ETV Bharat / entertainment

Vicky Kaushal instagram: বিকীক ‘এনে ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈ কাতৰ অনুৰোধ কেটৰিণাৰ

author img

By

Published : Dec 7, 2022, 5:45 PM IST

বিকী কৌশলে তেওঁৰ আহিবলগীয়া ছবি গোবিন্দা নাম মেৰাৰ তৃতীয়টো গান Kyaa Baat Haii 2.0 ত নৃত্য কৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টো শ্বেয়াৰ কৰি বিকীয়ে লিখিছে যে পত্নী কেটৰিণা কাইফে 'তেওঁক এনে ধৰণৰ ক্লিপ ছ’চিয়েল মিডিয়াত পোষ্ট নকৰিবলৈ অনুৰোধ জনাইছে' ৷

Katrina Kaif
বিকীক ‘এনে ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈ কাতৰ অনুৰোধ কেটৰিণাৰ

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : বিকী কৌশলৰ ছ’চিয়েল মিডিয়া পোষ্টক লৈ চিন্তিত পত্নী কেটৰিণা কাইফৰ ৷ বিকীক সকলো ধৰণৰ ভিডিঅ’ পোষ্ট নকৰিবলৈ অনুৰোধ জনাইছে কেটৰিণাই ৷ অভিনেতা তথা নেশ্যনেল ক্ৰাছ বিকী কৌশলে তেওঁৰ আগন্তুক ছবি গোবিন্দা নাম মেৰাৰ ট্ৰেক ক্যা বাত হেয় ত গ্ৰুভ কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁৰ পত্নী কেটৰিণা কাইফে তেওঁক ছ’চিয়েল মিডিয়াত এনে ক্লিপ পোষ্ট নকৰিবলৈ ‘অনুৰোধ’ জনাইছে ।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ক্লিপটোত বিকীয়ে চকী এখনত বহি গানটোৰ লগত মিলাই নানা ভংগীমাত অভিনয় কৰিছে (Vicky Kaushal instagram) ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি বিকীয়ে ইনষ্টাগ্ৰামত লিখিছে, "মোৰ পত্নীয়ে মোক এনে ভিডিঅ' আপলোড নকৰিবলৈ অনুৰোধ কৰে, কিন্তু মই একো কৰিব নোৱাৰো । আশাকৰোঁ এদিন তেওঁ ক'ব... "KYAA BAAT HAII!!!"

Kyaa Baat Haii 2.0 গোবিন্দা নাম মেৰাৰ তৃতীয়টো গীত, যিটো হাৰ্ডি সন্ধুৰ একে নামৰে ট্ৰেকটোৰ পুনঃনিৰ্মাণ সংস্কৰণ । ছবিখনৰ পৰা বানা শাৰবী আৰু বিজলী নামৰ আন দুটা গীতো মুক্তি পাইছে ।

ইয়াৰ পূৰ্বে বিকীয়ে গোবিন্দা নাম মেৰাত সকলো গীত আৰু নৃত্যৰ সৈতে "সৰ্বোত্তম বলীউড হিৰো" টেগত ফিট হোৱাৰ কথা কৈছিল । 'মই ভাবো যে মোকে ধৰি বাহিৰৰ প্ৰতিজন অভিনেতাই লীউডৰ চেট আপত নিজকে অভিনেতা হিচাপে সামগ্ৰিকভাৱে প্ৰমাণ কৰিবলৈ বাট চাই আছে আৰু অৱশ্যেই আপুনি গীত আৰু নৃত্য আৰু কমেডী কৰাৰ পিছতহে সম্পূৰ্ণ অভিনেতা হৈ পৰে", বিকীয়ে লগতে কয় ।

বিকীয়ে আৰু কয়, "মই সদায় এইটো অন্বেষণ কৰিব বিচাৰিছিলো আৰু এইটো সদায় মোৰ ভিতৰত আছিল কিন্তু মই সঠিক চিত্ৰনাট্য আৰু দলৰ সৈতে এই কামটো কৰিব বিচাৰিছিলো । মই মাত্ৰ সুখী যে মই গোবিন্দা নাম মেৰাত শশাংক খাইতানৰ সৈতে এই কামটো কৰিবলৈ পাইছো" ৷

ছবিখনত অভিনয় কৰিছে ভূমি পেডনেকাৰে । শশাংক খাইতানে পৰিচালনা কৰা এই ছবিখন 16 ডিচেম্বৰত ডিজনী+ হটষ্টাৰত প্ৰদৰ্শন কৰা হ’ব ।

লগতে পঢ়ক : Hina Khan breakup news: হিনা খানৰ সৈতে ব্ৰেকআপৰ বাতৰি উফৰাই পেলালে ৰকি জয়ছৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.