ETV Bharat / sports

Mirabai Chanu wins silver: ৰূপৰ পদকেৰে বিজয় অক্ষুণ্ণ ৰাখিলে অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে

author img

By

Published : Dec 7, 2022, 5:13 PM IST

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২২ ত ৰূপৰ পদক অৰ্জন কৰিছে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈ মীৰাবাঈ চানুৱে (Mirabai sanu win silver medal in World Weightlifting Championships 2022)

Mirabai sanu win silver medal in World Weightlifting Championships 2022
Mirabai Chanu wins silver medal at World Championships: ৰূপৰ পদকেৰে বিজয় অক্ষুণ্ণ ৰাখিলে অলিম্পিক পদক বিজয়ী মিৰাবাই চানুৱে

স্পৰ্টছ ডেস্ক, 7 ডিচেম্বৰ: ভাৰতীয়সকলৰ বাবে সুখবৰ ৷ মীৰাবাঈ চানুৱে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ ৷ কলম্বিয়াৰ বগোটাত অনুষ্ঠিত হোৱা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২২ ত ৰূপৰ পদক অৰ্জন কৰিছে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈ মীৰাবাঈ চানুৱে (Mirabai sanu win silver medal in World Weightlifting Championships 2022)। মীৰাবাঈয়ে মুঠ ২০০ কেজি (৮৭ কেজি স্নেচ + ১১৩ কেজি ক্লিন এণ্ড জাৰ্ক) ভাৰোত্তোলন বহণ কৰি চেম্পিয়নশ্বিপটোত জয়লাভ কৰে । মীৰাবাঈ চানুৱে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে চীনৰ হৌ জিহুয়া (১৯৮ কেজি(World Weightlifting Championships 2022 winner)।

হাতৰ আঘাতৰ বাবে অলিম্পিক পদক বিজয়ী গৰাকীয়ে ভাৰোত্তোলন কৰাৰ সময়ত সমস্যাত ভোগা পৰিলক্ষিত হৈছিল ৷ দ্বিতীয়বাৰৰ বাবে ক্লিন এণ্ড জাৰ্ক প্ৰচেষ্টাত অভাৰহেড লিফ্টৰ সময়ত মীৰাবায়ে তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল যদিও প্ৰখৰ মনোবলৰ বাবে সৰ্বোৎকৃষ্ট ১১৩ কিলোগ্ৰাম তুলিবলৈ সক্ষম হৈছিল মীৰাবাঈ চানুৱে(Mirabai Chanu wins silver medal at World Championships) । স্নেচ ইভেণ্টত ৮৭ কেজিৰ শ্ৰেষ্ঠ প্ৰচেষ্টা আগবঢ়াইছিল মীৰাবাঈ চানুৱে । ক্লিন এণ্ড জাৰ্ক শাখাত ১১৩ কেজিৰ প্ৰচেষ্টাৰে ৰূপৰ পদক অৰ্জন কৰে মীৰাবায়ে (Mirabai sanu in World Weightlifting Championships 2022)।

এইটোৱেই আছিল মীৰাবায়ে লাভ কৰা দ্বিতীয়টো আন্তৰ্জাতিক পদক । ইয়াৰ পূৰ্বে ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ১৯৪ কেজি (৮৫ কেজি প্লাছ ১০৯ কেজি) ওজন তুলি সোণৰ পদক লাভ কৰিছিল মীৰাবায়ে ৷ ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত চতুৰ্থ স্থান লাভ কৰিছিল চানুয়ে(Mirabai Sanu wins silver medal) ।

স্নেচত ৯৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৮ কিলোগ্ৰাম ভাৰাত্তোলন বহণ কৰি অলিম্পিক চেম্পিয়ন গৰাকীয়ে ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছিল ৷ উল্লেখ্য যে ,মীৰাবায়ে ব্যক্তিগত শাখাত ১১৯ কিলোগ্ৰামৰ বিশ্ব অভিলেখ ইতিমধ্যে গঢ়ি তুলিছে ।

পেৰিছ অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক ব্যৱস্থা অনুসৰি এজন ভাৰোত্তোলকে দুটা বাধ্যতামূলক ইভেণ্টত অংশগ্ৰহণ কৰিব লাগিব – ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু ২০২৪ চনৰ বিশ্বকাপ । ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপত টকিঅ’ গেমছত ভাৰোত্তোলন ইভেণ্ট ১৪ৰ পৰা ১০লৈ হ্ৰাস কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক: MCD election results 2022 : আপৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.