ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 17, 2022, 5:01 PM IST

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Nitin Gadkari falls sick: মঞ্চতে হঠাৎ অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

বৃহস্পতিবাৰে শিলিগুৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী হঠাতে মঞ্চত অসুস্থ হৈ পৰে (Nitin Gadkari falls sick) । তেওঁৰ তেজত চেনিৰ পেৰামিটাৰ হঠাতে কমি যোৱাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসুস্থ হৈ পৰে । চিকিৎসকে তেওঁক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰে ।

Kangana Ranaut in Assam: বোকাখাতত আৰম্ভ কংগনা ৰানাৱতৰ ইমাৰজেঞ্চীৰ ছুটিং

বলিউডৰ ৰথী-মহাৰথীৰে ভৰি পৰিছে এতিয়া অসম ৷ জানিব পৰা মতে, ইতিমধ্যে বোকাখাতৰ এখন ভিতৰুৱা গাঁৱত ইমাৰজেঞ্চীৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছে (Kangana Ranaut began Emergency Shooting in Assam) ৷ ইতিমধ্যে বোকাখাতৰ নিকৰিঘাটত আহি পাইছে কংগনা আৰু অন্যান্য কলা-কুশলীৰ ভেনিটি ভেন ৷ ব্যস্ত এতিয়া কংগনাৰ টীম ৷

Punjabi actress Daljit Kaur:বিখ্যাত পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে

পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে ৷

Bharat Jodo Yatra: কংগ্ৰেছৰ পদযাত্ৰাই কঁপালে মহানগৰীৰ ৰাজপথ

ভাৰত জড়ো যাত্ৰাৰ মূল লক্ষ্য হৈছে গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বান আৰু বিশুদ্ধ খোৱা পানী আদি সমস্যাৰ বিষয়ে চৰকাৰক দৃষ্টি গোচৰ কৰা আৰু সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা খেদি পঠিওৱা ৷ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰি এই বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Assam edition of Bharat Jodo Yatra) ৷

Madrassa teacher arrested: জেহাদৰ পাঠ পঢ়োৱাৰ অভিযোগত মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ

কাছাৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ৷ মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু অভিভাৱকৰ ৷ মাদ্ৰাছাত জেহাদৰ পাঠ পঢ়োৱাৰ ভংয়কৰ অভিযোগ মাদ্ৰাছা শিক্ষকজনৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিলে শিক্ষকজনক (Madrasa teacher arrested) ৷

Crime in Guwahati: মুখা পিন্ধি চোৰে লুটিলে ১২ লাখ টকাৰ চুপাৰি

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড (Theft in Guwahati)। ক্ষেত্ৰী ৰে'লৱে ষ্টেচনৰ সমীপৰ তনয় কুমাৰ দাস নামৰ ব্যৱসায়জনৰ গুদামত বুধবাৰে পুৱতি নিশা এই চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Robbery took place in Khetri area)। পুৱতি নিশা মুখাধাৰী চোৰে গুদামত প্ৰৱেশ কৰি ১২ লাখ টকা মূল্যৰ চুপাৰি চুৰি কৰে ।

Hagrama BJP join controversy : হাগ্ৰামাৰ ওপৰত বিশ্বাস আছে প্ৰমীলাৰ..!

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজেপি দলত যোগদান কৰিব বুলি ৰাজ্যৰ ৰাজনীতিত এক চৰ্চা চলিছে (Hagrama BJP join controversy)। তাৰ মাজতে প্ৰমীলা ৰাণী ব্ৰহ্মই দাবী কৰে যে হাগ্ৰামা বিপিএফতে থাকিব । ৰাইজৰ উন্নয়নৰ স্বাৰ্থত হে হাগ্ৰামাই বিজেপি আৰু আৰএছএছ নেতাক যোগাযোগ কৰিছে ।

Irrigation Project Jonai : জোনাইত জলসিঞ্চন আঁচনিৰ শ্মশানযাত্ৰা

জোনাইত জলসিঞ্চন আঁচনিৰ শ্মশানযাত্ৰা (cremation procession of Irrigation scheme in Jonai) । ভূত বাংলালৈ পৰ্যবসিত হৈছে জোনাইৰ জলসিঞ্চন প্ৰকল্প । জোনাই মহকুমাত সকলোবোৰ জলসিঞ্চন আচঁনি মাথোঁ নামতহে আছে, কামত হ'লে একো নাই ৷ কৃষিপ্ৰধান জোনাই মহকুমাৰ ৰাইজক পানী যোগান ধৰিবলৈ স্থাপন কৰা এই আচঁনিসমূহ ঘন জংঘলেৰে আৱৰি ধৰাত বৰ্তমান এৰাবাৰীত পৰিণত হৈছে (Jonai Irrigation scheme poor condition) ৷

AAPLA Militants surrendered: আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষসহ ৯ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী চমুকৈ আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষ, এৰিয়া কমাণ্ডাৰ সহ ৯ দুধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণ (AAPLA Militants surrendered at khotkhoti) ৷

Assam youth trapped in Kolkata: কৰ্মসংস্থাপনৰ বাবে গৈ কলকাতাত আৱদ্ধ অসমৰ 40 জনীয়া যুৱকৰ দল

এইবাৰ কলকতাৰ এটা প্ৰতিষ্ঠানত কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা লৈ যোৱা 40 জনীয়া যুৱকৰ দল এটা চহৰখনত আৱদ্ধ হৈ থকাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (4o Assam youth trapped in Kolkata)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.