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৱে পৰ্তুগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব (Morocco vs Portugal quarter final match) । প্রি-কোৱার্টাৰ ফাইনেলত স্পেইনক টাইব্রেকাৰত পৰাস্ত কৰিছে মৰক্কোৱে । আহাতে, ছুইজাৰলেণ্ডক পৰাস্ত কৰি পর্তুগাল কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈছে । অহা শনিবাৰ, ১০ ডিচেম্বৰত মৰক্কো আৰু পর্তুগালে ছেমি ফাইনেলত স্থানলাভৰ বাবে পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । কাটাৰৰ আল থুমামা ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত উক্ত খেলখন অনুষ্ঠিত হ'ব ।

চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত শনিবাৰে মুখামুখি হ'ব ইংলেণ্ড আৰু ফ্রান্স (England vs France quarter final match) । প্রি-কোৱার্টাৰ ফাইনেলত ইংলেণ্ডে ছেনেগালক আৰু ফ্রান্সে পোলেণ্ডক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে । কাটাৰৰ আল বায়েট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :FIFA World Cup 2022: পৰ্তুগালৰ বিজয়ৰ নায়ক হৈ পৰিল নৱাগত গ’নচেলো ৰামোছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.