Bharat Jodo Yatra: কংগ্ৰেছৰ পদযাত্ৰাই কঁপালে মহানগৰীৰ ৰাজপথ

author img

By

Published : Nov 17, 2022, 4:07 PM IST

APCC Bharat Jodo Yatra in Guwahati

ভাৰত জড়ো যাত্ৰাৰ মূল লক্ষ্য হৈছে গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বান আৰু বিশুদ্ধ খোৱা পানী আদি সমস্যাৰ বিষয়ে চৰকাৰক দৃষ্টি গোচৰ কৰা আৰু সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা খেদি পঠিওৱা ৷ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰি এই বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Assam edition of Bharat Jodo Yatra) ৷

গুৱাহাটী, 17 নৱেম্বৰ: গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা পদযাত্ৰাই মহাগৰীৰ ৰাজপথ কপাই তোলে (Assam edition of Bharat Jodo Yatra in Guwahati) । ভাৰত জড়ো যাত্ৰাৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা ভাৰত জড়ো যাত্ৰা বৃহস্পতিবাৰে গুৱাহাটীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা হয় । নৃত্য প্ৰদৰ্শন আৰু বিভিন্ন শ্লোগানেৰে কংগ্ৰেছৰ পদযাত্ৰাই গুৱাহাটীৰ মাজমজিয়াত এক অন্য মাত্ৰা লাভ কৰে ।

মহানগৰীৰ মাজমজিয়াৰে এই পদযাত্ৰা চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত সম্পন্ন কৰা হয় । কাইলৈ পুনৰ এই পদযাত্ৰা গুৱাহাটীৰ বোন্দা হৈ উজনি অসমলৈ যাত্ৰা কৰিব । এই পদযাত্ৰাত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী, মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ছিকিমৰ কংগ্ৰেছৰ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ তথা অসমৰ কেইবাগৰাকী সাংসদ আৰু বহু বিধায়ক তথা দলীয় নেতাই অংশগ্ৰহণ কৰে ।

কংগ্ৰেছৰ পদযাত্ৰাই কপায় তুলিলে মহানগৰীৰ ৰাজপথ

মন কৰিবলগীয়া ৰাইজৰ দলে এই পদযাত্ৰাত সমৰ্থন জনায় । গুৱাহাটীৰ এই পদযাত্ৰাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু ধৈৰ্য্য কোৱৰে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে ১৪ নৱেম্বৰত বিয়লি কামৰূপ (গ্ৰাম্য) জিলাত পদযাত্ৰাৰ কাৰ্যসূচী সমাপ্ত হৈছিল আৰু ছয় জনগোষ্ঠীৰ ‘অসম বন্ধ’ৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ১৫ নৱেম্বৰত পদযাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছিল । ১৬ নৱেম্বৰত কামৰূপৰ শিঙিমাৰিৰ পৰা পদযাত্ৰা আৰম্ভ কৰা হৈছিল । আকৌ আমিনগাঁৱৰ ৰাজীৱ ভৱনত সম্পন্ন হৈছিল ।

এই পদযাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰি কয় যে ভাৰত জড়ো যাত্ৰাৰ মূল লক্ষ্য হৈছে গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বান আৰু বিশুদ্ধ খোৱা পানী আদি সমস্যাৰ বিষয়ে চৰকাৰক দৃষ্টি গোচৰ কৰা আৰু সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা খেদি পঠিওৱা৷

উল্লেখ্য যে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা ১ নৱেম্বৰত ধুবুৰীৰ গোলকগঞ্জত আৰম্ভ কৰা পদযাত্ৰাই ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ (গ্ৰাম্য) জিলা অতিক্ৰম কৰিছে আৰু বিগত ১৫ দিনত প্ৰায় ১৬০ কিল’মিটাৰ বাট পদযাত্ৰা অতিক্ৰম কৰিছে ।

এই যাত্ৰাত প্ৰতিদিনে বৰাৰ সৈতে ১২০ জনীয়া এটা স্থায়ী পদযাত্ৰীৰ দলে যাত্ৰা কৰিছে আৰু প্ৰায় প্ৰতিদিনে গৌৰৱ গগৈ, আব্দুল খালেক, প্ৰদ্যুত বৰদলৈ, দেৱব্ৰত শ‍ইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, দীপ বায়ন, ৰামান্না বৰুৱা, বিভিন্ন সমষ্টিৰ বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, বিভিন্ন জিলা কংগ্ৰেছৰ নেতৃত্ব আৰু কৰ্মকৰ্তা, দলৰ বিভিন্ন বিভাগ আৰু কোষৰ মুৰব্বীসকল, ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব তথা সদস্য-সদস্যাসকলে অংশগ্ৰহণ কৰিছে ।

কাইলৈ কামৰূপ (মেট্ৰ’) জিলাত আৰম্ভ হ’বলগীয়া এই “ভাৰত জোড়ো যাত্ৰা-অসম”এ পর্যায়ক্ৰমে মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় হৈ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিব আৰু শদিয়াত এই যাত্ৰাৰ সামৰণি মাৰিব ।

লগতে পঢ়ক: Bhupen Borah challenge to CM: সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ পৰা ভূপেন বৰাৰ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.