ETV Bharat / bharat

AAP Win MCD : কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদৰ প্ৰয়োজন: কেজৰিৱাল

author img

By

Published : Dec 7, 2022, 5:07 PM IST

অৰবিন্দ কেজৰিৱালে আপ, বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় দলৰ সকলো বিজয়ীক অভিনন্দন জনাই কয় যে তেওঁলোক সকলোৱে একেলগে কাম কৰিব লাগিব (AAP Win MCD) । আপপন্থী আৰু কেজৰিৱালপন্থী শ্লোগানৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, "মইতো সকলোকে ভালপাওঁ (Kejriwal congratulated all winners of MCD) ।"

Kejri
Kejri

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে (Aam Aadmi Party Chief Arvind Kejriwal) বুধবাৰে দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনত দলটোৰ বৃহৎ বিজয়ৰ বাবে দিল্লীৰ জনসাধাৰণক অভিনন্দন জনাইছে (Delhi CM Arvind Kejriwal congratulated Delhi) । উল্লেখ্য, এই বিজয়ৰ জৰিয়তে বিজেপিক উৎখাত কৰি নগৰ নিগমত ইয়াৰ ১৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটাইছে ।

মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে (AAP national convenor Kejriwal) কয়, "এই জয়ৰ বাবে মই দিল্লীৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ আৰু পৰিৱৰ্তন অনাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ ।" "মানুহৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিম, দলবোৰক দিল্লীৰ উন্নতিৰ বাবে একত্ৰিত হ'বলৈ আহ্বান জনাম ।" তেওঁ লগতে কয় ।

উল্লেখ্য, শেহতীয়া সংখ্যা অনুসৰি, আপে ২৫০ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতা সংখ্যা ১৩৪ খনতকৈ ৮ খন আসন অধিক লাভ কৰিছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) ভাবমূৰ্তিৰে প্ৰচাৰ চলাই থকা বিজেপিয়ে ১০৪ খন আসনত জয়লাভ কৰিছে, যিটো ১৫ বছৰৰ নিৰন্তৰ শাসনৰ পিছত খুব এটা বেয়া প্ৰদৰ্শন নহয় বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত (Municipal Corporation of Delhi polls 2022) ।

কেজৰিৱালে কয়, "আমি দিল্লীৰ অৱস্থা উন্নত কৰিব লাগিব । তাৰ বাবে বিজেপি, কংগ্ৰেছৰ সহযোগিতাৰ প্ৰয়োজন । লগতে কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদৰ প্ৰয়োজন ।" তেওঁ নগৰ নিগমৰ বাবে আপৰ ওপৰত বিশ্বাস ৰখাৰ বাবে দিল্লীৰ জনসাধাৰণক ধন্যবাদ জনাই এনেদৰে কয় । "দিল্লীৰ ৰাইজে এতিয়া মোক দিল্লী পৰিষ্কাৰ কৰা, দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পোৱা আৰু উদ্যানসমূহৰ যত্ন লোৱাৰ দায়িত্ব দিছে । মই দায়িত্ব পালন কৰাটো নিশ্চিত কৰিবলৈ দিন-ৰাতি এক কৰি কাম কৰিম ।" তেওঁ লগতে কয় (AAP Win MCD) ।

তেওঁ আপ, বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় দলৰ সকলো বিজয়ীক অভিনন্দন জনায় আৰু কয় যে তেওঁলোক সকলোৱে একেলগে কাম কৰিব লাগিব । আপপন্থী আৰু কেজৰিৱালপন্থী শ্লোগানৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "মই সকলোকে ভালপাওঁ ।"

"আমি ৰাজনীতিক আঁতৰাই ৰাখি দিল্লীখন ঠিক কৰিব লাগিব । আমি সকলোৱে মিলি । আমি দিল্লীক ঠিক কৰিব লাগিব আৰু দলীয় ৰাজনীতিক আঁতৰাই ৰাখিব লাগিব । মই সকলো পক্ষৰ পৰা সম্পূৰ্ণ সমৰ্থন আশা কৰোঁ । যিসকলে আমাক ভোট দিছিল, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ । আৰু যিসকলে নিদিলে, মই প্ৰতিশ্ৰুতি দিছোঁ যে আমি প্ৰথমে আপোনালোকৰ কামবোৰ গ্ৰহণ কৰিম ।" তেওঁ কয় ।

উল্লেখ্য, কেজৰিৱালে বিজেপিক স্পষ্টভাৱে সমালোচনা কৰাৰ সময়ত 'ইতিবাচক ৰাজনীতি' কৰিবলৈ আহ্বান জনাইছিল । তেওঁ কয়, "গুণ্ডামিৰ ৰাজনীতিয়ে এই দেশখনৰ বিকাশ নকৰিব ।" ইফালে উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই আপৰ জয়ৰ বাবে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰি কয়, "বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ নেতিবাচক" দলটো পৰাজিত হৈছে । উল্লেখযোগ্য যে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগতে অন্যান্য শীৰ্ষ আপ নেতাসকলো বিজয় উদযাপনত উপস্থিত থাকে ।

লগতে পঢ়ক :Farooq Abdullah Controversy : ফাৰুক আব্দুল্লাৰ পুত্তলিকা দাহ বজৰং দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.