Punjabi actress Daljit Kaur:বিখ্যাত পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে

author img

By

Published : Nov 17, 2022, 4:05 PM IST

Daljit Kaur

পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে ৷

চিটাৰা ডেস্ক, 17 নৱেম্বৰ : পাঞ্জাৱী মনোৰঞ্জন জগতৰ পৰা আহিছে এটি বেয়া খবৰ ৷ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ (Daljit Kaur Khangura death)। এসময়ত দলজিৎ কৌৰ পাঞ্জাৱী চলচ্চিত্ৰ জগতত জিলিকি আছিল । বহুকেইখন হিট পাঞ্জাৱী ছবিতো অভিনয় কৰিছে তেওঁ । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল 69 বছৰীয়া দলজিৎ কৌৰ ।

দলজিৎ কৌৰে 10 খনতকৈও অধিক হিন্দী আৰু 70 খনতকৈয়ো অধিক পাঞ্জাৱী ছবিত অভিনয় কৰিছে । দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দলজিৎ কৌৰে পুনে ফিল্ম ইনষ্টিটিউটত অভিনয় জীৱনৰ পাতনি মেলে । 1976 চনত তেওঁৰ প্ৰথমখন ছবি দাজ মুক্তি পাইছিল ।

চুপাৰহিট পাঞ্জাৱী ছবি পুট জত্তন দে, মাৰাম গুলা হে, কি বনুন বিষাদ দা, সৰ্পঞ্চ আৰু পাটোলাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে । পথ দুৰ্ঘটনাত স্বামী হৰমিন্দৰ সিং দেউলৰ মৃত্যুৰ পিছত তেওঁ অভিনয় বন্ধ কৰি দিয়ে । তেওঁলোকৰ কোনো সন্তান নাছিল । 2001 চনত পুনৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰি মাতৃ আৰু বয়সৰ লগত খাপ খোৱা অন্যান্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে তেওঁ । পাঞ্জাৱী ছবি সিং ভাম কৌৰত জিপি গ্ৰেৱালৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ ।

দলজিৎ কৌৰ কাবাডী আৰু হকীৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছিল । যোৱা কেইবছৰমানৰ পৰা তেওঁ তীব্ৰ মানসিক ৰোগত ভূগি আছিল । অতীতৰ বিষয়ে একো মনত নাছিল তেওঁৰ । বিগত কেইদিনমানত শাৰিৰীকভাৱে বহু দুৰ্বল হৈ পৰিছিল (Punjabi actor Daljit Kaur death reason) ৷ বৃহস্পতিবাৰে পৰলোক প্ৰাপ্তি ঘটে তেওঁৰ ।

দলজিত কৌৰৰ পৰিয়ালটো লুধিয়ানাৰ আছিল যদিও তেওঁলোকৰ ব্যৱসায় আছিল পশ্চিম বংগত । 1953 চনত শিলিগুৰিত জন্মগ্ৰহণ কৰিছিল দলজিৎ কৌৰে । বিগত 12 বছৰ ধৰি কাচবা গুৰুচাৰ সমথাৰ বজাৰত সম্পৰ্কীয় ভাই হৰজিন্দৰ সিং খানগুৰাৰ সৈতে বাস কৰি আছিল তেওঁ ।

লগতে পঢ়ক : Qala trailer launch: পিতৃৰ কৰ্মৰাজিৰে কাম কৰি যোৱাৰ ইচ্ছা বাবিল খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.