ETV Bharat / bharat

MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

author img

By

Published : Dec 7, 2022, 6:03 PM IST

দিল্লী পৌৰ নিগম চতুৰ্থবাৰলৈ দখলৰ বিজেপিৰ সপোন চাৰখাৰ ৷ আম আদমী পাৰ্টীয়ে একক সংখ্যগৰিষ্ঠতাৰে দিল্লী পৌৰ নিগমত নিজৰ আধিপত্য স্থাপন কৰে ৷ 2007 চনৰ পৰাই একেৰাহে তিনিবাৰকৈ দিল্লী পৌৰ নিগম নিজৰ দখলত ৰাখিছিল বিজেপিয়ে ৷

aam-aadmi-party-gets-absolute-majority-in-mcd
MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

নিউজ ডেস্ক. 7 ডিচেম্বৰ: আম আদমী পাৰ্টীৰ দখলত দিল্লী পৌৰ নিগম(AAP government for the first time in MCD) ৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে প্ৰথমবাৰৰ বাবে আপে দিল্লী পৌৰ নিগমত নিজৰ অধিপত্য স্থাপন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে দিল্লী পৌৰ নিগম একেৰাহে চতুৰ্থবাৰলৈ দখলৰ বিজেপিৰ সপোন চাৰখাৰ হয় ৷ তাৎপৰ্যপূৰ্ণভাৱে একেৰাহে তিনিবাৰকৈ দিল্লী পৌৰ নিগম নিজৰ দখলত ৰখা বিজেপি দলে এইবাৰ ৰাজ্যখনৰ পৌৰ নিগমৰ নিৰ্বাচনত মেজিক নম্বৰ 126 ৰ আসনৰ পৰা বহু দূৰত আছিল ৷

  • इस शानदार जीत के लिए दिल्ली की जनता का शुक्रिया और सबको बहुत-बहुत बधाई। अब हम सबको मिलकर दिल्ली को साफ़-स्वच्छ और सुंदर बनाना है। https://t.co/SFkqmrAI6i

    — Arvind Kejriwal (@ArvindKejriwal) December 7, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে দুপৰীয়া প্ৰায় 21.30 বজাত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ৷ আপে সংখ্যাগৰিষ্ঠতাৰ মেজিক নম্বৰ অতিক্ৰম কৰি 134 খন আসন দখল কৰে(Aam Aadmi Party gets absolute majority in Delhi) ৷ আনহাতে বিজেপিয়ে ১০৪ খন আসনহে দখল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে ন খনহে আসন লাভ কৰিবলৈ সক্ষম হয় ।

aam-aadmi-party-gets-absolute-majority-in-mcd
MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

কোনে লাভ কৰিলে কিমান ভোট(শতাংশ)

আম আদমী পাৰ্টি: 42.05%

বিজেপিৰ: 39.09%

কংগ্ৰেছ: 11.68%

MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

বুধবাৰে পুৱা ৮ বজাৰ পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ হৈছিল ভোটগণনা (MCD election vote counting) । ভোটগণনাৰ প্ৰাৰম্ভিক পৰ্যায়ত আপ আৰু বিজেপিৰ মাজত প্ৰৱল প্ৰতিদ্বন্দিতা হোৱাৰ আংশকা কৰা হৈছিল ৷ লাহে লাহে আপে অগ্ৰগতি লাভ কৰে আৰু দিল্লীৰ আম আদমী পাৰ্টিৰ কাৰ্যালয়ত উদযাপনৰ পৰিৱেশ আৰম্ভ হয় । আপৰ বিজয়ী প্ৰাৰ্থীসকল দলীয় কাৰ্যালয়ত উপস্থিত হ'বলৈ আৰম্ভ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, 2007 চনত কেন্দ্ৰ আৰু দিল্লীত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ আধিপত্য স্থাপন কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো 2008 চনৰ দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়ী হ'ব নোৱাৰিলে । এই সময়চোৱাত, কংগ্ৰেছৰ শীলা দীক্ষিতে অভিলেখ ৰচি তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহে । বিজেপিয়ে ২০১২ চনত পুনৰ পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হয় । অৱশ্যে, 2013 চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত পুনৰ বিজেপি দল ৰাজ্যখনত পৰাস্ত হয় ।

aam-aadmi-party-gets-absolute-majority-in-mcd
MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

অৱশ্যে, কেজৰিৱালে চৰকাৰ সেইবাৰ মাত্ৰ 49 দিনহে আছিল । ইয়াৰ পিছত, দিল্লীত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় । বিজেপিয়ে ২০১৭ চনত অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনতো জয়ী হৈছিল । এই সময়চোৱাত আপ দ্বিতীয় স্থানত আছিল । অৱশ্যে, আপে 2018 চনত দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হৈছিল ।

লগতে পঢ়ক: MCD Election results : আজি ঘোষণা হ'ব দিল্লীৰ পৌৰ নিৰ্বাচনৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.